তুমি সচাঁকৈ মৰহি থাকিলা•শুৱলা দাস

Rinku Rajowar
0
হৰকান্তৰ আজি মন উগুল-থুগুল ।ভতিজাৰ জোৰোণৰ লগত যাব লাগে।সোনকালে উঠি গৰু- গাই কেইটা এৰাল দি আহি গা -পা ধুই হৰি নাম এজোকা ধৰি ধূপ দুডাল গুজি একান্ত চিত্তে কিবা ভাবি বহু সময় টলকা মাৰি থাকিল।ভগৱানৰ যে কি লীলা !সঁচাকৈ জীৱনলৈ যে এনেকুৱা এটা দিন আহিব বুলি ভাবিছিলেনে তেওঁ??
যথা সময়ত জোৰোণৰ গাড়ী কেইখন গৈ যোৰহাটৰ পৰা নগাঁও চহৰৰ কইনাৰ ঘৰ পালেগৈ।কইনা ঘৰীয়াই ও যথা ৰীতি মতে দৰাঘৰীয়াক আদৰি নিবলৈ হৈ চৈ কৰিলে। হৰকান্তহতঁৰ গাড়ী খনত ভকতসকল আৰু অইন এখন গাড়ীত তেওঁৰ সহধৰ্মিনীসহ অইন আই সকল আহিছিল।ইমান দীঘলীয়াৰাস্তা কেনেকৈ যে পাৰ হ'ল গমেই নাপালে তেওঁ ।একেখন গাড়ীত সহধৰ্মিনী নহা বাবে তেওঁ মনটো একেবাৰে  মুকলিকৈ এৰি দিব পাৰিছিল।বাটত কোনোবাই কিবা এটা সুধিছিল যদিও যেনে তেনে উত্তৰ দি তেওঁ কথা সামৰি উৰা মাৰিছিল ত্ৰিশ বছৰ আগলৈ। 
হৰকান্ত তেতিয়া চফল ডেকা ।  দেহে মনে এক তেজাল সুৰুয।হৰকান্তই গাৱঁৰে মুহিনী নামৰ এজনী ছোৱালীক ভাল পাইছিল ।মুহিনীয়েও বহুত ভাল পাইছিল আৰু বিশ্বাস কৰিছিল তেওঁক আৰু এই বিশ্বাসৰ ভেঁটিতে হৰকান্তৰ ওচতৰ গোপনে সপি দিছিল নিজক।হয়তো এইটোৱেই আছিল মুহিনীৰ জীবনৰ দুখৰ  প্ৰহেলিকা । মোহিনীৰ গা কলা কলা কৈ বাঢ়ি আহিছিল  আৰু এদিন মাকৰ ওচৰত সকলো খুলি ক'বলৈ বাধ্য হৈছিল। মাকক কোৱাৰ আগতেই তাই গা বন্ধ হোৱাৰ কথা হৰকান্তকো কৈছিল ।হৰকান্তই তাইক চিন্তা কৰিবলৈ মানা কৰি আশ্বাস দি কৈছিল যে অতি সোন কালে তেওঁলোকৰ ঘৰলৈ তাইক নিয়াৰ  সি ব্যৱস্থা কৰিব ।কিন্তু হৰকান্তই তাইক আশ্বাস দিলে যদিও মুখ খুলি নিজৰ ঘৰত কথাষাৰ কবলৈ সাহস নকৰিলে।বহুত জল্পনা -কল্পনা কৰিও তাইক পলুৱাই আনিবলৈ সাহ নকৰিলে।অৱশেষত তেওঁ মোহিনীৰ লগত যোগাযোগ নকৰা হ'ল।অৱশ্যে এই কাৰ্যই তেওঁক মৃতপ্ৰায় কৰি পেলাইছিল ।হৰকান্তৰ দেউতাক  আছিল গাওঁখনৰ ভিতৰতে এক নম্বৰৰ মানুহ।গাওঁ খনৰ য'ত যি মেল মোকদৰ্মা হয় সকলোবোৰৰ ৰায়দান কৰে হৰকান্তৰ দেউতাকে।তেনেস্থলত হৰকান্তই কোন সতে মোহিনীক সগৰ্ভা অৱস্থাত পলুৱাই আনিব পাৰে !
