অনুভৱৰ ফাকেৰে অতীত আৰু বৰ্তমানত সময়ৰ সতে এক পৰিৱেশৰ বিশ্লেষণ•জ্যোতিষ্ক বৰুৱা

Rinku Rajowar
0
সামূহিক অভিভাৱকত্বৰ অভাৱেই হৈছে সমাজ খনৰ পৰিৱেশ বিনষ্টৰ এক কাৰক ৷ সামাজিক পৰিৱেশত মানুহে মানুহৰ প্ৰতি দায়বদ্ধতাৰ লগতে দায়িত্ব,নৈতিক কৰ্তৱ্যবোধৰ ছন্দবোৰত যথেষ্ট ঘূণে ধৰিছে ৷ চুক বা চুবুৰী,গাওঁ তথা সমাজ খনত মানুহৰ চিন্তাৰ পৰিধিত যেন কোনোবাখিনিত ফাঁট মেলিছে ৷ সুস্থ পৰিৱেশ আৰু সৃজনশীল পৰিৱেশৰ মাজৰ পৰা আতৰি মানুহ নিজ নিজ চিন্তাৰ নিমগ্নতাত ওচৰ-চুবুৰীয়াৰ প্ৰতি,ওচৰৰ পৰিয়ালৰ লোক বা সন্তানৰ প্ৰতি দায়বদ্ধতা,দায়িত্ববোধ,কৰ্তৱ্যবোধৰ লগতে শাসন, মৰম,নৈতিক শিক্ষাৰ জ্ঞান দিয়াৰ পৰা বিৰত হৈ পৰিছে ৷ কেৱল নিজৰ পৰিয়াল,সন্তানক লৈ হে ব্যস্ত ৷ শিক্ষা,খেলা-ধূলা,সামাজিক ৰীতি-নীতি,আধ্যাত্মিকতা,সাংস্কৃতিক চৰ্চাৰ পৰিৱেশ এটি গঢ়ি উঠাৰ বাতাবৰণ উৎপন্ন কৰিৱ পৰা দিশ তৈয়াৰ কৰিৱ পৰা নাই ৷
ল'ৰালি কালত মই কৰা এটা অনুভৱ এটাৰ মাজত আজিৰ অনুভৱ বৰ্তমানত এক অভাৱ দেখিছো ৷ সৰুতে স্কুলৰ সময়ত খেলা -ধূলা কৰি থকা দেখিলে ওচৰৰ কোনোবাই সেই সময়ত দেখিলে স্কুললৈ যাৱলৈ সোঁৱৰাই দিয়া,দুই এজন ওচৰৰ ব্যক্তি সৰুৰে পৰা মনৰ পৰা অলপ ভয় ভাৱ থকা ব্যক্তিক কৈ দিম বুলি ভয় দেখুওৱা,বা কৰবাৰ পৰা সেই কেইজন ব্যক্তি ঘৰলৈ আহিলে কিতাপৰ টেবুলত পঢ়িৱলৈ আৰম্ভ কৰা ৷ কেতিয়াবা  বদমাচি কৰিলে ওচৰৰ দুই এজনে দুষ্টামি কৰা দেখিলে কৃত্ৰিম ভয় আৰু  শাসন কৰাৰ লগতে দুই এচাত দিলে ঘৰৰ মানুহে গাত পাতি নলৈ আৰু দুই এচাত দিবলৈহে ওলোটাই কোৱা শাসনৰ ব্যৱস্থাটো একেবাৰে যেন নোহোৱা হল ৷ আনকি একেখন ঘৰতে থকা নতুবা ককা,আইতা,খুড়া,খুড়ী,পেহী ইত্যাদিবোৰে এনে ধৰণৰ শাসন কৰিৱ বিচাৰিলেও সন্তানৰ ভুল থাকিলেও মাক -দেউতাকে বিৰোপ মানসিকতাৰহে পৰিচয় পোৱা যায় ৷ আনকি যৌথ পৰিয়াল সমূহত নিজৰ সন্তান সকলক পৰিয়ালটিৰ আন সদস্য সকলৰ মাজত খেলা ধূলা কৰি থকা সময়ত মনে মনে আকাৰে ইংগিতে তাক মাতি ভালৰো,ভাল হওক বুলি ভাল বুলি ভৱা বস্তু লুকুৱাইহে খাৱলৈ দিয়া হয় ৷ এই পৰিৱেশটো কিন্তু এতিয়াহে হৈছে ৷ সৰুতে আমাৰ দিনত কিবা বস্তু যদি ঘৰত আমাৰ মা-দেউতা খুড়া-খুড়ী,পেহীয়ে আনে সকলোকে ভগাই দিয়ে নহলে সিহঁতৰ মাজতে ভাগ বিতৰণ কৰি খাবলৈ পৰামৰ্শ দিয়াৰ লগতে সমানে,ভগাই লৈছে নাই তাকো নিৰীক্ষন কৰাৰ লগতে নজৰ দি থাকে ৷ বৰ্তমানত সেই