লাহে লাহে দোকানৰ পৰিসৰ বৃদ্ধি পাই গৈ আছে । প্ৰথমতে গোমটি দোকান হিচাপে দোকান আৰম্ভ কৰিছিল যদিও পোন্ধৰ দিনৰ ভিতৰত সেই দোকানখনতে ঘৰুৱা নিত্য ব্যৱহৃত সামগ্ৰীসমূহ ৰাখিবলৈ আৰম্ভ কৰিছিল আৰু ২৫ ডিচেম্বৰ সোমবাৰৰ পৰা গেলামালৰ সামগ্ৰী সমূহ ৰখাৰ ব্যৱস্থা কৰিছিল । দোকানখন এতিয়াহে যেন চালে চকুৰোৱা হৈ পৰিছিল ।
দোকানৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে বস্তুৰ দৰদামৰ তাৰতম্যৰ কথা আহি পৰিছিল । নিৰ্মল কুমাৰে যিহেতু নতুনকৈ দোকান খুলিছিল সেয়ে প্ৰতিটো বস্তুৰে কিনা দাম আৰু বেচা দামৰ পাৰ্থক্য বৰ ভালদৰে নাজানিছিল । হয়তো কোনোবা এটা বস্তুৰ দাম বেছি হৈ পৰে আকৌ কোনোবাটো কম দামতে দি পঠিয়ায় । এনেদৰে পাৰ হৈ গৈছিল দোকানৰ সময় ।
খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বিহু পালেহি । বৰদিনৰ দিনা বিদ্যালয় বন্ধ । নিৰ্মল কুমাৰে বসবাস কৰা গাঁৱখনত একেবাৰে পূবৰ ফালে তিনিআলিৰ ওচৰৰ পৰা এক কিলোমিটাৰ দূৰত্বৰ ভিতৰত কছাৰী সকলে বসবাস কৰে , তাৰ পিছত আদিবাসী বঙালী চাহ জনজাতিৰ লোক কেইঘৰমান আছে । গাঁৱৰ মাজভাগত কামৰূপ জিলাৰ হাজো ৰামদিয়াৰ পৰা অহা ৩৫/৪০ ঘৰমান কলিতা মানুহে বসবাস কৰে । এই লোকসকলক উজনি অসমৰ জনসাধাৰণে গুৱাহাটীয়া বা কামৰূপীয়া মানুহ বুলি কয় । কোনো কোনোৱে আকৌ হাজো ৰামদিয়াৰ পৰা অহা কাৰণে ৰামদেলীয়া বুলিও কয় । মাজে মাজে আহোম চুতীয়া ৫০ /৬০ ঘৰমান গোটেই গাঁৱতে সিঁচৰতি হৈ আছে । এইসমূহ লোক গোলাঘাট জিলাৰ কমাৰবন্ধাৰ শালিকীহাট আঠখেলীয়া বৰহোলা বৰকছাৰী ৰাঙলীবাৰী মহিমাবাৰী আদি ঠাইৰ পৰা অহা । গাঁৱখনৰ পশ্চিমে একেবাৰে সীমাতে তিনি চাৰিঘৰ শৰ্মা আৰু ভাগৱতী উপাধিৰ বামুণ ( ব্ৰাহ্মণ ) মানুহে বসবাস কৰে ।
এসময়ত প্ৰায় ১৯৭৭/৭৮ চনতেই শালিকীহাটৰ পৰা চুঙাজানলৈ অহা এই বামুণ সকলৰ এগৰাকী পণ্ডিতেই সেই অঞ্চলত শান্তিপুৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয় স্থাপন কৰে আৰু তেতিয়াৰ পৰাই সেইখন গাঁৱৰ শ শ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আগ বাঢ়ি আহিছে । এই মহান হেড পণ্ডিত গৰাকী আছিল শ্ৰদ্ধাৰ প্ৰদীপ শৰ্মা ছাৰ । সকলোৱে হেড পণ্ডিত বা হেড ছাৰ বুলি মাতিছিল । অৱশ্যে নতুনকৈ এগৰাকী শিক্ষকে যোগদান কৰাৰ পিছত হেডছাৰৰ নাম পুৰণা ছাৰ আৰু নতুনকৈ অহাজনৰ নাম নতুন ছাৰ হ'ল গৈ । নতুন ছাৰৰ নাম সৰ্বেশ্বৰ শইকীয়া । হেড পণ্ডিত গৰাকীয়ে ৩৫/৩৬ বছৰীয়া শিক্ষকতা জীৱনৰ অন্তিম সময়চোৱাত ২০১৩ চনতহে বিদ্যালয় প্ৰাদেশিকীকৰণ হৈছিল । মাথো ১৪ মাহ চৰকাৰী দৰমহা পাবলৈ সক্ষম হৈছিল । সঁচাকৈ বৰ দুখ লাগে । ইমান বছৰে শিক্ষকতা কৰাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা পেঞ্চন লাভ কৰিবলৈও সক্ষম নহ'ল । অসম গণ পৰিষদ চৰকাৰে ৰামঠগন দিয়াত সেই দলৰ প্ৰতি মোহভঙ্গ ঘটিছিল আৰু অৱশেষত কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰাদেশিকীকৰণ কৰিবলৈ সক্ষম হৈছিল । ছাৰৰ অসীম ত্যাগ কষ্টৰ বিনিময়ত এতিয়া টেটৰ শিক্ষকে ঠেঙৰ ওপৰত ভৰি তুলি খাব পৰা হ'ল । আনহাতে ছাৰে অৱসৰ গ্ৰহণ কৰাৰ পিছত এখন বিদায় সম্বৰ্দ্ধনা সভাৰো আয়োজন নকৰিলে । বেয়া লাগে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা শিক্ষকসকলে অগ্ৰজজনক সন্মান প্ৰদৰ্শন নকৰাৰ বাবে ।
বৰদিনৰ দিনাৰ পৰাই গোটেই গাঁৱখনত জুমুৰ গাবলৈ আৰম্ভ কৰে । গাঁৱখনৰ আহোম চুতীয়া কোচ কলিতা কছাৰী সকলোৱে মিলি আদিবাসী লোকসকলৰ লগত জুমুৰ গাবলৈ আৰম্ভ কৰে । ঘৰে ঘৰে গৈ জুমুৰ পৰিবেশন কৰে । ভাল লাগে এনে মিলাপ্ৰীতি দেখি ।
লাহে লাহে নতুন বছৰ পালেহি । পুৰণি বছৰৰ বিদায় পৰ্ব ইতিমধ্যে আৰম্ভ হৈছেই । সিদিনা নিৰ্মল কুমাৰৰ বন্ধু ৰত্নজিৎ আহিছিল বিকাশৰ সতে । বন্ধুয়ে দোকান আৰম্ভ কৰাৰ কথা গম পাই সি পাক মাৰিছিল । কথা বতৰা পতাৰ অন্ততঃ ঠিক কৰিছিল পুৰণি বছৰৰ বিদায় পৰ্ব ক'ত আয়োজন কৰা হয় । ৩১ ডিচেম্বৰৰ দিনা দুপৰীয়া সময়ত ধনশিৰি নৈৰ পাৰত কেইজনমান লগ হৈ বনভোজৰ আয়োজন কৰাৰ সিদ্ধান্ত হ'ল । পিছদিনাখন সকলো সাজু হ'ল ।
( আগলৈ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