হৰকান্তৰ ব্যৱহাৰত মোহিনী অত্যন্ত আচৰিত হ'ল ।তাই ভাগি পৰিল ভিতৰি ভিতৰি।এফালে প্ৰিয়জনৰ প্ৰতাৰণা আনফালে তাইৰ বাঢ়ি অহা গা টো ধৰা পৰাৰ ভয়। অৱশেষত তাই মাকৰ আগত সকলো ক'বলৈ বাধ্য হ'ল ।তাইৰ কথা শুনি মাক  দেউতাকৰ মূৰত আকাশ ভাগি পৰাৰ দৰে হ'ল।মোহিনীৰ ককায়েক গৰজি উঠিল।সি হৰকান্তক ধৰি আনিবলৈ উধাও হ'ল।কিন্তু মাক বাপকে তাক বুজাই বঢ়াই দদায়েকহতঁৰ লগত কথাটো আলোচনা কৰি গধুলি হৰকান্তৰ ঘৰলৈ গৈ সিহঁতৰ  কথাবোৰ বিবৰি ক'লে আৰু ৰামে ৰুমে ছোৱালী জনী বোৱাৰী কৰি লব লাগে বুলি কলেগৈ।কথা শুনি হৰকান্তৰ মাকে মোৰ ল'ৰাক বদনাম দিবলৈ ক'ত সাহ পালি বুলি নানা কথা কৈ অপমান কৰি উঠিল।দেউতাকে কিন্তু গহীন ভাবেৰে হৰকান্তক সন্মুখলৈ মাতি আনি সুধিলে ''হৰ তই এই জগৰ লগাইছনে ?" হৰকান্তই কি কব  ভাবি নাপালে ।কি উত্তৰ দিয়ে এতিয়া।মোহিনীৰ মুখখনে তাক জোকাৰি পেলালে।বুকুখন যেন এই ভাগি যাব…………কিন্তু সন্মুখত বহি থকা দেউতাকৰ গহীন চকুযোৰৰ আগত কব পাৰিবনে সি সেয়া তাৰ দেহৰ শোনিত অবধাৰিত বুলি……
হৰকান্তৰ দেউতাকে আকৌ সুধিলে "ক হৰ তই এই জগৰ লগাইছনে ?"হৰই তললৈ মূৰ কৰি উত্তৰ দিলে "নাই লগোৱা ।" হৰকান্তৰ দেউতাকে এইবাৰ মোহিনীৰ দেউতাকক সুধিলে "কিবা প্ৰমান আছে নেকি তোমালোকৰ লগত এই কথাৰ ?" মুহিনীৰ দেউতাক বিমোৰত পৰিল।কি প্ৰমাণ আছে মোহিনীৰ কথাৰ ?
লাজে অপমানে তেওঁলোক ঘূৰি আহিল ঘৰলৈ।মাকৰ  মুখত কথাবোৰ শুনি মোহিনী মোকা হৈ পৰিছিল।
       জীৱনে গতি সলাইছিল।মোহিনীক গাৱঁৰ পৰা আতৰাই পঠিওৱা হৈছিল।
এসময়ত হৰকান্তই ঘৰৰ মানুহৰ পচন্দ মতে বিয়া কৰাই সাংসাৰিক হৈ পৰিছিল। 
দিনবোৰ বাগৰি বাগৰি বহু বছৰেই পাৰ হৈ গৈছিল।
            যোৱাবছৰ হৰকান্তৰ ভতিজাকে কলেজত একেলগে চাকৰি কৰা লগৰ ছোৱালী এজনী লগত বিয়া  ঠিক কৰি ঘৰত আনুষ্ঠানিকভাবে বিয়া কৰিবলৈ জনালে।সেয়ে  সাতো পৰিয়াল গোত খাই  আজি নগাৱঁলৈ ভতিজাৰ জোৰোণ পিন্ধাবলৈ আহিছে।প্ৰথমে কথাটো জনা নাছিল।পিছত গম পোৱা গ'ল ছোৱালীজনী মোহিনীৰ মোমায়েকৰ নাতিনীয়েক ,যাৰ ঘৰত থাকিয়েই  মোহিনীয়ে পাৰ কৰিলে বহুতো বসন্ত ।তাহানি সেই কাহিনীটোৰ পিছত মোহিনীক নগাৱঁৰ মোমায়েকৰ ঘৰলৈ পঠিয়াই দিয়া হৈছিল আৰু তাতে তাই এটি বিকলাঙ্গ ল'ৰা সন্তান জন্ম দি এটা বেদনাদায়ক জীৱন কটালে।কেই বছৰ মান থাকি সিও তাইৰ বুকু উদং কৰি গুচি গৈছিল পৃথিৱীৰ পৰা।মোহিনী  ক্ৰমে সোঁতবিহীন নদীৰ জাঁজৰি হৈ পৰিছিল
