ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ২৪ •নবীন চন্দ্ৰ মেধি ।

@admin
0
সহপাঠী বন্ধু তথা সখা জিতুকান্ত শইকীয়াৰ দেউতাক অৰ্থাৎ তাৱৈৰ বছেৰেকীয়া পালেহি । যোৱাবছৰ ১৭ জানুৱাৰী ( ২০২৩ ) তাৰিখে প্ৰায় এক দেৰমাহ দিন ইফালে সিফালে ঘুৰাই লৈ ফুৰাৰ অন্তত সিদিনা নিশা তাৱৈৰ জীৱাত্মাই দেহৰ পৰা মুক্তি লাভ কৰিছিল । ছয় জানুৱাৰীত এইবাৰ বছেৰেকীয়া শ্ৰাদ্ধানুষ্ঠান পাতিবলৈ লৈছে । যোৱাসপ্তাহতেই সখা আহিছিল । আগতীয়াকৈ নিমন্ত্ৰণ কৰি গৈছিল । 

নিৰ্দিষ্ট দিনা ৰাতিপুৱা দহ বজাত কৌশিকক লগত লৈ সি সকাম খাবলৈ ওলাল । বছৰেকীয়া শ্ৰাদ্ধানুষ্ঠান ভাগলৈ ভকত বহুত নিমন্ত্ৰণ কৰিছিল । 

পিছদিনাখন বিনয়দাৰ দেউতাকৰ সকাম । বিনয়দা মানে বিনয় কুমাৰ চুতী‌য়া । সৰুপথাৰৰ গন্ধকৰৈ বিলনিগাঁৱত ঘৰ । আগতে এবাৰ বন্ধুৰ লগত মাকৰ মৃত্যুৰ পাছত খবৰ ল'বলৈ গৈছিল । দুবছৰৰ পিছত দেউতাক ঢুকাল । বিনায়দা হৈছে নিৰ্মল কুমাৰৰ ছাহাৰাৰ চিনিয়ৰ বছ । ২০০৯ চনতে তেখেতে নিৰ্মল কুমাৰ আৰু জিতুকান্তক ছাহাৰাৰ লগত পৰিচয় কৰাই দিছিল । তেখেতৰ কৃপাতেই বিগত ১৪ বছৰে ছাহাৰা ইণ্ডিয়া কোম্পানীৰ কৰ্মকৰ্তা হিচাপে কৰ্মৰত হৈ আছিল । কিন্তু দুৰ্ভাগ্যবশতঃ ২০২২ চনত ছাহাৰা আৰু ছেবি ( SEBI )ৰ মাজত চলি থকা অন্তৰ্দন্দৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লগা হয় । ছাহাৰাই কেছত জয়লাভ কৰিবলৈ সক্ষম হৈছিল যদিও চৰকাৰে বাজেয়াপ্ত কৰি থোৱা ২৫,০০০ কোটি টকা এতিয়াও ঘুৰাই নিদিয়াত ছাহাৰা নিৰুপায় হৈ পৰে । এই পৰ্যন্ত চৰকাৰে টকা ঘুৰাই দিয়া নাই । গ্ৰাহকসকলৰ বিলাই বিপত্তি নোহোৱা হৈ পৰিছে । সিহঁতে বুজি নাপায় ছাহাৰাই কিয় ধন দিব পৰা নাই । মুঠতে টকা লাগে । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)