আলফা চুক্তি মীমাংসা চুক্তিলৈ অৱনমিত হ'ল•নাছিৰ আহমেদ

©Admin
0
শিৱসাগৰৰ ৰংপুৰৰ বাকৰিত জন্ম গ্ৰহণ কৰা সংযুক্ত মুক্তি বাহিনী সংক্ষেপে আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ ৪৪ বছৰ পিছত একাংশ আত্মসমৰ্পণ কৰা আলফাৰ কেদাৰৰ সৈতে দিল্লীৰ গৃহমন্ত্ৰালয়ৰ নৰ্থ ব্লকত যোৱাকালি ৩১ ডিচেম্বৰত ত্ৰিপাক্ষিক আলোচনাৰ ( কেন্দ্ৰৰ গৃহমন্ত্ৰী অমিত ছাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰু ১৬ জনীয়া আলফাৰ কেদাৰ) জৰিয়তে শান্তি চুক্তি স্বাক্ষৰিত হ'ল।

সশস্ত্ৰ আলফাৰ বিপ্লৱৰ প্ৰধান আৰু মৌলিক দাবীসমূহ আছিল ,সাৰ্বভৌম অসম , কেন্দ্ৰীয় চৰকাৰৰ শাসন-শোষণ, লাঞ্চনা, বঞ্চনাৰ অৱসান আৰু দেশৰ সাম্ৰাজ্যবাদী --পুঁজিপতি শ্ৰেণীৰ একচেটিয়া বজাৰ নিয়ন্ত্ৰণৰ পৰা ক্ষমতা কাঢ়ি লৈ সাধাৰণ শ্ৰেণীৰ জীৱনৰ মানদণ্ড উন্নতিকৰণ।
 আলফাৰ সেনাধ্যক্ষ পৰেশ‌ বৰুৱাৰ নেতৃত্বত এই আলফা সংগঠিত হৈ অসম তথা ভাৰতৰ পৰা ওলাই গৈ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তৱৰ্তী দেশ ম্যানমাৰ আৰু বাংলাদেশত আত্মগোপন কৰি এক সুদীৰ্ঘ বছৰ আলফাৰ কেদাৰসকলে অটব্য অৰণ্যত নানা অনুশীলন চলাই অবৰ্ণনীয় দুখ-কষ্ট, দাৰিদ্ৰ্য আৰু দুৰ্বিসহ যন্ত্ৰণাৰ মাজেৰে অক্লান্ত সংগ্ৰাম চলাই গৈছিল। ভাৰতীয় সেনাবাহিনীয়ো বিভিন্ন অপাৰেশ্যন চলাই আলফাক কৰায়ত্ত কৰিবলৈ গৈ উজনি অসমৰ ১০ হেজাৰ নিৰীহ যুৱকক এনকাউন্টাৰ কৰি নিৰ্মম ভাবে হত্যা কৰিছিল আৰু আলফাক আশ্ৰয় দিয়াৰ বাবে অসংখ্য পৰিয়ালৰ সন্তান-সন্ততিক গ্ৰেপ্তাৰ কৰি দীৰ্ঘ সময়ৰ বাবে জে'লত ভৰাই ৰাখি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই গৈছিল। এতিয়াও অসমৰ পুলিচ প্ৰশাসনে আলফাৰ সন্দেহত বহুত যুৱক-যুৱতীক কাৰাৰুদ্ধ বা এনকাউন্টাৰ কৰি নিহত বা আহত কৰি আছে । অৱশ্যে আলফাৰ এই সুদীৰ্ঘ সশস্ত্ৰ সংগ্ৰামৰ কালছোৱাত কেতিয়াবা আলফাও নিৰীহ যুৱকক ভুলক্ৰমে চৰকাৰৰ চোৰাংচোৱা ভাবি কৰায়ত্ত কৰি মৃত্যুদণ্ড প্ৰদান কৰা, ধেমাজি বিস্ফোৰণত কণ কণ শিশুক হত্যা আৰু ৰাছিয়াৰ এজন সৎ অভিযন্তাক গুলিয়াই হত্যা কৰি মাজে মাজে সাধাৰণ মানুহৰ অপ্ৰিয় ভাজন হৈছিল। তথাপি আলফাৰ মৌলিক দাবীসমূহৰ প্ৰতি সকলো অসমবাসীয়ে নিঃশৰ্ত সমৰ্থন আগবঢ়াইছিল। তাৰ পিছত পট পৰিৱৰ্তন ঘটিল। অসমৰ 
