আটছা আৰু চাহ জনগোষ্ঠী-পঙ্কজ ৰবিদাস

©Admin
0
অসম চোটনাগপুৰি ছাত্ৰ সন্মিলনৰ পৰা আজি বৃহৎ বটবৃক্ষৰ ৰূপ ধাৰণ কৰা অসম চাহ জনজাতি ছাত্ৰ সন্থা, সংক্ষেপে আটছাই ৭৫ টা বৰ্ষ ২০২৩ চনত বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে অতিক্ৰমি এক গৌৰৱগাথা সৃষ্টি কৰিবলৈ সক্ষম হ'ল। এটা অৱহেলিত আৰু তুলনামূলকভাৱে অনুন্নত জনসমষ্টিৰ বুকুত জন্ম লভা এই ছাত্ৰ সংগঠনে মহাৰজত জয়ন্তী গোলাঘাট নগৰত বিস্তৃত কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰিলে।

  অসংখ্য সমস্যাৰ মাজত জীৱন নিৰ্বাহ কৰা আৰু খাতি খোৱা চাহ শ্ৰমিকৰ এক সবল প্ৰতিবাদী কণ্ঠই হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা। বৃক্ষই প্ৰাণী জগতক অম্লজান আৰু আশ্ৰয় দিয়াৰ দৰে চাহ জনগোষ্ঠীৰ লোকসকলেও আটছাৰ পৰা বহু কিবাকিবি আশা কৰে। জাতীয় সমস্যাসমূহ সমাধানৰ বাবে আটছাৰ ক্ৰিয়া -প্ৰতিক্ৰিয়া আৰু কাৰ্যব্যৱস্থালৈ অপেক্ষা কৰে। প্ৰয়াত দূৰদৰ্শী নেতা চাইমনসিং হৰ' আৰু সন্তোষ কুমাৰ তপ্নদেৱৰ সপোনৰ বীজ আছিল এই আটছা। আজি এই বীজটোৱেই অংকুৰিত হৈ এটি কলি দুটি পাতৰ সৈতে লহপহকৈ বাঢ়ি শতাধিক শাখা, উপশাখা আৰু প্ৰাথমিক স্তৰৰ গোট সমিতিলৈ প্ৰসাৰিত হৈ সমগ্ৰ অসমভুমিৰ দ্বিতীয়টো বৃহৎ ছাত্ৰ সংগঠন ৰূপে পৰিগণিত হ'ল।                             আটছাৰ প্ৰতিস্থাপক প্ৰয়াত তপ্ন আৰু হৰ' ডাঙৰীয়া আছিল নিসন্দেহে বিচক্ষণ আৰু দূৰদৰ্শী নেতা। এই দক্ষ মহান নেতা দুগৰাকীৰ প্ৰতিমূৰ্তি স্থাপনকে ধৰি তেখেত সকলৰ স্মৃতি যুগমীয়া কৰিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰেও কিছু ব্যৱস্হা লোৱা পৰিলক্ষিত হৈছে। চাইমন সিং হৰ' দেৱৰ নামত ছাত্ৰবৃত্তিৰ এখন অভিলাসী আচঁনি ৰাজ্য চৰকাৰে ৰূপায়ন কৰি আহিছে। তপ্ন দেৱৰ সোৱঁৰণীত ফুটবল খেলৰ উপৰিও তেখেতৰ জীৱনী সংকলন প্ৰকাশ হৈছে। চাহ জনজাতি ছাত্ৰ সন্হাৰ নামটো বিগত সময়ত কেইবাবাৰো পৰিবৰ্তিত হৈহে আজিৰ ৰূপ পাইছে। এই নামক লৈয়ো মাজে মধ্যে বিতৰ্কই ওক দিয়ে যদিও দৰাচলতে এনে বিতৰ্ক কাম্য নহয়। তাৰ পৰিৱৰ্তে জনগোষ্ঠীটোৰ সামগ্ৰীক বিকাশৰ  