সপোনত যদি কেতিয়াবা মৰীচিকা দেখো-জ্যোতিস্মিতা বৰা

Rinku Rajowar
0
পূৰ্ৱদিশৰ ৰাজ্যখনত বেলিটোৱে দেখা দিছেহি। এতিয়াও কিৰণবোৰ পৃথিৱীত পৰাহি নাই, এটি নিজম কাহিলি পুৱা, মাথোঁ অ'ত - ত'ত শুনা গৈছে পক্ষীৰ কলৰোল। ঘৰচিৰিকা পোৱালিকেইটাই আগফালৰ চোতালখনতে পৰি চিৰ - চিৰাইছে । তাই দৰ্জাখন খুলি ওলাই গৈছে বাহিৰলৈ । মাকে ইতিমধ্যে বাৰী চোতাল সাৰিলে। চোতালতে থকা নামঘৰটোত আইতাকে ধূপ- ধূনা জ্বলাইছে। ধূপৰ সুগন্ধিয়ে দশোদিশ উদ্ভাসিত কৰিছে।  তাই জুইশালৰ পৰা এঙাৰ এটা লৈ দাঁত ঘহিছে। 
:- মাইনা উঠিলি, যা মুখখন ধুই মই চাহ দিছোঁ খাই অলপ পঢ়। আকৌ স্কুল যাব লাগিব নহয়।
      চন্দ্ৰানী! চন্দ্ৰানী হাজৰিকা গাঁও খনৰ এটা প্ৰসিদ্ধ নাম। গাওঁ খনৰ অতি দুখীয়া মানুহ, দেউতাক চন্দনৰ একমাত্ৰ জীয়ৰী। কিন্তু তাইক কোনে ৰুদ্ধ কৰিব পাৰিব। নৈ গৈ সাগৰত পৰাৰ দৰে তাইৰ জ্ঞানৰ পৰিধিও সিমনাহীন ভাৱে বৃদ্ধি পাইছে। এইবাৰ দশম শ্ৰেণীৰ ছাত্ৰী। আশা আৰু আকাংক্ষা দেখোন বহুত, আকাশ চুব নোৱাৰাৰ দৰে তাইৰ মনটো কোনেও চুব নোৱাৰে। তাই ভাল কৰিব লাগিব, লাহে লাহে ঘৰটো উৱলি গৈছে তাই বনাব লাগিব। কিন্তু ঘৰটো জানো সিমান দিন থাকিব!! নাই ৰ'ব লাগিব! ভাল লগাবোৰ তাইৰ বাবে ৰৈ থাকিব লাগিব। দুখীয়া, কিন্তু আনতকৈ দেখোন বহুত সুখী! মাক , দেউতাক , ককাক , আইতাকৰ মাজত তাইজনী দেখোন বৰ আকলোৱা। গাওঁখনৰ চন্দ্ৰ, সকলোৰে চন্দ্ৰ, তাইৰ নামেই দেখোন গাওঁখন উজ্বল কৰিবৰ বাবে যথেষ্ট; তেন্তে তাই জানো কামেৰে দেখুৱাব নোৱাৰিব!!
