বোৱতী নৈৰ দৰে,
বৈ যায় নিৰৱচ্ছিন্নভাৱে সাগৰত ঢৌ তুলি তুলি।
বোকা, বালিৰ দৰে
সুখ দুখ, হাঁহি - কান্দোন,
আৰু কত যে কি
কঢ়িয়াই লৈ ফুৰে সময়ে।
জুখি মাখি চালোঁ,
প্ৰতিটো টোপাল সময়।
তুলাচনীতচোন নহয় সমান!
মৰম - বিশ্বাসবোৰ তুলি দিলোঁ
আনফালে হেচাঁ মাৰি ধৰিলে
প্ৰতাৰণা আৰু বিশ্বাসঘাটকতাই।
সহায়ৰ হাতখন,
সমূহৰ উন্নতি তুলি দিলোঁ তুলাচনী চাই,
ভীৰ কৰেহি ষড়যন্ত্ৰ, অপবাদ, হিংসা - প্ৰতিহিংসাই।
সপোনবোৰ আশাবোৰ ভগাই লৈ ভাবিলোঁ,
একেটা মুদ্ৰাতে থাকিব পাৰিম চাই।
সময়েচোন উটুৱাই নিলে
প্ৰচণ্ড ঢৌ তুলি
বুকুখন উকা কৰি পেলাই।
হৃদয়ৰ কোঠালিত ৰাখিলোঁ,
আথেবেথে কলিজাৰ ৰক্তৰে জীয়াই।
শকতি বাহুবল পাই
আজিচোন মৰুভূমিত এৰি যায়
হৃদয়খনিৰ বদনাম গাই।
সময় আগৱাঢ়ে
বাৰিষাত কৰা অভিমান, খং,
কঠোৰ বুজনিৰ ঢৌবোৰ
ক্ৰমশ নিতাল মাৰি শীৰ্ণকায় ৰূপ লয়।
নাথাকে কোনো অভিমান,
নকৰে ভ্ৰুক্ষেপ তাক কৰা অপমান।
মাথোঁ বৈ যায়,
মাথোঁ বৈ যায়,
মাথোঁ বৈ যায়!!!
ৰঙীন পোহৰত
গিলাচত বাকী দিওঁ দুখ সুখ, হাঁহি কান্দোন বোৰ।
উত্তাল সংগীতৰ চেৱে চেৱে পাহৰি যাওঁ অতীত,
নতুনৰ সুগন্ধত বলিয়ান আমিবোৰ।
সকলোবোৰ নদী জানোঁ একে !
কাৰোবাৰ আছে একাবেঁকা সৰ্পিল গতি,
কোনোবাখন শান্ত সমাহিত মসৃণ,
খেনোৰ আকৌ নাই কোনো আশা ভৰষা
পৰি আছে মৃত্যুৰ ক্ষণ গণি গণি।
কোনোৱে ভাগৰি নপৰি লৰ ধৰিচে
ফেনে ফোটোকাৰে সাগৰলৈ বুলি।
✍️পাপু শইকীয়া
চিনাতলী (গোলাঘাট)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