          মোমায়েকৰ পুতেক গোবিন্দৰ লগতে  থাকি তাৰ ল'ৰা ছোৱালীকেইটাকে ডাঙৰ-দীঘল কৰি থাকোতেই জীৱনৰ কাঁটাডাল আহি বহু দুৰ পালেহি মোহিনীৰ।
           দৰা ঘৰীয়াক আদৰি নি ৰভাৰ তলত বহুৱাই নীতি মতে সকলো কৰি গ'ল।গোটেই সময়ছোৱা হৰকান্তৰ কাৰণে বৰ উৎকন্ঠাপূৰ্ণ হৈ আছিল ! ক'ত আছে বাৰু মোহিনী।যাক সি ইমান ভাল পাইছিল অথচ কি নিৰ্মম ভাবে প্ৰতাৰণা কৰিছিল !
ভকতে কৰিব লগীয়া সকলোবোৰ কাম কৰি গ'ল যদিও ভিতৰি ভতৰি হৰকান্ত বৰ অস্থিৰ হৈ পৰিল ।কৰবাত তাইক দেখোনেকি বুলি চাবলৈ লৈও তেঁওক কোনোবাই দেখিব নেকি বুলি চকু ঘূৰাই আনে। একোবত কইনাক ভকতৰ আগত সেৱা কৰিবলৈ অনা হ'ল।কইনাৰ লগত কইনাৰ মাকে মানদিয়া কাপোৰখিনি পাঁচি এটাত লৈ এজন এজন কৈ সেৱা কৰাই গ'ল।মাজতে কিবা কপোৰৰ খেলি মেলি হ'ল কিজানি,কইনাৰ মাক খন্তেক ৰৈ অইন এগৰাকী মানুহক কাণে কাণে কিবা কলে।মানুহজনী ভিতৰলৈ সোমাই গ'ল।অলপ পিছত কাপোৰৰ পেকেট  
 কেইটামান লৈ আন এগৰাকী মহিলা ৰভা তললৈ সোমাই  আহিল। উদ্বেগহীন মুখমণ্ডল আৰু ভাৱলেখহীন দৃষ্টিৰ মানুহজনী দেখি হৰকান্ত স্তম্ভিত হৈ পৰিছিল।এই জনীয়েই সেইজনী মুহিনীনে ? যিজনী মুহিনীক দেখিলে পুৰুষ নেলগে মাইকী মানুহৰো মোহ ওপজে ।সেই মুহিনীৰ আজি কলৈ গ'ল সেই সৌন্দৰ্য ।ক'ত হেৰাল সেই বুদ্ধিদীপ্ত নয়ন ! হৰকান্তই একেথৰে চাই ৰ'ল মুহিনীৰ মুখলৈ।মুহিণীয়ে কাপোৰ খিনি কইনাৰ মাকৰ হাতত দিলেহি।ইতিমধ্যে মান দিয়া কাৰ্য আহি আহি হৰকান্তৰ ওচৰ পাইছিলহি।যি গৰাকী মানুহে  দৰাঘৰীয়া মানুহক চিনাকী কৰি আহিছিল ,হৰকান্তক দেখুৱাই ক'লে "এই জন  দৰাৰ বৰদেউতাক।"মাকে কইনাক সেৱা কৰালে।মুহিনীয়ে বৰদেউতাকজনলৈ আঁৰচকুৰে এপলক চালে যদিও তৎমুহুত্ততে তাই ভিতৰলৈ সোমাই আহিল।বহুবছৰৰ আগতে তাই যেতিয়া গোপনে নদীৰ ঘাটত তেওঁক লগ ধৰি কৈছিল গৈ যে তাইৰ দেহত তেওঁৰ বীজে নতুন আশা হৈ পোষা মেলিছে , তাই বাৰু ভাবিছিলে নে ইমান বিশ্বাসী মানুহজন হৈ পৰিব আতাইতকৈ অবিশ্বাসী বুলি………ভাবিছিলনে এবাৰলৈ ইমান মৰমৰ মানুহজনক তাই আকৌ বহু বছৰৰ মুৰতহে দেখিবগৈ বুলি !!
