বিদায়-নৱজিৎ নাথ

@admin
0
বিদায় শব্দই ,
এক কৰুণ অনুভূতিৰ বতৰা।
বিদায়ক সময়ৰ আহ্বানৰে, 
আবেগৰে সদায় প্ৰত্যাখ্যানৰে ,
কেতিয়াও প্ৰতিহত কৰিব নোৱাৰি।
বিদায় সঁচাকৈ এক সুকীয়া অনুভৱ।।

বিদায় শব্দই,
এক বেদনাদায়ক অনুভূতিৰ বোলনি।
বিদায় মানেই সদায় শেষ যদিও, 
বিদায়ই সদায় আৰম্ভণিৰ সঞ্চাৰ। 
জীয়াই থকাৰ নিবিড় প্ৰেৰণাৰ উৎস।।

বিদায় শব্দই,
বিৰহ জীৱনৰ এক অনুভূতি,
যদিও ই এক প্ৰকৃতিৰ ৰীতি- নীতিৰ
আবদ্ধ এক নৈতিক নিয়ম শৈলী।।
বিদায় সোণালী সঞ্জীৱনীৰ আবাহন।
স্মৃতিৰ মণিকোঠাত সদায় ফুলি ৰোৱা,
প্ৰতিটো স্মৃতিৰ জীয়া সাক্ষী স্বৰূপ।।

বিদায় শব্দই,
সময় পৰিবৰ্তনৰ সুঁতিৰ এক বাহক।
বিদায় সদায় সুনিশ্চিত নিয়ম।।
বৰ্তমানবোৰ সদায় ভবিষ্যতৰ দিশলৈ,
চিৰপ্ৰবাহিত হোৱা নতুন আৰম্ভণিৰ 
এখনি বিশাল সোণালী ইতিহাস ।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)