কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো যোৱাকালি ৩১ ডিচেম্বৰ বুলি সি আৰু লগৰ কেইজনমান বন্ধুৰ সতে লগলাগি ধনশিৰি নৈৰ পাৰত বালিভাত ( বনভোজ ) খাবলৈ বুলি আয়োজন কৰিছিল । একে অঞ্চলৰ চাৰিজন বন্ধু আৰু তাৰে এজনৰ লগত কাৰ্বি আংলং জিলাৰ পৰা চাৰিজন সহকৰ্মী বন্ধু আমন্ত্ৰণ কৰি আনিছিল । মুঠতে আঠজন সতীৰ্থ বন্ধু লগ লাগি বনভোজৰ আয়োজন কৰিছিল । ফোনযোগে সকলো আয়োজন সম্পূৰ্ণ হৈ উঠাৰ পিছত পিছদিনাখন পুৱাই নিজৰ নিজৰ বাইক লৈ ধনশিৰি নৈৰ পাৰত লগলাগি বনভোজ ক'ত আয়োজন কৰা হ'ব তাকে ঠিকঠাক কৰাত লাগি গ'ল । স্থানীয় বন্ধু চাৰিওজনে হাঁহৰ পৰা খৰিলৈকে সকলো যোগাৰ কৰি লৈ গৈছিলো ।
সাধাৰণতে সিহঁতৰ আয়োজন স্থলী নৈৰ পাৰত অলপ গছ গছনি থকা ঠাইত আৰু চাফ চিকুণ পৰিবেশত ঠিক কৰাৰ সিদ্ধান্ত কৰি নৈৰ পাৰে পাৰে কিছুদূৰ বাইক চলাই আগবাঢ়ি গ'ল । গৈ গৈ এডোখৰ নৈৰ বালিপৰা ঠাইত ৰ'ল গৈ । অৱশ্যে গছ গছনি কম আছিল । ওচৰতে থকা গছৰ ডাল কেইটামান ভাঙি আনি বালিতে গোজ পুতি অলপ ছাঁ কৰি লৈছিল । তাৰ পিছত বাইকৰ পৰা বস্তুবোৰ নমাই আনি ৰন্ধা মেলা কৰিবলৈ ধৰিলে । এজনে কোমোৰা আলু গুটি বিলাহী ধনীয়া পিয়াঁজ আদি চাফ চিকুণ কৰি কটাত লাগিল । আনজনে পানী আনি ধুই কৰি ৰান্ধিবলৈ সাজু হ'ল ।
সি নিজেই আগবাঢ়ি গৈ চৌকা খান্দিবলৈ আৰম্ভ কৰিলে । অংক মাষ্টৰে ৰন্ধা বঢ়া কৰিবলৈ আগবাঢ়ি আহিল । প্ৰথমতে হাঁহৰ মাংসৰ তৰকাৰীখন কৰো বুলি সিদ্ধান্ত ল'লে সিহঁতে । এনেতে প্ৰফেছাৰে " ৰহ ৰহ , হংস মংস হামি ৰান্ধব ( হাঁহ মাংস মই ৰান্ধিম ) বুলি আগবাঢ়ি আহিল । মাংস হয় মানে বন্ধুবৰ্গ লগ লাগি কিবা এটা কৰা যাওক নেকি বুলি অকণমান জলপানৰ আয়োজন কৰিছিল ।
তাৰ পিছত প্লাষ্টিকৰ গিলাচকেইটা ওপৰলৈ দাঙি লৈ মুখেৰে ইংৰাজী শব্দটো উচ্চাৰণ কৰি ডিঙিত বাকি দিছিল । মাজে মাজে চানা চোবাইছিল ।
: আহ আহ আমি কেইটাই অলপ পাত লুটিয়াও ।
থাপাদাই ক'লে । তাছপাত এযোৰা লগতে লৈ আহিছিল । ৰন্ধন প্ৰকৰণ চলি থাকিল । তাৰ মাজে মাজে মোবাইলত গান বাজিছিল । মনৰ উৎসাহ বৃদ্ধি পাই আহিছিল । তাৰ মাজে মাজে চেহ , ব্লাইণ্ড , চিন , ফ্লাচ , ৰাণ , জোট আদি কিছুমান শব্দ উফৰি আহিছিল ।
