যাৰ অৰ্থৰ পৰিধি অপৰিসীম।
দুটি আখৰৰ শেষ শব্দটিয়ে জানোঁ
সকলো শেষ কৰিব পাৰেনে ?
শেষ মানেটো
সকলো শেষ নহয়,
কেতিয়াবা শেষ মানে
এটি নতুন যাত্ৰাৰ সূচনা,
নতুন দিনৰ সূচনা ,
নতুন আশাৰ আগমণি।
প্ৰতিটো কৰ্মৰ মাজতেই
শেষ শব্দটি বিৰাজমান ,
প্ৰতিটো কথাৰ অন্তৰালতেই
পোৱা যায় শেষ শব্দটি।
তথাপিও জানো সকলো
শেষ হয় নে?
নহয়.... কাৰণ শেষ
মানেই নতুন আৰম্ভণি ,
নতুন জীৱন।
✍️সুস্মিতা দাস
জিলা- মৰিগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