      তাই কিতাপ এখন উলিয়াই আনি বাৰাণ্ডাতে বহি ল'লে। ভিতৰত বৰ আন্ধাৰ । সিহঁতৰ সেইফালে এতিয়াও বিজুলীবাতিৰ সংযোগ কৰা নাই। ককাকে ৰেডিঅ'টোত হৰিনাম শুনি আছে। ককাকৰ প্ৰিয় সংগী ৰেডিঅ'টোৱেই। 
      তাই কালি সপোন দেখিলে তাইহেনো মেট্ৰিকত স্থান পাইছে। সকলোৱে তাইক মিঠাই খুৱাইছে। নাই তাই সপোনৰ কথা ভাবি থাকিলে নহ'ব। সেইবোৰ তাই মনৰ ভ্ৰম, মৰীচিকা। 
       ৮ বাজিলেই তাই লৰালৰিকৈ কিতাপ কেইটা বেগত ভৰাই লৈছে। বেগ এটাও কিনিব লাগিছিল। আজি চাৰিবছৰমান আগতেই কোনোবাই তাইক জন্মদিনত দিছিল বেগটো। তাই কথাখিনি ভাৱি ভাৱি, গা ধুই ভাত খাবলৈ বহিছে। আলু পিটিকা আৰু কালি ৰাতি পানী দি থোৱা ভাত কেইটামান মাকে বাঢ়ি দিছে। তাকে নাকে - মুখে গুজি তাই স্কুললৈ বুলি ওলাইছে।
:- ৰ ৰ মাইনা মই থৈ আহিম গৈ। আজি যদি পাচলি কেইটা বজাৰত বিকিব পাৰোঁ মাছ অকণমান আনিম।
     দেউতাকে কথাখিনি কৈ কৈ তাইক চাইকেলৰ আগফালে উঠাই চাইকেলখন চলাই গৈছে।
       বিদ্যালয়ত সংগীত প্ৰতিযোগিতা আছে আজি। চদ্ৰানীয়ে গান গায়। ক্লাছত বহুতে গম পাই, কিন্তু লগৰবোৰৰ পৰা তাই প্ৰেৰণা নাপায়। মনটো বাৰু কেনেকুৱা লাগে, নিজে জনা কাম এটা যদি নিজৰ সন্মুখতে কোনোবাই নাজানে বুলি কৈ দিয়ে তাইক। কেতিয়াবা গলি গলি শেষ হৈ যাবৰ মন যায়। লগৰ বোৰে তাইক শুনাইয়ে বেছিকৈ কয়। তাইৰ বান্ধৱী নাই, কাৰণ তাই যে সিহঁতক একো উপহাৰ নিদিয়ে। নাই নালাগে থাকক, যাৰ যেনেকৈ মন তেনেকৈয়ে থাকক। তাই সদাই তাইজনী হৈ থাকিলেই হ'ব।
      উস! শব্দটোৱে কাণত বৰকৈ বিন্ধিলেহি। কোনে বাৰু তাইৰ নামটো মাইকত লৈ আছে! কিনো হৈ থাকে জানো। হুলস্থুলীয়া পৰিৱেশটোৰ পৰা আঁতৰি অলপ নিজান ঠাইত বহিছিল হে, উপাই নাই। তাই এখোজ দুখুজকৈ উঠি গ'ল।
:- আমাৰ মাজত লুকাই থকা এটা সুপ্ত প্ৰতিভা আজি আপোনালোকৰ আগত দেখুৱাম। এইবাৰ মঞ্চলৈ আহিব চন্দ্ৰানী হাজৰিকা। 
     এহ! বৰ সমস্যা কৰিলে দেই! একো এটা চাই অহা নাই। কি গাব তাই?
      যেনেতেনে গানটো গাই নামি আহিল মঞ্চৰ পৰা। হাতচাপৰিত সকলোফলেই ৰজনজনাই গৈছে। তাই আৰু ৰৈ নাথাকিল। আকৌ বকুল জোপাৰ তললৈ ঢাপলি মেলিলে।
:- ৱাঃ......আজি চুপাৰ কম্পিউটাৰে দেখোন গান গালে। নিজকে কি বুলি ভাৱা হে! পঢ়াত চোকা হ'ব পাৰ। আজিৰ পৰা ইমান বেসুৰীয়াকৈ গান নগাবি দেই।
:- অহ, তোমাৰ অন্তৰখন দহিছে নেকি। শুনা মোৰ প্ৰতিভাখনি ইমান সস্তীয়াও নহয় যে আনৰ হাঁহিৰ খুৰাক বনাই মই নিজেই কিবা এটা গাই থৈ আহিম গৈ। মোৰ নামটো কোনোবাই দি থৈছিল।
