ভদ্ৰতাৰ মুখা•নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
সি সদায় দেখি থকা সমাজখনৰ এটা চৰিত্ৰ এইমাত্ৰ তাৰ মনলৈ আহিছিল । আজি ৰাতিপুৱাই সি প্ৰফুল্ল নামৰ লোকজনক দেখা পালে । ৰংমনে তেওঁক দেখা পোৱাৰ লগে লগেই ভণ্ড পুৰুষ জনাৰ অতীতলৈ মনত পৰি গৈছিল ।  ঘৰত ল'ৰা ছোৱালী পৰিবাৰ থকাৰ পিছতো জীয়েকক বিয়া দিয়াৰ পিছতো অন্য মহিলাৰ লগত শাৰীৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰোঁতে নিজৰ পৰিবাৰে হাতে লুটে ধৰা পেলায় । তাৰ পিছত নিজৰ ল'ৰা ছোৱালী আৰু পৰিবাৰে খেদি পঠিয়ায় । 

বহু দিনৰ মূৰত ঘৰলৈ উভতি আহিছিল । এইবাৰ আহি তেওঁ ভকত হ'ল । মানে বগলী ভকত । বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি । বাহিৰত ভগৱানৰ প্ৰতি অটুট ভক্তি কিন্তু ভিতৰি জীয়ৰী বোৱাৰীৰ প্ৰতি আসক্তি । এইবাৰ শিৱভক্ত হৈ বোকাজান অঞ্চলত অৱস্থিত এটা শিৱ মন্দিৰত আশ্ৰয় ল'লে গৈ । মাহেকে পষেকে ঘৰলৈ উভতি আহে । কেইবছৰমান তেনেদৰেই পাৰ হ'ল । তাৰ পিছত ঘৰতে নিগাজিকৈ থিতাপি লয় । বেলতলতে এটি শিৱমন্দিৰ স্থাপন কৰি নাম ল'বলৈ ধৰে ।  গাঁৱৰ নামঘৰলৈ এতিয়া সঘনে অহা যোৱা কৰে । 

এইবাৰ আকৌ কেলেংকাৰী ওলাল এগৰাকী বোৱাৰীৰ লগত । বোৱাৰী লাভাৰ বোলা এই পুৰুষজনাই বোৱাৰী গৰাকীৰ ঘৰলৈ সঘনাই অহা যোৱা কৰিবলৈ আৰম্ভ কৰিছিল । এদিন ঘৈণীয়েকৰ সন্দেহ হোৱাত মনে মনে তেওঁৰ পিছ লয় আৰু বোৱাৰী গৰাকীৰ ঘৰলৈ সোমাই যোৱা লক্ষ্য কৰে । তাৰ পিছত লাগি গ'ল হুলস্থুল । ঘৈণীয়েকৰ সন্দেহ অমূলক নহয় । গাঁৱৰ কেইবাজনো ডেকা বুঢ়া আৰু ওচৰ চুবুৰীয়া সকল আহি নোপোৱালৈকে শিৱভক্তক তাতে আবদ্ধ কৰি ৰখা হয় । 

অৱশেষত গাঁৱৰ নামঘৰত বিচাৰ চলিল । দুয়োগৰাকীৰ এই অপকৰ্মৰ শাস্তি স্বৰূপে বামুণ মাতি আনি প্ৰায়চিত্ত ( পৰাচিত ) কৰি গাঁৱৰ ৰাইজক নাম পাতি ভোজ ভাত খোৱাব লগা হয় । গাঁৱৰ ভকতে উদ্ধাৰ কৰি শুদ্ধিকৰণ কৰি ল'লে । এতিয়া আকৌ ৰামতাল কোবাই নাম প্ৰসংগ কৰা ভকত হ'ল । নামঘৰত আগ বন কৰিবলৈ ল'লে । সন্ধিয়া বন্তি গছি বছৰ ধৰি তেওঁৰ হাতেৰেই জ্বলাবলৈ ল'লে । অদ্যাপি ঘৰখনত অকলশৰীয়া হৈ পৰিছিল । নিজে ৰন্ধা বঢ়া কৰি খাব লগা হ'ল । নিজৰ ঘৈণীয়েক , ল'ৰা ছোৱালী , বোৱাৰী , নাতি সকলো থাকিও অকলশৰীয়া হৈ পৰিছিল । এয়াই হয়তো ভণ্ড ভকতৰ চৰিত্ৰ । নিজৰ মনটোকে চম্ভালিব নোৱাৰে আকৌ আনক ভক্তিমাৰ্গ দেখুৱাবলৈ যায় । এনে ভণ্ড ভকতৰ এইখন সমাজত সীমা সংখ্যা নাই ।

◾নবীন চন্দ্ৰ মেধি 
গোলাঘাট । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)