তুমি বিহীন জীৱন•দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
নতুন বছৰ বুলি কেনেকৈ
কি বুলিনো ফূৰ্তি কৰিম 
এই দিনটো মোৰ বাবে যে
বৰ বিষাদৰ অ দেউতা
সেই দিনটোৰ কথা আজিও মনৰ পৰা পাহৰিব পৰা নাই ।
অভিমানী মনক বাৰে বাৰে
বুজনি দি ভাগৰি পৰো মই
চকুৰ আগত সকলো দেখিছিলোঁ 
মৃত্যুৰ সৈতে যুঁজি মৃত্যুক সাৱটি লোৱা
তোমাৰ কথা জানো পাহৰিব পাৰিম 
মোৰ দুহাতলৈ চালে তোমাৰ
ৰোগীয়া শৰীৰটো আৰু কপাকপা 
মাতষাৰলৈ বৰকৈ মনত পৰে।
সেইযে তোমাৰ কাষতে বহি
তোমাক ভৰি মালিচ কৰিছিলোঁ
মোৰ কণমানি হাত দুখনেৰে 
মৃত্যুৰ আগত যে চামুচেৰে
পানী খুৱাই দিছিলোঁ...... 
সকলো কথাই মনত আছে মোৰ
মাথোঁ তুমি মোৰ লগত নাই
তুমি বিহীন জীৱন কটাইছো দেউতা।

◾দিপশিখা ৰাজকোঁৱৰ!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)