মোৰ জীৱনৰ সাৰাংশ..!
তেন্তে মই শুনাম তেওঁক অপেক্ষাৰ অবিৰাম চিয়াহীৰে লিখা
মোৰ জীৱনৰ দীঘলীয়া কাব্যাংশ ।।
অপেক্ষা ! কেতিয়াবা কোনো ভাললগা মূহুৰ্ত
চিৰদিনৰ বাবে ৰখি যোৱাৰ।
অপেক্ষা ! কেতিয়াবা কোনো প্ৰিয়জনৰ
উভতি অহাৰ।।
অপেক্ষা ! কেতিয়াবা কোনো আধৰুৱা সপোনৰ
সফলতা পোৱাৰ।
অপেক্ষা ! কেতিয়াবা কোনো অপূৰ্ণ আশা
পূৰণ হোৱাৰ।।
অপেক্ষা ! কেতিয়াবা কিছু নোকোৱাকৈ থকা
কথাবোৰ কাৰোবাক নিৰৱে কব পৰাৰ।
অপেক্ষা ! কাহানিৰে ৰচা এটি আধৰুৱা কাহিনীৰ
বিচ্ছেদ শব্দবোৰ বিচাৰি পোৱাৰ।।
অপেক্ষা ! হৃদয় নামৰ উকা কাগজত
কোনোবাই পলাশী পৰস সনাৰ।
সেই পলাশৰ সৈতে সখী পাতি,,
জীৱনৰ পলাশী কবিতা ৰচাৰ।।
অপেক্ষা ! আলসুৱা সপোনবোৰেৰে ৰচা,,
সেই বিশেষ কবিতাৰ কবি হোৱাৰ।।
✍🏻 সীমা ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