: ঐ জুই চা , জুই চা ।
খেলৰ ব্যস্ততাৰ মাজতো হাঁহ মাংসৰ তৰকাৰীখনৰ কথা পাহৰি যোৱা নাছিল । মাজে মাজে সি গৈ খৰি সোমোৱাই দিছে ।
: ঐ হেতাখনেৰে অলপ মাংস খিনি লৰচৰ কৰি দে । নহ'লে কেৰাহীত লাগি ধৰিব ।
সি হেতাখনেৰে ভাজি খিনি লৰচৰ কৰি দিলে । তাৰ পিছত কোমোৰা আৰু আলু গুটি খিনি কেৰাহীত দি আকৌ তল ওপৰ কৰি দিলে । কিছুসময়ৰ পিছতে অলপমান পানী ঢালি দি আদা হালধি মছলা ধনীয়া পিয়াঁজ আদি দি জুই দি থাকিল ।
: ঐ মাংস হ'ল যদি অলপ লৈ আহ । চাটনা কমি গৈছে ।
ফৰমাইছ মাষ্টৰে ফৰমাইছ কৰি কৰি তাছপাত খেলি খেলি মাংস ৰান্ধি খোৱাব আৰু । ইতিমধ্যে মাংস হৈছিল । কেৰাহীতো নমাই থৈ অলপমান মাংস চাকি খাবলৈ দিলে । তাৰ পিছত ভাতৰ চৰু বহালে । এইবাৰ অংক মাষ্টৰে ৰন্ধা বঢ়া কৰিবলৈ ধৰিলে । সি আহি বহিলহি । মাংস এটোকোৰা লৈ চোবাই চালে । বঢ়িয়া হৈছে । ৰাতিপুৱা একো নোখোৱাক আহিছিল । গতিকে পেটটো কাওবাও কৰি উঠিছিল । পেটটোৱে অলপ আৰাম পাওক বুলি মাংসৰ সতে পানী এগিলাছকে খাই দিলে ।
ভাত খাবলৈ হয় মানে পাৰ্টিৰ ষোল্ল অনা শেষ হৈছিল । আকৌ ভাগ যোগ কৰিব লগা হৈছিল । এজনক একলিটাৰৰ পানী বটল কেইটামান আনিবলৈ পঠিয়াই দিলে । সি আহি পায় মানে ভাত হৈছিল । আলু গুটি পিটিকাৰ লগতে বিলাহী পোৰা জলকীয়া পিয়াঁজ আদা ধনীয়া নহৰু নিমখ তেল আদি দি ফেনেকি লৈ এইবাৰ ভাত বঢ়াত লাগিল ।
: তাছপাত সামৰ ভাত খাবলৈ হৈছে । এইবাৰ তাৰ ফালৰ পৰা আদেশ আহিল । সকলোৱে তাছপাত সামৰি হাত ধুই বহি ল'লে । অংক মাষ্টৰে ভাত মাংস বাঢ়ি কৰি সকলোকে ভগাই দিলে । আলু বিলাহী পিটিকা জলকীয়া নিমখ পিয়াঁজ আদি দি পানীৰ বটলবোৰ উলিয়াই ল'লে । তাৰ পিছত খানা খাবলৈ বহিল । আঠজন মানুহ । ভাত মাংস অকণো নষ্ট নোহোৱাকৈ সকলো খাই আজৰি হ'ল । দুজন গ'ল চৰু কেৰাহী নদীৰ পানীত আওখালি আনি মোনাত ভৰাই থ'লে । তাৰ পিছত ক্ষন্তেক সময়ৰ জিৰণি ।
আকৌ আৰম্ভ হ'ল খেল । সিহঁতে খেলাত মনোযোগ দিলে । সি পানীৰ বটলবোৰ য'তে ত'তে পেলাই নিদি মোনাত ভৰাই ল'লে । পেট্ৰ'ল বেচিবলৈ সুবিধা হ'ব । খৰচ নোহোৱাকৈ থকা বস্তু বোৰ সামৰি সুতৰি লৈ মোনাত ভৰাই বাইকত উঠাই থৈ আহিল ।
