এটি কবিতা আপোনাৰ নামত - কল্পনা বৰা

©Admin
0
অনুভৱৰ খৰস্ৰোতা সাগৰখনৰ এটি উত্তাল ঢৌ আপুনি
আৰু.....
কোনোবা মায়াময় কাৰেঙত জিলিকি উঠা এপাহি পাৰিজাত ।
বহুদিনেই হয়তো হ'ল
এটি কবিতা নিলিখা আপোনাৰ নামত
কিন্তু শব্দহীনতাৰে ভালপোৱাৰ হিচাপ জানো কৰিব পাৰি !
নে জুখিব পাৰি  মৰমৰ নামেৰে বৈ থকা নিজৰাটোৰ গতিবেগ !
অস্তমুখী সুৰুযৰ ৰাঙলী বেলাৰ সাক্ষী হৈ 
আপোনালৈ মোৰ প্ৰশ্ন- "হেঁপাহবোৰে কিয় আমাৰ বুকুত সপোনৰ ঘৰ সাজে?"
-"এটি তৰাৰ দৰেই দুচকুত জলমলাই উঠে?"
মোৰ মুখত সন্তুষ্টিৰ হাঁহিৰেখা আঁকি আপোনাৰ উত্তৰ --
"যিদিনাই এই হেঁপাহবোৰৰ মৃত্যু হ'ব, সেইদিনাই বুজিবা ভালপোৱাবোৰো উৱলিছে ।"

কেতিয়াবা মেলি চাই বিভোৰ হৈ পৰেনে আপুনি 
সৌ তেতিয়াৰ পৰা এতিয়ালৈ ভালপোৱাৰ ৰঙীন পৃষ্ঠাবোৰ ! 
মই কিন্তু মাজে মাজে মেলি চাওঁ
এনে লাগে যেন মই ওমলি আছোঁ ভালপোৱাৰ এখন মধুৰতম পৃথিৱীত 
য'ত কেৱল প্ৰিয়জন নামেৰে আপুনি আৰু মই ।
কেতিয়াবা জানে,ভুলবশতঃ অকলশৰে‌ হাঁহি থাকোঁ
বাস্তবলৈ উভতি আহিলে নিজেই নিজৰ লাজত পৰোঁ।
কেতিয়াবা আহিবচোন মোৰ প্ৰিয় আবেলিৰ পৰত
আহঁতজোপাৰ তললৈ....
হেঙুলীয়া বেলিটি,ঘননীলা আকাশখন
সৌ গগনচুম্বী চৰাইজাক আৰু বতাহত হালি থকা শুকুলা কঁহুৱাবন 
--সাক্ষী হৈ ৰ'ব যুগে যুগে আমাৰ মৰমবোৰৰ ।
কোনোবা মুহূৰ্তত বিচাৰিলেই হাতখন কাষত নাপালে
ওলাই যাম অকলশৰে নৈখনৰ পাৰলৈ
য'ত মৰমবোৰে আপোনাৰ হাতবাউলি দিব
দুচকু মুদিলেই আপোনাৰ হাঁহিয়ে তিৰবিৰাই উঠিব।

বিশ্বাসৰ হাতখনে সদায়ে মোৰ দুহাত ৰাখিবনে সামৰি !
মৰমবোৰৰ ভৰত বৈ পৰা
সুখৰ চকুলোবোৰ দিব নেকি কেতিয়াবা মোহাৰি ? 

                  ✍️ কল্পনা বৰা 
                    গোলাঘাট জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)