দ্ৰোপদী▪️পঙ্কজ ৰবিদাস

@admin
0
শুনা দ্ৰুপদী ভাৰত নন্দিনী। নহ'বা অবলা, নহ'বা পুতৌৰ পাত্ৰী।। দেহাৰ আৱৰণ চম্ভালা আপুনি।                       
লাজ বচাবলৈ নাহে গোবিন্দ আজি।। প্ৰয়োজনে হোৱা মহিষমৰ্দিনী দূৰ্গতিনাশিনী। অথবা মহাকালী, ধৰি ৰণচণ্ডী মূৰ্তি।। কাৰণ ত্ৰাণকৰ্তা গোবিন্দ নাহে আজি। শুনা দ্ৰুপদী ভাৰত নন্দিনী।।                              
 চল কপতৰ চহাই ভূমি, হাইব্ৰিড ঘৃণাৰ বীজ সিঁচি, মানৱতাৰ কবৰ খান্দি , আজিৰ নেতাই কৰে ৰাজনীতিৰ খেতি ।           
সেই ৰাজনীতিৰেই ধৃতৰাষ্ট্ৰ নৃপতি । কাষত মন্ত্ৰণাদাতা এজাক শুকুনি।। সেয়ে দেশে দেশে বস্ত্ৰহীনা দ্ৰোপদী ।                    
লাজ বচাবলৈ নাহে গোবিন্দ আজি ।। অশ্ৰুৰ ঢল বোৱাই আনি, তুমি কাক কৰিবা মিনতি? দুশাসনে নুবুজে অবলাৰ উচুপনি।                     
শুনা দ্ৰুপদী মণিপুৰ নন্দিনী।। অবলাৰ বিশেষণ সেয়ে এৰি হোৱা তুমি বীৰঙ্গনা নাৰী শক্তি।                         
শুনা শুনা দ্ৰোপদী ভাৰত নন্দিনী                       
লাজ বচাবলৈ নাহে কোনো গোবিন্দ আজি।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)