মই নাৰী -শতাব্দী শৰ্মা

©Admin
0
মই সসাগৰা পৃথিৱীৰ জন্মদাত্ৰী নে! 
চঞ্চল খোজেৰে লাস্যময়ী ৰূপহী ! 
মই হিমালয়ৰ বিস্তীৰ্ণ বলুকাৰাজি নে! 
মই প্ৰতি মানৱৰ স্মৃতিৰ পাপৰি ! 
মই মাহ আৰু ঋতুৰ জাননীদাত্ৰী,
নে বলিয়া ফাগুনৰ মতলীয়া পখীটি ! 
মই কহুৱা তুলাৰ দৰে কোমল ,
 নে মই কাঠৰ দৰে কৰ্কশ! 
যেনেদৰে উপমা নিদিয়ক কিয়,
মই নাৰী ! 

✍️ শতাব্দী শৰ্মা
   নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)