প্ৰাণখোলা চঞ্চল হাঁহিটি-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
আজি বহুমাহেই পাৰ হৈ গ'ল
প্ৰাণখুলি হঁহা চঞ্চল হাঁহিটি হেৰুৱা
অতীতৰ দিনবোৰেই ভাল আছিল
অতীততে বিচাৰি পাইছিলোঁ
সোণালী জীৱনৰ সেন্দুৰীয়া হাঁহি ।
আজি ইমান মাহৰ পিছত
চকুলো সামৰি হাঁহিছো বাবেই হয়তো
মুখখন বৰকৈ বিষাব ধৰিছে ।
হাঁহিছো যদিও অভিমানী হৃদয়ৰ
এটি কোণত বিষাদবোৰ
লুকুৱাই ৰাখিছোঁ কোনেও নেদেখাকৈ 
বোৱতী নদীৰ দৰে অবিৰামভাৱে
বিষাদবোৰ বৈ যায় হৃদয়ৰ মাজেৰে।
হাঁহিটি দেখিলেই গম পোৱা যায়
সেই হাঁহি যে মিছা আভৰণৰ হাঁহি
নিৰাশা মন আজি নিঃসংগতাৰ ভুক্তভোগী
সঁচাকৈয়ে হেৰাই গ'ল সেই
প্ৰাণখোলা চঞ্চল হাঁহিটি।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)