       তাই আৰু ৰৈ নাথাকিল সেইখিনিত আঁতৰি আহিল। মানুহবোৰ তেনেকুৱাই। তাই সেইবোৰ মন দিলে নহ'ব.....। 
     ইফালে তাইৰ পৰা এনে এটা প্ৰত্যুত্তৰ পাই প্ৰিয়দৰ্শিনীৰ মুখৰ মাতেই হেৰাল । তাই কেতিয়াও আশা কৰা নাছিল কাৰোবাৰ পৰা এনে এটা উত্তৰ পাবলৈ । স্কুলখনৰ সকলোখিনি ছাত্ৰ - ছাত্ৰীকৈ ধনী ঘৰৰ হোৱাৰ বাবে তাই অহংকাৰে দিনে দিনে সীমা চেৰাই গৈছে।
    মানুহৰ গুন - গুননিত তাই হঠাৎ সাৰ পালে। তাই বিচনাৰ পৰা উঠি গ'ল। কি হৈছে বুলি চাবলৈ লওঁতেই কোনোবাই তাইক সাৱটি ধৰিলেহি। তাই এতিয়াহে গম পাইছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাই ৯৫% ৰে উৰ্ত্তীন্ন হৈছে। তাই নিজৰে বিশ্বাস হোৱা নাই । আজি সপোন এটা পূৰণ হ'ল তাইৰ। তাইনো বাৰু এনেকৈয়ে শুব লাগেনে। পৰীক্ষাৰ ৰিজাল ওলাবলৈ বহুত দেৰি আছে বুলি তাই অলপ শুই লওঁতেই কেতিয়ানো টোপনি গ'ল গমেই নাপালে। কোনোবাই ফটো মাৰিছে, নিউছ চেনেলৰ মানুহ দুজনমানো আহিছে। তাই কি ক'ব ভাৱি পোৱা নাই। দেউতাকক ক'বলৈ দিলত ক'ব পৰা নাই। দেউতাকে আজিলৈকে আনুষ্ঠানিক ভাৱে একো কৈ পোৱা নাই। মাকে কিবা কিবি কৈছে। বিশ্ববিদ্যালয়ৰ চোকা শিক্ষাৰ্থীসকলৰ ভিতৰত এগৰাকী হোৱাৰ বাবে মাকে কথা ক'ব পাৰে। আজি কেঁচা মাটিৰ ঘৰখনত বিৰ দি বাট নোপোৱা অৱস্থা। তাৰ ওপৰত মানুহৰ কোনো ভ্ৰুক্ষেপ নাই । মুঠতে তাইৰ ৰিজালৰ খবৰ লৈছে গৈছে। সৰু পজাটোত পীড়া আৰু কাঠৰ মুঢ়া কেইটাৰ বাদে একো নাই। মানুহ বেছি ভাগ থিয় হৈ থাকিব লগীয়া হৈছে । নাই নাই তাই চাকৰি কৰিলে কিবা এটা কৰিব লাগিব এনেকৈ নহ'ব আৰু।
         ফোনৰ শব্দত তাই সাৰ পালে।
:- হেল্ল'
:- হেল্ল' ড° চন্দ্ৰানী বাইদেউ হয়নে?
:- হয় কওঁকচোন ?
:- আমাৰ কাষৰে ঘৰত..........
          মানুহজনৰ কথাখিনি শুনি তাই লৰালৰিকৈ ওলাই প্ৰশান্তক চিঞৰিলে।
:- প্ৰশান্ত গাড়ী ঠিক কৰা, এফালে যাব লাগে।
:- বাইদেউ গাড়ী ৰেডি হৈ আছে।
:- অকে ডেন গ'।
      ইমান সময়ে তাই মানে অতীতৰ কথাখিনি ভাবি আছিল। আজি চন্দ্ৰানী চহৰখনৰ এটি প্ৰসিদ্ধ নাম । এগৰাকী আই এছ বিষয়া। আজি ৰাস্তাৰ কাষত প্ৰিয়দৰ্শিনীৰ মৃত দেহ উদ্ধাৰ কৰা হৈছে। কোনোবাই মাৰি পেলাই থৈ গৈছে। তাই তালৈকে গৈছে। কেছটো তাইয়ে লৈছে..........।
    কেতিয়াবা এনেকৈয়ে ভাল লাগে, সপোনত যদি মৰীচিকা দেখে। যদি পাহাৰ বগোৱা সপোন দেখে। কথাবোৰ ঠিক নদীৰ দৰেই শেষ নোহোৱা কাহিনী, এনেকৈয়ে সমাপ্তি ঘটাব লাগে। আৰু তাই আজি সঁচাকৈয়ে পাৰিলে।

✍️ জ্যোতিস্মিতা বৰা
        যোৰহাট, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)