অভাৱটো আমাৰ সমাজত গ্ৰাহ নকৰা নহয় ৷  এই অভাৱ নব্বৈ শতাংশই দেখা দিছে ৷ সৰুতে দেখিছিলো  মোৰ ককাদেউতাৰ দুজন নিজৰ ভাইৰ লগতে ককাদেউতাহঁত  নিজৰ দদাই হঁতৰ মাজত অকৃত্ৰিম মিলাপ্ৰীতি ৷ মোৰ ককাদেউতা ডাঙৰ আছিল ৷ ঘৰত হাঁহ-কুকুৰা ইত্যাদি ৰান্ধিলে ইঘৰে সিঘৰত দি অহাটো যেন পৰম্পৰা এক মৰম চেনেহ ৷ সৰু ককাদেউতা ঘৰৰ আইতাহঁতে হওঁক মোৰ ডাঙৰ ককাৰ আইতা হওঁক ৰাতি হলেও চাকি এটি লৈ চাকিৰ পোহৰত এটা কাঁহৰ বাটিত এবাটি মাংসত এটুকুৰা এঙাৰ,এটা জলকীয়া লৈ তিনিঘৰতে বিতৰণ কৰিছিল ৷ এটি সামান্য কিবা এটা পালেও ভাগ বিতৰণ লাগিলে সামান্যই হওক তাক তৃপ্ততাৰ লগতে সমিল মিলৰ বান্ধোনৰ পৰিচয় দিছিল ৷
আজি যেন সেই দিন নাই ৷ একেজনী মাকৰ একেটা বাপেকৰ সন্তান দুটা হওক তিনিটা হওক কাৰোৰে সতে মিল নাই ৷ পুতেক বোৱাৰীয়েকবোৰৰ মাজত  মিলামিচা কৰাই দিয়াৰ সাহস কৰিব নোৱাৰেই অন্য এজন পুতেকৰ ঘৰত খাৱলৈ যাৱলৈ ভয় কৰে  ৷ কাৰণটো কি  ??? সিহঁতৰ মতানৈক্যৰ মাজত মাক -দেউতাকো নিমাত হ'ব লগীয়া হয় ৷ যি পুত্ৰৰ ঘৰত থাকে সেই পুত্ৰৰ নাতি ৰ বাদে বাকী পুত্ৰৰ নাতিক অলপ মৰম কৰা দেখিলেই যেন আশ্ৰয়ত থকা পুত্ৰৰ কাষত যেন এটা বৃহৎ জগৰহে লাগে ৷ এনে পৰিস্থিতি বাৰু আমাৰ মাজত কিয় হৱ ধৰিছে আমাৰ সমাজ খনে কেতিয়াবা অনুভৱ কৰিছেনে  ?????
অন্য এক কথা আমাক মা-দেউতা,ককা-আইতাই,খুড়া-খুড়ী হঁতে এইজন তোমাৰ ককা,খুড়া,দাদা,মামা,বাইদেউ,পেহী সম্বন্ধবোৰ সম্বোধন কৰিবলৈ শিকাইছিল ৷ কিন্তু  পেহী সম্বন্ধবোৰ,নে সম্বন্ধীয়,নে গাওঁৰ জ্ঞাতি সম্পৰ্কীয় এইবোৰ কিমান দূৰ কিমান নিকত সম্পৰ্কীয় এইবোৰ জ্ঞান নিদিছিল ৷ মনত এটাই ধাৰণা দিছিল খুড়া মানেই খুড়া,পেহী মানে পেহী, মামা মানেই মামা,ককা মানেই ককা ৷এনেবোৰত ককা খুড়া,বৰদেউতা যি সমন্ধ নহওক আপোনতাৰ এক সুৱাসেৰে পৰিৱেশ এটি সমাজ খনত সৌৰভ বিলোৱাৰ দৰে মনত সাঁচ দিছিল ৷ যি আছিল অকৃত্ৰিম নিজৰেই নে জ্ঞাতিৰে নে সম্পৰ্কীয় এই বিলাকৰ  ধাৰণাৰ অনুভৱ হৃদয়ত শিপাবলৈ দিয়াই নাছিল ৷ কিন্তু বৰ্তমানত সেই পৰিৱেশ নাই ৷তেতিয়াহলে আমাৰ ভূল ক'ত আমি অনুধাৱন কৰা উচিত ৷ আমি কোন খিনিৰ পৰা আমাৰ এই পৰিৱেশটো হেৰুওৱাই পেলালো  তাক নিৰিক্ষণ কৰি পুনৰ সংস্কাৰিত ৰূপত আগৰ নিচিনা ৰূপ দিয়া উচিত ৷ 

✍ জ্যোতিষ্ক বৰুৱা 
       নামৰূপ /অসম
     মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)