বাবে এক সুষ্ঠ আলোচনা-বিলোচনাহে হোৱাৰ প্ৰয়োজন আছে আৰু সেই আলোচনাৰ ফলৰ ভিত্তিত কাৰ্যব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। প্ৰয়াত শিল্পী জয়ন্ত হাজৰীকাই গাইছিল- "শগুনে সদায় সভাকে পাতে, ভাষন পৰি ৰ'ল।" সভা পাতি যদি সভাৰ সিদ্বান্ত সমূহ কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে ভাষনৰ ফুলজাৰি মাৰি মানুহকহে দেখুৱাৰ উদেশ্য থাকে। তেনে সেই সভাৰ নামত সভা পতা কাৰবাৰটোক মানুহে নিশ্চিতভাৱে হাজৰিকাদেৱৰ গীতৰ শাৰীৰ লগতে ৰিজাব।  ভাৰতৰত্ন  প্ৰয়াত ড০ ভূপেন হাজৰিকা দেৱে গাইছিল,- "ঢাক ঢাক ঢাক কেৱল ঢাকেই বজালি, লাখ লাখ লাখ হৈয়ো একো নাপালি। "-এই গীতৰ কথাফাঁকিয়ে চাহ জনগোষ্ঠীৰ দুখ দূৰ্দশা সমূহ প্ৰতিফলিত কৰিছে। এই একো নোপোৱাৰ দুখে যাতে অনাগত সময়ত ক্ৰন্দন কৰি থাকিব লগা নহয়, তাৰো পৰিকল্পনাও ব্যৱস্থা চাহ জনজাতি ছাত্ৰ সন্থাই ল'ব বুলি লক্ষ জনতাই আগ্ৰহেৰে বাট চাই আছে।                                                               চাহ জনজাতি বুলি কোৱা হয় যদিও আজিও এই জনগোষ্ঠীয়ে অসমত জনজাতিৰ মৰ্যাদা নোপোৱাটো উদ্বেগজনক বিষয়। এক ৰাষ্ট্ৰ এক নীতিৰ আধাৰতে চাহ জনগোষ্ঠীয়ে জনজাতিকৰনৰ মৰ্যাদা পোৱাটো একপ্ৰকাৰ জন্মগত অধিকাৰ আৰু নাৰ্য দাবী। চাহ জনগোষ্ঠীৰ উন্নয়নৰ প্ৰধান হেঙাৰেই হ'ল শিক্ষাৰ অভাৱ। শিক্ষাৰ অনগ্ৰহৰতাৰ বাবেই সুৰাৰ প্ৰচলন বৃদ্ধি হৈ সামাজিক পৰিবেশ সকলো স্থানত অনুকূল হৈ থকা নাই। তাৰ ফলস্বৰূপে কুসংস্কাৰ সমূহৰো সময় সাপেক্ষে সংস্কাৰিত বা সংশোধন হৈ থকা নাই। বিশেষকৈ শিক্ষাৰ প্ৰসাৰ আৰু সুস্থ শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিলে আনবোৰ সমস্যাও নিয়ন্ত্ৰিত হ'ব। গতিকে স্বাধীন ভাৰতৰ প্ৰথমজন আইন মন্ত্ৰী তথা ভাৰতৰত্ন ড০ ভীমৰাও আম্বদকাৰ দেৱৰ  - 'শিক্ষিত হোৱা, একত্ৰিত হোৱা আৰু সংঘৰ্ষ কৰা' -এই অমোঘ মূলমন্ত্ৰই সকলো নিপীড়িত মেহনতি জনতাক উত্তৰণৰ পথ দেখুৱাব বুলিব পাৰি। সুখী পৰিয়াল আৰু সুস্থ জীৱনশৈলীৰে এক সমৃদ্ধিশালী জাতি গঢ় দিবলৈ শিক্ষাৰ লগতে দক্ষতাৰো প্ৰয়োজন নোহোৱা নহয়। লগতে