সুৱৰ্ণ•জ্যোতিষ্ক বৰুৱা

Rinku Rajowar
0
(মোৰ মৰমৰ পত্নী সুৱৰ্ণৰ হাতত মৰমেৰে)

এজাক বৃষ্টি হৈ আহিবা এদিন তুমি 
মোৰ ৰিক্ত হৃদয় খনিলৈ,
মোৰ যন্ত্ৰণাৰ এভাগী সাৱটি লবা,
নিশাৰ নিৰ্জনতাত ফুলি ৰবা
এপাহি অনাঘ্ৰাত ৰজনীগন্ধা হৈ,
তোমাৰ প্ৰেমেৰে মোৰ পদূলিত খোজ থবা,
তোমাৰ সান্নিধ্যত পাৰ হব
ক'ত ক'ত জোৱাৰ ,
ক'ত অনাবিল সৃষ্টিৰ বাসনা ,
স্মৃতিৰ পাপৰিবোৰ বুটলি 
তুমি মোৰ মাজত বাস্তৱৰ 
ফুল হৈ ফুলি ৰবা হৃদয়ত চিৰদিন ,
তোমাৰ অপূৰ্ব সুবাসত মই
হৈ ৰম বিস্ময় বিমুগ্ধ ।

✍ জ্যোতিষ্ক বৰুৱা
নামৰূপ/অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)