মন দিলো মনে মনে -চাদ্দাম হুছেইন

©Admin
0
এইযে তোমাৰ দুচকু
যেন তুমি আৰু মই, 
অজান দেশৰ তুমি 
ক'ৰবাত ৰৈ আছোঁ আমি !

বজাৰ সামৰিব হʼল
এতিয়া ঘৰলৈ উভতি যাম,
ইমান পলম কৰিলা
কেনেকৈ বাৰু তোমাক লৈ যাওঁ !

জেৰেঙা দিয়া কথাবোৰ
আঙুলিৰ ফাঁকেৰে,
বুজাব নোৱাৰা কথাবোৰ
মনৰ ভিতৰে।

এতিয়া বাৰু কাক কʼবা মনৰ কথাবোৰ
তুমি তোমাক কোৱা, মই মোক কওঁ 
ভূটান ৰোডৰ কাষত কেতিয়াবা ৰৈ থাকিম
তুমি অহাৰ বাতৰি পায়।

মনে যদি বিচাৰে ৰৈ যাবা বাটতে
সুখে-দুখে কথাবোৰ কৈ কৈ আগুৱাম
ঘৰলৈ মনত পৰিলে তোমাৰ
বৰলীয়াৰ সোঁতেৰে উভতি যাম দুয়ো 
তোমাৰ ঘৰলৈ ! 

✍️চাদ্দাম হুছেইন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)