জীয়াই আছোনে-সৌৰভ কুমাৰ বৰুৱা

©Admin
0
দিনটোৰ মাজে মাজে
শৰীৰটো একোবাৰ খেপিয়াই চাওঁ ।

এখন হাতেৰে আনখন হাতত
পালচ ঠিকে আছেনে নাই চাওঁ।
মই জীয়াই আছোনে !

বুকুখনত হাত দি চাওঁ
ঢপঢপনি বন্ধ হৈ যোৱা নাইতো !

শ্বাস প্ৰস্বাস পৰীক্ষা কৰোঁ 
সঁচাকৈয়ে নিশ্চিত ভাৱে 
মই জীয়াই আছোঁ নে !

হয় মই আচলতেই জীয়াই আছোঁ ।
হে ঈশ্বৰ তোমাক অশেষ ধন্যবাদ 
অন্ততঃ এই মূহুৰ্তত তুমি
মোৰ সৈতে আছা ।

ঈশ্বৰক মই এই বাটেৰেও 
দৈনিক লগ পাই থাকো । 

✍️সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)