স্বাধীনতা : এটি আশা -নবীন চন্দ্ৰ মেধি

@admin
0
নতুনকৈ গোমটি দোকান এখন আৰম্ভ কৰিছে সি । বহু বছৰ ধৰি এখন অপ্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত কিবা এটা ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰিব'লৈ লৈছিল । কিমান দিন আৰু এনেদৰে ভেঞ্চাৰ স্কুলৰ চাকৰি কৰিম । নিজাববীয়াকৈ স্বাধীন ব্যৱসায় এটাকে কৰোঁ বুলি সিদ্ধান্ত ল'লে । মূলধনক লৈহে সমস্যা হৈছিল । 

অৰ্ধাংগিনীয়ে তেওঁক ক'লে - 

কামটো আগতে আৰম্ভ কৰি চাওঁক চোন । যদিহে ব্যৱসায় চলে তেন্তে লাহে লাহে বহলাই গ'লে নহ'ব জানোঁ ? 

কথাষাৰ মিছা নহয় । একেবাৰতে বহুত মূলধন খটুৱাই লোৱাতকৈ প্ৰথমতে কম টকাৰে আৰম্ভ কৰা যাওঁক। একেদিনাই বহুত বেছি বিক্ৰী নহয় । লাহে লাহে ৰাইজে গম পাব । বিক্ৰী বাঢ়ি গৈ থাকিব আৰু পুঁজিৰ সমস্যা সমাধান হৈ পৰিব । 

দিন বাৰ ঠিক কৰি বেকাৰ জীৱনৰ জ্বালা যন্ত্ৰণা অন্ত পৰক বুলি ভাবি সোমবাৰৰ দিনটোতেই দোকানৰ শুভাৰম্ভ কৰাৰ বাবে সিদ্ধান্ত ল'লে । আগদিনা খনেই দোকানৰ সা- সামগ্ৰীসমূহ কিনি আনিছিল । দোকানৰ ঘৰ বেৰ মচি কাঁচি পৰিস্কাৰ কৰা হ'ল । 

অৱশেষত নিৰ্দিষ্ট দিনটো আহি পালেহি । ৰাতিপুৱা সাত বজাত দুয়ো একেলগে দোকানলৈ ওলাই গ'লো । অৰ্ধাংগিনীয়ে সৰু সৰু ল'ৰা ছোৱালী কেইটামানক পায়স অকণমান খোৱালে । তাৰ পিছত বিদ্যালয়লৈ সৰু সৰু ল'ৰা ছোৱালী থ'বলৈ অহা তেওঁৰ ছাত্ৰী এগৰাকীয়ে টিফিনৰ বাবে কিবা এটা কিনিলে । দোকানৰ শুভাৰম্ভ হ'ল । এতিয়া আগন্তুক দিনসমূহৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব । 

ভেঞ্চাৰ স্কুলৰ চাকৰি কৰি পোৱা ছাৰ সন্মানতকৈ স্বাধীনভাৱে দোকান এখন দি দোকানী বুলি মতা সন্মান যথেষ্ট বেছি যেন অনুভৱ হ'ল । পৰিয়ালৰ ভৰণ পোষণৰ ব্যৱস্থা কৰিব পৰা উপায় এটা সৰু হ'লেও সন্মানীয় যেন লাগে । কাৰণ চৰকাৰৰ মুখলৈ বাট চাই চাই পেটত গামোচা বান্ধি জীয়াই থকাৰ আনন্দতকৈ স্ব- ৰোজগাৰ বহুত বেছি ভাল । চৰকাৰৰো মূৰৰ কামোৰণি দূৰ হৈ পৰে । এটা আশাৰ সঞ্চাৰ হ'ল । দোকানৰ ভিতৰত বহি বহি তেওঁৰ এই কথাবোৰেই মনলৈ আহিব'লৈ ধৰিছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)