        মুহিনী নিৰুদ্বেগ ভাবে ভিতৰলৈ সোমাই  গ'ল ।কইনাই হৰকান্তক সেৱা কৰিলে।হৰকান্তই পকেটৰ পৰা এশটকীয়া নোট এখন ওলিয়াই বটাত দি আৰ্শীবাদ দিলে।যি নহওক মুহিনীৰ পৰিয়ালৰ ছোৱালী এজনীয়েই তেওঁৰ ভতিজা বোৱাৰী হব যেনিবা।
    ইতিমধ্যে খোৱা লোৱা সকলো পৰ্ব শেষ হৈ বিদায় পৰ্ব পাবহি হ'ল।হৰকান্তই উৎকন্ঠাতে থাকি গ'ল কিজানি মুহিনীক আকৌ এবাৰ দেখা পায়েই।এই বাৰ  তেওঁ  তাইক দেখিলে মাতিহে এৰিব।কিন্তু যোৱাৰ পৰলৈকে এবাৰো মুহিনীক দেখা পোৱা নগ'ল । কইনাঘৰীয়াই বিদায় ঘোষা গাই দৰাঘৰীয়াক বিদায় দিলে।এজন এজনকৈ নিজৰ আসনত  মানুহবিলাক বহাৰ পিছত গাড়ীবোৰে পুনৰ যোৰহাটৰ অভিমুখে গতি কৰিলে।অলস ভাবে দেহাটো চীতটোতে এৰি দি হৰকান্তই দূৰৰ কজলা ডাৱৰ খিনিলৈ চাই চাই ভাবিলে সেই ষোল্লবছৰীয়া মুহিনী জনীৰ কথা। ডাৱৰৰ সিপাৰৰ পৰা মুহিনীয়ে যেন তাক তাচিল্ল্য কৰি সুধিছে "কি হল হৰকান্ত আজি তোমাৰ ইমান অস্থিৰ লগিছে কিয় ? অ আজি তোমাৰ মোলৈ পুতৌ লাগিছে ন ? তোমাৰ চাগে মোক সুধিবলৈ বৰ মন থাকিল মই কেনে আছো বুলি !নহলে মোৰ দুৰ্ভগীয়া সন্তানটৌ কোনটো বুলি ন ? তুমি বাৰু মই জী আছো বুলি ভাবিছিলানে কেতিয়াবা ………"
বিছ বছৰীয়া হৰকান্তই ভিতৰৰ পৰা চিৎকাৰ কৰি উঠিল। "মোৰ  শ টোৰ সৎকাৰ কৰা ধোঁৱাখিনিৰো কিজানি ক্ষমা নাই মুহিনী।মোক আৰু একো নকবা ।মোৰ অপনৈত অৱস্হাত কৰা ভুল সিধান্তই তোমাৰ জীৱনটো মৰহাই পেলালো মুহিনী।  মোৰ জীৱনটোতো  ঠিকে ঠাকেই চলি আছে ! কিন্তু তুমি ! সচাঁকৈ তুমি মৰহি থাকিলা মুহিনী…………………"
     " কি হে হৰকান্ত ইমাান মনে মনে আহিছাযে ! ব'লা বোকাখাটতে চাহ অকন খাই লওঁ।" "অ বোকাখাত পালোহি নেকি ?ব'লা তেনে হ'লে  ।"বুলি কৈ যন্ৰৰ দৰে হৰকান্ত নিৰ্মল ভকতৰ পিছে পিছে নামি গ'ল।
                 
✍️ শুৱলা দাস।
                          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)