তোমাৰ ডালিমগুতিয়া
দাঁতৰ চমকণি নাপালোঁ যে ক'তো
তোমাৰ ঘৰে বাহিৰে
আত্মীয়, বন্ধু সকলো মোৰ চিনাকি
তুমিহে অচিনাকি হৈ থাকিলা এটা যুগলৈ...।
নিজলৈও অভিমান হয়
তোমাৰ উশাহৰ শব্দ শুনাকৈ
কাষেৰে পাৰ হৈ যাওঁতেও
কিয় নিচিনিলো তোমাক!
অশলাগী বতাহজাক যে
বৈ আছিল মোৰ সোঁৱে বাৱে
চাগে সেইবাবেই হাততে ঢুকি পাইও
ধৰিব নোৱাৰিলোঁ তোমাৰ ভৰষাৰ দুহাত ।
এটা বিষময় অধ্যায় প়াৰ হল এইদৰেই
তুমি মই অচিনাকি হৈয়ে ৰ'লো
আজি পুৰণি ডায়েৰী বোৰ খুচৰোতে
কলেজীয়া দিনৰ কথাবোৰ মনত পৰিল
তোমাক যে লগ পালোঁ আকৌ,
সপোন যেন লাগিল ।
তুমি আছিলা দৰদী বাঁহীৰ এটি কোমল সুৰ
মই আছিলোঁ এজাক বা-মাৰলি
তোমাৰ সুৰৰ পম খেদি বাউলী হৈছিলোঁ
বিচাৰিহে নাপাইছিলো তোমাৰ পদূলি
তুমিও বজালা এটি কৰুণ সুৰ,
মোক বলিয়া কৰি।
এটা যুগৰ পিছত তোমাক নিজৰ কৰি পাইও
ক'ৰবাত যেন আধৰুৱা সকলো
স্বপ্নবোৰ যেন থমকিব খোজে নোপোৱা দিনৰ স্মৃতি বুটলি
তথাপি আমি পৰিপূৰ্ণ হাতত হাত থৈ
সপোন ৰছো ভবিষ্যতৰ ।
✍️প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা, লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