শীতকালৰ অগ্নিশিখা•জোণমনি ৰয়

©Admin
0
আমাৰ চোতালৰ শীতৰ সেমেকা ৰাতিৰ সেই অগ্নিশিখা,
যি নেকি আছে তিৰবিৰাই 
এজনী নাচনিৰ দৰে নাচি নাচি।

যাৰ চাৰিওকাষে থাকো দৰ্শকৰ ৰূপত আমিবোৰ ,
সেই অগ্নিশিখাক উপভোগ কৰি।

যি অগ্নিশিখাই দিয়ে আমাক,
এক বিশেষ মনোৰঞ্জন।
যি মনোৰঞ্জনত থাকে 
নানান ধৰনৰ কথাৰ মেল।
য'ত নেকি থাকে সুখ-দুখ,
হাহি-কান্দোনৰ লগতে আৰু ক'ত যে কি‌ কথা ।
  
এনেদৰেই কথাৰ মেলবোৰ আছে দপদপকৈ উঠি।
অগ্নিশিখাইও আছে যেন দপদপকৈ উঠি ।

  ✍️জোনমণি ৰয় 
  ঘৰ -তিত্কা তাজে, পাঠশালা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)