সময়ৰ কাম সময়ত কৰা উচিত•সংযুক্তা দত্ত

Rinku Rajowar
0
আমি সৰু পৰাই শুনি আহিছো সময়ৰ কাম সময়ত কৰা । পঢ়া শুনা ক্ষেত্ৰতো আমাৰ মা দেউতা হওক স্কুলৰ ছাৰ বাইদেউৱে হওক সদায় কয় - যি কাম কৰিবলৈ দিও সেই কাম সময়ত কৰা। আৰু আমিও আমাৰ ফালৰ পৰা সেই কাম সমূহ যিমান পাৰি সময়ত কৰিবলৈকে চাওঁ। কিছুমানে হয়তো সময়ৰ আগত কৰিব পাৰে। আৰু আন কিছুমানে আকৌ সময়ৰ পাছত কৰিব পাৰে। আৰু কিছুমানে সময়ে সময়ে কৰিব পাৰে । সময় গৈ থাকে মাত্ৰ আমি হে থাকো। আৰু আমি ৰৈ দিয়াৰ বাবেই আমাৰ কামবোৰো ৰৈ থাকে। কেতিয়াবা আমি ভাবো যে ভাল সময় আহক আমাৰ কৰিব লগা কামবোৰ আমি কৰিম। আৰু তেনেদৰেই আমি আমাৰ বহুত মূল্যবান সময় নষ্ট কৰি দিওঁ কেৱল ভাল সময় অহাৰ অপেক্ষাত ।সময় ভাল বেয়া নাথাকে যি সময়ত কাম কৰো। সেই সময়ে আমাৰ কাৰণে ভাল সময় হৈ পৰে। আমাৰ সকলোৰে কিছুমান লক্ষ্য থাকে জীৱনৰ । আমি সকলোৱে আমাৰ লক্ষ্যৰ কথা ঠিকেই মনত ৰাখোঁ। কিন্তু তাৰ কাৰণে আমি ভাল সময়ৰ বাবে অপেক্ষা কৰোঁ । আৰু সেই ভাল সময়ৰ বাবে ৰওঁতে ৰওঁতে আমাৰ বহুত সময় এনেই নষ্ট হৈ যায়। আমি যি পাৰো যি নোৱাৰো বৰ্তমান সময়ৰ পৰাই কৰা উচিত । কিয়নো ভৱিষ্যতে কি হ'ব সেয়া আমি ক'ব নোৱাৰো বা সেয়া আমাৰ হাততো নাই । আমি মাত্ৰ এটাই কাম কৰিব পাৰো সেয়া হ'ল - সময়ৰ সদ্‌ ব্যৱহাৰ কৰি , আমি আমাৰ কামবোৰ সময়তে শেষ কৰি দিব পাৰো।  সেই কাৰণেই কোৱা হয় সময়ৰ কাম সময়ত কৰা উচিত ।
    
      ✍🏻 সংযুক্তা দত্ত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)