আমি একত্ৰিত হৈ সংঘৰ্ষ কৰিলেহে জাতীয় সমস্যা সমূহৰ সমাধানৰ বাট মসৃন হ'ব। বিভাজিত হৈ থাকিলে দূৰ্বলজনে আনৰ ওচৰত লেই-লেই, চেই-চেই হ'বলগীয়াও হ'ব পাৰে। আনহাতে আমি একত্ৰিত হৈ থাকিলে আমাৰ নাৰ্য দাবীসমূহৰ প্ৰতিবাদী কণ্ঠই দিল্লী- দিচপুৰৰ মচনদত কঁপনিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আন নহ'লেও চাহ জনগোষ্ঠীৰ কেইজনমান ব্যক্তিয়ে হ'লেও শাসক হোৱাৰ সুযোগ পাব। অন্যথা জনসংখ্যা অনুপাতে ৰাজকাৰ্যত অংশীদাৰিত্ব নাপাই চাহ জনগোষ্ঠী ক্ৰমাৎ গুৰুত্বহীন হৈ পৰাৰ সম্ভাৱনাও নোহোৱা নহয়।             চাহ জনগোষ্ঠীৰ উন্নয়নৰ আন এক অন্তৰায় হৈছে সমাজত প্ৰচলিত কিছু অনৰ্থক খৰচী ৰীতি-নীতি। এই কুসংস্কাৰ সমূহে অপ্ৰয়োজনীয় ভাৱে সময় আৰু অৰ্থৰ হানি কৰা পৰিলক্ষিত হয়। প্ৰচলিত ৰীতি-নীতি তথা আজো ককা দিনৰ লোকাচাৰ বুলি মানি অহা দুই-এক সংস্কৃতিও বৰ্তমান বৈজ্ঞানিক দৃষ্টিকোণেৰে কুসংস্কাৰ বুলি পৰিগণিত হ'ব পাৰে আৰু এয়া নিৰাময়ৰ একমাত্ৰ ঔষধেই হৈছে শিক্ষা। শৈক্ষিক জ্ঞানেৰে সমৃদ্ধি লাভৰ পিছত নিজেই ভুল-শুদ্ধ নিৰ্ণয় কৰি সময়ৰ লগত খাপ নোখোৱা অপ্ৰয়োজনীয় লোকাচাৰ সমূহ বাদ দি প্ৰয়োজনীয় খিনি গ্ৰহনেৰে সংস্কাৰিত হ'ব পৰা যায়। বিভিন্ন সামাজিক অনুষ্ঠান বা নীতি নিয়মত সুৰাৰ প্ৰয়োগটোও এক কুসংস্কাৰৰ ৰূপ। আজিকালি উৎসৱ-পাৰ্বনত ব্যৱহৃত ডি জে সংস্কৃতিয়ে শব্দ প্ৰদুষণৰ
লগতে শৈক্ষিক বাতাবৰণ নষ্ট কৰি আহিছে। বাগিচাৰ লাইন সমূহত বিয়া-বাৰু, শুদ্ধি, জন্ম দিন, পূজা আদি সকলোতে যেন ডিজেৰ আবিৰ্ভাৱ নহলেই নহয়। ভূতৰ ওপৰত দানহ পৰাদি, আজিকালি যেন ল'ৰাই হওক বা ছোৱালীয়েই হওঁক গুটকা নুচুবালেই যেন দোষে চুব, এনেহেন ভাৱ হয়। এই গুটকা সংস্কৃতিয়ে কিন্তু আনৰ লগতে চাহ জনগোষ্ঠীৰ যুৱচামক ভয়ানকভাৱে ক্ষতি কৰিব। সেয়ে চাহ জনগোষ্ঠীৰ শক্তিশালী সংগঠন হিচাবে আটছাই দায়িত্ব সহকাৰে এইবোৰ নিয়ন্ত্ৰণ বা নিৰাময়ৰ বাবে সঠিক পদক্ষেপ ললে চাহ জনগোষ্ঠীয় সমাজখনৰ কল্যাণ হ'ব।

    ✍️পঙ্কজ ৰবিদাস, তিনিচুকীয়া, ফোন-৯২০৭৩২৮১৩১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)