আজিৰ দিনটোৰ বিশেষত্ব ৮ জানুৱাৰী -দীপ্তি কুমাৰ

©Admin
0
৮ জানুৱাৰী (ইংৰাজী: 8 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৭টা দিন (অধিবৰ্ষত ৩৫৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী----

১৯১২ - "আফ্ৰিকীয় জাতীয় কংগ্ৰেছ"ৰ প্ৰতিষ্ঠা।
১৯১৮ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উড্ৰো ৱিলছনৰ বিখ্যাত ভাষণ।

জন্ম-----

১৮৭২ - হেমচন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। ১৯২৮ চনৰ ২ মে' তাৰিখে তেখেতৰ মৃত্যু হয়।
১৯০৮ - ফিয়েৰলেচ নাদিয়া, অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন।
১৯০৯ - আশাপূৰ্ণা দেৱী, বঙালী ঔপন্যাসিক আৰু কবি।
১৯২৬ - কেলুচৰণ মহাপাত্ৰ, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, গুৰু আৰু ওদিছি নৃত্যৰ প্ৰসাৰক।
১৯৩৩ - সুপ্ৰিয়া দেৱী, ভাৰতীয় অভিনেত্ৰী।
১৯৩৯ - নন্দা কৰ্ণাটকী, ভাৰতীয় অভিনেত্ৰী।
১৯৪২ - ষ্টিফেন হকিং, বৃটেইনৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী।
১৯৭৩ - মধুলিকা লিড্ডল, ইংৰাজী ভাষাত লেখা-মেলা কৰা এগৰাকী ভাৰতীয় লেখক।

মৃত্যু-----

১৩২৪ - মাৰ্ক’ প’ল’, ইটালীয় ব্যৱসায়ী তথা পৰিব্ৰাজক।
১৬৪২ - গেলিলিঅ' গেলিলি, বিখ্যাত জ্যোতিৰ্বিদ।
১৮৯৬ - পল ভেৰ্লেন, ফৰাচী কবি।
১৯৪১ - লৰ্ড বেডেন পাৱেল, বিট্ৰিছ সেনা বিষয়া, ‘স্কাউট’ শিক্ষা পদ্ধতিৰে প্ৰবৰ্তক।
১৯৫৫ - চৈয়দ মহম্মদ ছাদুল্লা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
১৯৯৩ - কিৰণ বালা বড়া, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক।

সংগ্ৰাহক :দীপ্তি কুমাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)