কিন্তু এখন গ্ৰন্থৰ সংগ কেতিয়াও হেৰাই নাযায়।
অচিনাকি চৰাইজনী নাহিলে সপোনবোৰ আধৰুৱা হৈ ৰয়
উন্মনা হৈ হাঁহি থকা ওঁঠ মৌন হৈ পৰে
সদায় অভিমান কৰোঁ অভিমান ভৰা আৱেগেৰে শব্দৰ ৰাগিত মাতাল হৈ কবিতা লিখোঁ।
ম'বাইলত বাজি থকা গীতটিয়ে অভিমানী কৰি তোলে
সুখী হোৱা সময়ত হঁহা হাঁহিটো প্ৰাণখোলা আৰু সঁচা
কেতিয়াবা শব্দবোৰেও বৰ অভিমান কৰে।
সাহিত্যই মোৰ আৱেগ আৰু ভালপোৱা
সাহিত্যৰ সুৱাসতেই প্ৰাণ পাই উঠে
মোৰ অভিমানী মন...........!
সাহিত্যৰ পথাৰত বিলীন হৈ
নিজক বিচাৰি পোৱাৰো যে
এক সুকীয়া মাদকতা আছে
সেয়া মোৰ অভিমানী মনে বুজি পায়।
শব্দৰ অবিহনে এটি কবিতা আধৰুৱা
ঠিক তেনেকৈ সাহিত্যৰ অবিহনে মইও আধৰুৱা
নিজকে দুখী দুখী যেন অনুভৱ হয়
সাহিত্যৰ সুৱাস বিলাব নোৱাৰিলে.....!
আপুনিও আহিব কেতিয়াবা মোৰ অভিমানী হৃদয়ৰ অনুভৱ বুটলিবলৈ।
✍️দিপশিখা ৰাজকোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