নৈখনি ✍️নৱজিৎ নাথ

©Admin
0
সেই নদীখন পিতাই বৰ প্ৰিয়
নদীখনৰ সৈতে সদায় পিতাইৰ এক এৰাৰ নোৱাৰা সম্পৰ্ক।
নদীখন পিতাই এক আবেগ।

সেই নদীখন পিতাইৰ বৰ প্ৰিয়
সেই নদীখনৰ মিঠা সুহুৰিত সুৰত,
কল্লোলিত ধ্বনিৰ খোজে খোজে
পিতাই নিতৌ টোপনি যায় আৰু
সেউজীয়া সোণালী সপোন ৰচে ।

সেই নদীখন পিতাইৰ বৰ প্ৰিয়
 নদীখনৰ বাৰিষা বানৰ সময়ত 
নদীখনৰ প্ৰতিটো ঢৌৰ লহৰত, 
নদীখনে যৌৱন প্ৰাপ্তিৰ হাঁহি মাৰে।
সেই নদীখন পিতাইৰ বৰ প্ৰিয়
সেই নদীখন পিতাইৰ বৰ আপোন।

✍️নৱজিৎ নাথ
ছিপাঝাৰ,দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)