উদাসীনতাৰ কথা নুবুজায়
আপোনবোৰ থাকিও চোন
আপোন মানুহক বিচাৰি নাপাওঁ।
প্ৰয়োজনত সকলোৰে বাবে প্ৰিয়
আৰু প্ৰয়োজন নহ'লে মইযে
কেৱল পেলনীয়া আৱৰ্জনাহে মাথোঁ
মোৰ অভিমানী মনটোৱে যে
অকলশৰে বৰকৈ উচুপি উঠে
এষাৰ মৰমৰ মাত শুনিবলৈ।
নিঃসংগতাৰ সময়বোৰ দূৰ কৰিবলৈ
কেৱল কথা পাতিব বিচাৰে
মিছা আভৰণৰ হাঁহি আকি হ'লেও
সুখী হোৱাৰ অভিনয় কৰোঁ
কাৰণ মই এতিয়া সকলোকে
ভালকৈ চিনি পোৱা হৈছোঁ।
লাহে লাহে হেৰাই গৈছোঁ মই
কেতিয়াবা এনেকুৱা লাগে যেন
মই গুছি যাম হঠাতে
এদিনো ঘূৰি নহা সেই অচিন বাটেৰে
আলসুৱা অভিমানী বাবেই হয়তো
হৃদয়খন সৰু কথাতে উচুপি উঠে।
অভিশপ্ত মই এই জীৱনত
অভিশপ্ত জীৱনৰ আধালিখা
জীয়া কাহিনী লিখি যাম
যেতিয়া জীৱনৰ শেষ উশাহ বিচাৰি পাম।
ভাগৰি পৰিছোঁ অভিশপ্ত জীৱনৰ পৰা
মানুহ এনেকৈ জীয়াই থাকিব পাৰেনে?
মোক মোৰ পৃথিৱীখন লাগে
তেতিয়া নিজৰ বুলি কোৱা উশাহকণো হেৰাই যাব নিদিওঁ
অভিশপ্ত হোৱাটো বাৰু বহুত ডাঙৰ ভুল নেকি।
✍️দিপশিখা ৰাজকোঁৱৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