চেনেহী আইলৈ হেঁপাহ✍️কল্পনা বৰা

©Admin
0
আই, হেঁপাহবোৰে বুকুত খোপনি পুতিছে জানা !
তোমাৰ শীতল কোলাত মূৰ থৈ এবাৰ জিৰাবলৈ।
আজিকালি তোমাৰ মৰমবোৰে নিজানত বৰকৈ কন্দুৱাই,
খুব কান্দিব মন যায় তোমাৰ বুকুৰ মাজত সোমাই।

আই, মই ঘৰৰপৰা বিদায় লোৱাৰ পৰত
তুমি যে আঁচলেৰে চকুলো মোহাৰিছিলা ,
তোমাৰ চকুলো ভৰা দুনয়ন চাবলৈ মোৰ অলপো সাহস নাছিল জানা,
ভয়ে ভয়ে তোমালৈ চাই
তোমাৰ বুকু শূন্য কৰি খৰখেদাকৈ খোজ লৈছিলোঁ বাটেৰে।
সেইদিনাৰ পৰা যে মোৰ বুকুখন একেবাৰে উকা,
কেতিয়াবা তোমালৈ মনত পৰি বুকুখন বৰকৈ বিষায়,
তোমাৰ হাঁহিটি মনত পেলায়ে চকুলোবোৰ সামৰি থওঁ ।

এই যে পোন্ধৰ বছৰৰ আগতে,
তোমাৰ লিহিৰি আঙুলিত ধৰি খোজ কাঢ়িব শিকাৰ পাছত
তোমাৰ ওচৰৰপৰাই দৌৰি পলাইছিলোঁ !
এতিয়া যে দৌৰি তোমাৰ কাষলৈ আহি
ভাগৰৰ বেলাত তোমাৰ কোলাতে জিৰাব খোজোঁ ।
তোমাৰ দুচকুৰ সপোনবোৰ বুকুত গুজিয়েই
তোমাৰ কাষৰপৰা দূৰ হৈ আহিছোঁ আই,
তোমাৰ কোমল মুখখন মোৰ হৃদয়তে কঢ়িয়াই ফুৰিছোঁ অনবৰতে।
তুমি চিন্তা কৰি নাথাকিবা আই,
তোমাৰ সপোনবোৰ পূৰ কৰিয়েই একেবাৰে যাম তোমাৰ কাষলৈ।
তুমি কিন্তু সুখতে নাকান্দিবা তেতিয়া....
হেঁপাহ পলুৱাই তোমাৰ কোলাতে জিৰাম,
তোমাৰ মুখৰ হাঁহিটিও মন ভৰাই চাম।

            ✍️ কল্পনা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)