মই থাকো - আকাংক্ষা তামুলী

©Admin
0
এখিলা সৰাপাত উৰি উৰি আহে
নদী-সাগৰৰ ঢৌৱে ঢৌৱে উটি
বতাহৰ কোমল কোলাত শুই
মোৰ বুকুত আহি পৰে
মই সৰাপাতৰ শেষ আশ্ৰয়
সৰাফুলৰ বিশ্বাসৰ শেতেলি
মোৰ বুকুত শেষৰো শেষ হয়
জ্বলি জ্বলি ছাঁই হোৱা কাৰো শৰীৰক
মই আকোঁৱালি লওঁ
জীৱনৰ শেষ কথাক মই হাত পাতি ধৰো
শেষ বাক্য, শেষ শব্দ
শেষ মোৰ বুকুৰ কুটুম।
বেলি আৰু জোনৰ বিচ্ছেদৰ গাঁথা
তৰাবোৰৰ একপক্ষীয় প্ৰেমৰ চকুলো
সৰাপাতৰ দিন-ৰাতিৰ মেটমৰা অভিজ্ঞতাৰ বেহা
মই শুনো, মই দেখো।
আদি আৰু অন্তত নিজৰ নাম লগাই
মই সবাকে বুকুত সাৱটো
মই থাকো।

✍️আকাংক্ষা তামুলী
স্নাতক চতুৰ্থ ষাণ্মাসিক , অসমীয়া বিভাগ
নৰ্থ লখিমপুৰ কলেজ ( স্বাঃ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)