ইতিমধ্যে আবেলি পাৰ হৈ গধূলি হ'বৰ হৈছিল । গতিকে
: তহঁতে খেল । মই গৈ থাকো । দোকানখন খুলিব লাগে । ইফালে ফোন আহিছিল । ইমান দেৰি কৰিছে নে সোনকালে আহক । আহোতে জ্বৰ চৰ্দ্দি আৰু মূৰবিষৰ টেবলেট কেইটামান লৈ আহিব । ঘৈণীৰ ফৰমাইছ ।
সি আৰু দেৰি নকৰিলে । বাকী কেইজনক তাতে এৰি সি গুচি আহিল । গগৈৰ ফাৰ্মাছিত সোমাই ফৰমাইছি টেবলেট কেইটামান লৈ পোনে পোনে দোকান পাইছিলহি ।
দোকানত ঘৈণীয়েক বহি আছিল । সি গাড়ীৰ পৰা বস্তুবোৰ নমাই দোকানৰ ভিতৰত থৈ টেবলেট উলিয়াই দিলে । তাৰ পিছত কেছবক্স খুলি চাই দেখিলে বজাৰ বৰ ভাল নহয় । বিক্ৰী বাৰ্তা বিশেষ হোৱা নাই । সকলোৱে চাগৈ পাৰ্টি কৰিছে ।
ৰাতি সাত বজাত দোকান বন্ধ কৰি ঘৰলৈ উভতি আহিছিল সি । ঘৰলৈ গৈ দেখিলে বাকীসকলে ভাত খাই আজৰি । সি অকলে অকলে বহি ভাতকেইটা খাই পুনৰ দোকানলৈকে উভতি আহিল ।
ৰাতিপুৱা চাৰে তিনি বজাতেই সাৰ পালে সি । আজি তিনি চাৰিদিন সি একো এটা লিখিব পৰা নাছিল । দিনটো দোকানত বোন্দাপৰ দি দি ভাগৰ লাগে । গধূলি ঘৰলৈ উভতি গৈ ভাত খাই আৰু পুনৰ দোকানলৈকে উভতি আহি শুই পৰে । বিগত এমাহ ধৰি সি ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন লিখাত ব্যস্ত হৈ পৰিছিল । তাৰ মাজতেই গল্প আৰু কবিতা লিখিবলৈ লয় । প্ৰৱন্ধ আদিও লিখে । আলোচনী বোৰৰ বেটুপাতত হৰফৰ আখৰেৰে যেতিয়া সি লিখা গল্প কবিতা প্ৰৱন্ধ আদিৰ শিৰোনাম ওলায় তেতিয়া নিজকে লৈ অলপ গৌৰৱ অনুভৱ কৰে । আগতকৈ হয়তো লিখনিসমূহ কিছু পৰিমাণে উন্নত মানৰ হৈছে । সি যিমান পাৰে লিখিবলৈ চেষ্টা কৰে । আজি উপন্যাস অৰণ্যৰোদনৰ বিংশতিতম খণ্ড প্ৰকাশ পাইছে । হাইস্কুলত পঢ়ি থকা কালতে লিখিবলৈ আৰম্ভ কৰিছিল যদিও এতিয়া ছাব্বিশ বছৰীয়া সাহিত্যিক জীৱনৰ শেষত উপলব্ধি কৰিলে অতীতৰ গল্প আৰু কবিতা কেৱল ৰোমান্টিক ভাৱধাৰাৰ আছিল । এতিয়াহে অলপ পৰিপক্ক ৰূপত ধৰা দিছে । অভ্যাসৰ নৰ , কৰ্ণ পথে কৰে শৰ । চেষ্টাৰ অসাধ্য একো নাই । অধ্যৱসায়ৰ বলত এদিন সিও ভাল সাহিত্যিক হিচাপে খ্যাত হ'ব পাৰে । এয়া তাৰ মনৰ উপলব্ধি ।
◾নবীন চন্দ্ৰ মেধি
গোলাঘাট ।
৮১৩৫৮৭৪৮০৮ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