কংগ্ৰেছ শাসিত ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বত বাংলাদেশত আত্মগোপন কৰি থকা অৰবিন্দ ৰাজখোৱা,অনুপ চেতিয়া, প্ৰণতি ফুকন আৰু শশধৰ চৌধুৰীকে আদি কৰি একাংশ আলফাৰ কেদাৰক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই গ্ৰেপ্তাৰ হৈ আত্মসমৰ্পন কৰা আলফাৰ কেদাৰসকলৰ সৈতে চুক্তিৰ বাবে কেন্দ্ৰত মাজে মাজে আলোচনা চলাৰ পিছত সুদীৰ্ঘ ১২ বছৰৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৩১ ডিচেম্বৰত হোৱা ত্ৰিপাক্ষিক শান্তি চুক্তি মীমাংসা চুক্তিলৈ বা বুজাবুজিৰ চুক্তিলৈ (MOU)অৱনমিত হ'ল। এই মীমাংসা চুক্তিত সাৰ্বভৌমত্ব, ইনাৰ লাইন বা পাৰপত্ৰ, ৰাজ্যৰ বিশেষ অধিকাৰ, ৰাজ্যৰ সাধাৰণ শ্ৰেণীৰ (General Caste) সংৰক্ষণৰ ব্যৱস্থা আদি মৌলিক দাবীসমূহৰ ওপৰত কোনো আলোচনা নহ'ল। কেৱল কিছুমান অৰ্থনীতি পেকেজ বা সৰু সুৰা দাবী সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সন্মতি প্ৰদৰ্শন কৰিলে। উদাহৰণ স্বৰূপে সমষ্টি পুনৰ নিৰ্ধাৰণত ৰাজ্যিক চৰকাৰৰ আগৰ নীতি অনুসৰণ কৰা হ'ব ।
খিলঞ্জীয়াৰ বাবে বিধানসভাত ৯৫---১০০% সংৰক্ষণ
উন্নয়ন আচঁনিৰ বাবে ১.৫ লাখ কোটি টকা আবন্টন
কৃষিভূমিৰ সংৰক্ষণ
চৰকাৰীভূমি আৰু বনাঞ্চল সংৰক্ষণ
ভূমিহীন খিলঞ্জীয়াক ভূমি বিতৰণ
ভূমিহীন খিলঞ্জীয়াৰ বাবে গঠন হ'ব লেণ্ড বেংক
ভূটানত নিৰুদ্দিৰ্ষ্ট ৯ আলফা পৰিয়ালক সংস্থাপন।
বিদেশী প্ৰৱেশ ৰুধিবলৈ সীমান্তত দু তৰপীয়া নিৰাপত্তা ৰক্ষী নিয়োগ।
পাঁচ বছৰৰ বাবে বিভিন্ন প্ৰকল্পৰ বাবে পাঁচ হাজাৰ কোটি টকা আবন্টন।
সৰ্বমুঠ ৬০ টা প্ৰকল্পত ধন বিনিয়োগ কৰা হ'ব।
ভূমিৰ তথ্য ডিজিটেলাইছ কৰা  
খিলঞ্জীয়াৰ বাবে ভূমি অধিকাৰৰ বিশেষ আইন
৬ষ্ঠ অনুসূচীৰ প্ৰায় ভূমি সম্পৰ্কীয় দাবী ৰূপায়ন।
ৰে'লৰ সামগ্ৰী উৎপাদনৰ প্ৰকল্প স্থাপন।
নাগৰিকে নিৰ্দিষ্ট নিয়মেৰে সমষ্টি সলনি কৰিব পাৰিব।
শিক্ষা, স্বাস্থ্য, পৰ্যটন, বান, ৰে'ল পথ, উদ্যোগ আদিৰ বাবে উন্নয়নমূলক আঁচনি প্ৰস্তুত।
আলফাই অস্ত্ৰ সম্বৰণ আৰু শিবিৰ মুক্ত কৰি দিব লাগিব।
