দৰং জিলাৰ লোক উৎসৱ দেউল আৰু প্ৰচলিত লোকবিশ্বাস-নৱজ্যোতি কাশ্যপ

@admin
0
যদি সোধা যায় দৰং জিলাত এনেকুৱা কি উৎসৱ আছে,যিটো অসমৰ আন জিলাত দেখিবলৈ পোৱা নাযায়,সেইটো হৈছে দৰং জিলাৰ "দেউল "উৎসৱ।
            লোকবিশ্বাস আৰু শিয়ালা বৈষ্ণৱ চৰিতৰ মতে 
খ্ৰীষ্টীয় একাদশ শতিকাত শিয়ালা বৈষ্ণৱৰ পিতৃ ধৰ্মদেৱ বিপ্ৰ ভূঞাই ছিপাঝাৰ অঞ্চলৰ অন্তৰ্গত বৰবাৰী(বৰ্তমান বৰদৌলগুৰি হিচাপে জনাজাত)ত সত্ৰ পাতি বসবাস কৰিছিল । ছিপাঝাৰ অঞ্চলৰ বৰ্তমানৰ বৰদৌলগুৰিতে বিষ্ণু পূজাৰ জৰিয়তে দেউল উৎসৱৰ আৰম্ভণি কৰিছিল, তেওঁৰ দিনতে দেউল উৎসৱ উপলক্ষে তৈয়াৰ কৰা বৃহদাকাৰ দ’লটো প্ৰায় ৯০০ বছৰ ধৰি এতিয়াও বৰদৌলগুৰিত সগৌৰৱে থিয় হৈ আছে । সেই দ’ল সাজোঁতে সৃষ্টি হৈছিল বৰপুখুৰী যিয়ে আজিও দৰং জিলাৰ প্ৰথম দেউল উৎসৱৰ সাক্ষী বহন কৰি আছে । সময়ৰ লগে লগে বৰবাৰী বৰ্তমানৰ বৰদৌলগুৰি দেউল উৎসৱ দৰঙৰ চুকে-কোণে বিয়পি পৰে । বৰ্তমান গোটেই বহাগ মাহৰ প্ৰত্যেকটো দিনতে দৰঙৰ বিভিন্ন ঠাইত মহা প্ৰয়োভৰেৰে এই দেউল উৎসৱ পালন কৰা হয়।  
             আন এক লোক বিশ্বাস মতে দৰংজিলা শাসন কৰা দৰঙী ৰজাসকলে বহাগ মাহৰ কোন তাৰিখে কোন কোন স্থানত দেউল অনুষ্ঠিত হ’ব তাক নিৰ্ধাৰণ কৰি দিছিল।
      সমান্তৰালভাৱে দৰং জিলাৰ প্ৰথম দেউল উৎসৱ অনুষ্ঠিত হোৱা বৰবাৰী(বৰ্তমানৰ বৰদৌলগুৰি) লগত বিশেষ যোগসূত্ৰ থকা হেতু ছিপাঝাৰৰ আন এক ঠাই ঘোঁৰাবান্ধাত প্ৰতিবছৰৰ ব’হাগ মাহৰ ১২ আৰু ১৩ তাৰিখত পালন কৰি অহা দেউলেই পৰৱৰ্তী পৰ্যায়ত বিস্তৃত কাৰ্যসূচী সামৰি লোৱাৰ বাবে দৰঙৰ শ্ৰেষ্ঠ দেউল হিচাপে বিবেচিত হৈছে আৰু বৰ্তমানে ও এই ধাৰা অব্যাহত আছে। উক্ত ঘোঁৰাবান্ধা দেউলৰ অধিবাসৰ দিনা ওজাপালি পৰিৱেশন কৰাটো এক পৰম্পৰা। উক্ত অনুষ্ঠানে মানুহৰ অপায়-অমংগল, অশান্তি দূৰ কৰে বুলি দৰঙীয়া ৰাইজৰ মাজত প্ৰচলিত হৈ অহা এক লোকবিশ্বাস।
                তাপৰ্য্যৎপূৰ্ণভাবে উক্ত উল্লিখিত লোকবিশ্বাসৰ সমূহৰ লগতে আন কেতবোৰ লোকবিশ্বাসে সদায় সকলোকে আপ্লুত কৰি আহিছে। কাৰণ এই লোকবিশ্বাসসমূহ প্ৰতিফলিত হৈ আহিছে। এই লোকবিশ্বাসসমূহ হৈছে- 
              ব'হাগৰ ৬ তাৰিখে বিহুভাঙাত অনুষ্ঠিত দেউল উৎসৱৰ দিনা বৰষুণ,বতাহ-শিলাবৃষ্টি হ'ব বা হৈ অহা পৰিলক্ষিত হৈ আহিছে। 
               ঠিক একেদৰে ব'হাগৰ ৮ তাৰিখে খটৰা সত্ৰত অনুষ্ঠিত দেউল উৎসৱৰ দিনা আবেলি সময়ত বতাহ-বৰষুণ হয়।
                 তাৰ লগতে ব'হাগৰ সময়ত দেউল উৎসৱৰ বিবাহৰ অনুষ্ঠানৰ লগৰ সম্পৰ্ক আছে। লোকবিশ্বাস মতে বিবাহৰ উপযুক্ত ল'ৰা ছোৱালীয়ে যেতিয়া প্ৰিয়জনক দেউল উৎসৱত লগ অথবা সাক্ষাৎ কৰে ,সেইদিনাই মা-দেউতাকৰ অগোচৰে বিবাহ হয়,তেনে বহু উদাহৰণ সাক্ষী হৈ আছে দৰঙীয়া ৰাইজৰ মাজত। এই ক্ষেত্ৰত উল্লেখযোগ্য বুঢ়ীনগৰ"আৰু "শিলৰখুঁটি বুঢ়া গোসাঁই "ত অনুষ্ঠিত দেউল উৎসৱ। এই দুখন ঠাইত অনুষ্ঠিত হোৱা দেউল উৎসৱৰ দিনা উক্ত দেউল উৎসৱৰ পৰা বিবাহ উপযুক্ত ল'ৰা-ছোৱালী প্রিয়জনৰ সৈতে পলাই তথা পলুৱাই লৈ যোৱাটো এটা সাধাৰণ ঘটনা হিচাপে ৰাইজৰ মুখে মুখে প্ৰচলিত এক লোকবিশ্বাস।
               দৰং জিলাবাসী ৰাইজৰ বাবে "দেউল উৎসৱ"ৰ মাহাত্ম্য বহুত বেছি। "দেউল"ৰ দিনা "বিষ্ণু পূজা"কৰা আৰু" দেউল উৎসৱ" দৰ্শন কৰা দুয়োটা দিশকে পবিত্ৰ হিচাপে মানি আছিল,আছে আৰু ভৱিষ্যতলৈ ও থাকিব। এয়া দৰঙী লোক-বিশ্বাসৰ অনন্য বহিঃ প্ৰকাশ। দৰং জিলাৰ গৌৰৱৰ থল "দেউল উৎসৱ" ৰ এই ধাৰা দৰঙীয়া ৰাইজৰ মাজত চিৰদিনৰ বাবে অটুট থাকক।

বি.দ্ৰ: তথ্যৰ বাবে Assamintro.com ৰ সহায় লোৱা হৈছে লগতে দৰংবাসী লোকৰ মুখে মুখে প্ৰচলিত লোকবিশ্বাসৰ আলম লৈ লিখা হৈছে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)