পঞ্চায়তত "অ বি চি" (OBC)ক সংৰক্ষণ দিবলৈ কমিটী গঠন।
ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মৰ্মে এন আৰ চি পুনৰীক্ষণ 
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ 
গুৱাহাটীত আই আই এম ,( IIM) স্কুল অফ প্লেনিং এন্ড আৰ্কিটেকচাৰ(School of Planning and Architecture)আৰু আই আই এছ ই আৰ( I lSER) শিক্ষানুষ্ঠান স্থাপনৰ সিদ্ধান্ত।
সাতখন আগৰ জিলাত সাতখন সাংস্কৃতিক প্ৰকল্প আৰু গৱেষণা কেন্দ্ৰ স্থাপন।

সুদীৰ্ঘ ৪৪ বছৰ সশস্ত্ৰ সংগ্ৰামী দলৰ ১৬ জনীয়া আলফাই সকলো মূল দাবীৰ ওপৰত আলোচনা নকৰাকৈ মীমাংসা চুক্তিৰ নামত কেৱল ১২ দফীয়া দাবী চনদ লৈ কেইবাটাও নিঁচুকনি বঁটা লৈ আত্মসন্তোষ্টিৰ হাঁহি মাৰি অসমলৈ ঘূৰি আহিল। তেওঁলোকে লাভ কৰা দাবী সমূহ বি জে পি শাসিত ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি অনুসৰি লাভ কৰিছে যেন লাগিছে। খিলঞ্জীয়া জনগোষ্ঠীৰ নামত কোন কোন জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে লিপিবদ্ধ কৰিব , তাৰ কোনো স্পষ্টকৈ উল্লেখ নথকাৰ ফলত খিলঞ্জীয়াক দিব বিচৰা সকলো অধিকাৰ বেবেৰিবাং হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। এই দাবী চনদত ৰাজনৈতিক অধিকাৰৰ কথাও সন্নিবিষ্ট নহ'ল। আচলতে নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ বাবে এয়া ললিপপৰ বাহিৰে একো নহয়। এতিয়ালৈকে বড়ো, মিচিং, ডিমাচা আদি জনগোষ্ঠীৰ লগত হোৱা সকলো চুক্তি কাৰ্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই। একমাত্ৰ মিজোৰ লগত হোৱা কেন্দ্ৰীয় চৰকাৰৰ শান্তিচুক্তি কাৰ্যকৰী হৈছে । বাৰ বছৰ ধৰি শিবিৰ পাতি থকা এই আত্মসমৰ্পণ কৰা আলফাৰ কেদাৰসকলে ইয়াতকৈ বেছি একো আশা কৰা নাছিল যেন লাগিছে। 
প্ৰকৃততে আলফাৰ সেনাধ্যক্ষ পৰেশ‌ বৰুৱাই কেন্দ্ৰীয়আখ্যখ্ৰ গঙ্গা চৰকাৰৰ আহ্বানত সঁহাৰি দি শান্তিচুক্তিত অংশগ্ৰহণ নকৰা লৈকে আলফা সমস্যাৰ স্থায়ী সমাধান হ'ব বুলি মনে নধৰে।

✍️নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা।
ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০৫ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)