দৰিদ্ৰতা এক অভিশাপ•জ্যোতিস্মিতা বৰা

Rinku Rajowar
0
অত কষ্টৰে আৰ্জন কৰা টকা কেইটামান আজি সি পাব। সৰুৰে পৰা কষ্টত পঢ়ি অহা অমৰে যোৱা এমাহৰ পৰা নিজৰ সমৰ্থৰে অলপ উপাৰ্জন কৰিছে। চৰকাৰী চাকৰি যদিও নহয় তথাপিও  এইয়া যেন তাৰ বাবে চাকৰিতকৈও ডাঙৰ কৰ্ম। এইবাৰ ডিচেম্বৰৰ শেষত সি টকাকেইটা লৈ ল'ব। এইকেইটা পইচা সি খৰচ নকৰে। ঘৰত অসুস্থ হৈ শুৱা পাটীত পৰি থকা মাক - দেউতাকৰ বাবে ঔষধ কিনিব লাগিব। পাৰিলে কাপোৰ এযোৰো তেওঁলোকক আনি দিব। 
       কথাবোৰ ভাৱি ভাৱি সি ওলাই গ'ল ক্লাছ কৰিবলৈ বুলি। আজি এমাহৰ পৰা সি গাঁৱৰ ল'ৰা - ছোৱালীবোৰক টিউচন কৰিবলৈ আৰম্ভ কৰিছে। ল'ৰা - ছোৱালীৰ সংখ্যা দিনক - দিনে বৃদ্ধি পোৱাৰ বাবে সি ধনেশ্বৰ ককাইৰ পৰা কেইদিন মানৰ আগতে পুৰণি চাইকেল এখনো কিনি লৈছে। 
       আজি ৫ বজাত গাঁওবুঢ়াৰ সৰুটো পুতেকক পঢ়াবগৈ লাগিব। ৰাতি বোলে ক'ৰবাত ফুৰিবলৈ যাব। হয়ো ধনী মানুহ, নতুন বছৰ আহিছে যেতিয়া অলপ বজাৰ -  সমাৰ কৰিবগৈয়ে লাগিব। গাওঁবুঢ়াৰ সৰু ল'ৰাটোৰ নাম নয়ন তৃতীয় শ্ৰেণীত পঢ়ে। ইমান সৰুৰে পৰা টিউচন লয় তাৰ ভাবিলেয়েই আচৰিত লাগে। কাৰণ সি তৃতীয়, চতুৰ্থ, পঞ্চম কি মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা কেইটাটো টিউচন নোলোৱাকৈয়ে ওচৰৰ চৰকাৰী স্কুলখনৰ পৰা পাছ কৰিছিল। গাঁৱত তাৰ সন্মান নথকাও নহয়, গাঁওখনৰ প্ৰথম বিভাগত মেট্ৰিক আৰু হাইয়াৰ ছেকেণ্ডেৰীত পাছ কৰা প্ৰথম  ল'ৰা হিচাবে সকলোৱে মৰমৰ । তাৰ মাজতে তাকলৈ দুই এজনে হিংসা ভাৱ যে অনা নাই তেনে নহয়। 
      গাওঁবুঢ়া অনন্ত শইকীয়াৰ ডাঙৰ পুতেকটো হ'ল নিলাভ। গাঁৱলীয়া গুণ্ডা বুলি সকলোৰে পৰিচিত। কিন্তু হ'লে কি হ'ব টকাৰে সকলোকে কিনি থৈছে। 
       কথাবোৰ ভাৱি ভাৱি সি পথাৰৰ মাজৰ বাটটোৰে আগবাঢ়ি গৈ থাকিল। ধানবোৰ ইতিমধ্যে কাটি শেষ হ'ল। এতিয়া কেৱল কেৱল নৰা বোৰহে ওলাই আছে। লাহে লাহে বিশাল পথাৰখনলৈ আন্ধাৰ নামিছে। হাড় কপোৱা ঠাণ্ডাত সি কেৱল চাৰ্ত এটা পিন্ধি আগবাঢ়ি গৈ আছে। মাকে কেইবাদিনৰ পৰা তাক কৈ আছে গৰম কাপোৰ এটা ল'বলৈ। কিন্তু তাৰ হাতত এতিয়া কাপোৰ কিনিবলৈ এটকাও নাই। কলেজত পঢ়ি থাকোঁতে যি কেইটকা স্কলাৰশ্বিপ পাইছিল দেউতাকৰ চকুৰ অপাৰেশ্বন কৰোঁতে শেষ হ'ল। তাৰ আৰু এটা কাম বাকী আছে, এইবাৰ অতদিনে ৰমনেৰ দোকানত থকা ধাৰ কেইটাও পৰিশোধ কৰিব লাগিব। 
:- অ' বৰদেউতা ঘৰত আছেনে?
:- অমৰ নেকি আহ আহ, আমি এফালে যাবলৈ ওলায়ে আছোঁ, তই সোনকালে যি আছে ইয়াক পঢ়াই ল।
:- অ' অ'
      অাৰুনো সি হয় ভয় দিয়াৰ বাহিৰে কি ক'ব গাঁৱৰ প্ৰধানক। 
     ক্লাছটো কৰি শেষ হোৱাৰ পিছত সি এইমাহৰ প্ৰাপ্য তিনিশ টকাটো গাঁওবুঢ়াক খোজাত , গাঁৱৰে ল'ৰা কিনো ইমান ধৰি থাক বুলি তাৰ হাতত দুশটকা এটা গুজি দিলে। সি ইমান ধৰি নাথাকি গাঁওবুঢ়াৰ ঘৰৰ পৰা ওলাই আহিল।
         লৰালৰিকৈ বাকী কেইঘৰৰ পৰাও একেবাৰে পইচাকেইটা লৈ যোৱাৰ সিদ্ধান্ত ল'লে। পাৰিলে ৰমেনক একেবাৰে ধাৰ কেইটা মাৰিথৈ যাব। আজিনো তাৰ কি হৈছে জানো কামবোৰত ইমান লৰা - লৰি কৰিবলৈ মন গৈছে যে আজিৰ দিনটোৱে পৃথিৱীৰ শেষ দিন হ'ব।
           মাকৰ প্ৰেচাৰৰ টেবলেট কেইটাও শেষ হ'ল। আজি সেইকেইটাও লৈ যাব লাগিব। সি ঔষধৰ দোকানখনৰ পৰা দৰৱকেইটা লৈ উভতি আহিছে। বাটতে গাঁৱৰ কেইটামান ল'ৰাই তাক ৰখালে। তাৰ মাজতে গাঁৱলীয়া গুণ্ডা নিলাভ শইকীয়াও আছিল। তাক দেখি অলপ ভয় কৰিছিল যদিও বিশেষ একো নকৰাত অলপ সি স্থিৰে ৰ'ল। তাক বা কিয় মাতিছে সিহঁতে!!
:- ভাই টিউচনৰ পৰা আহিছ চাগে। তোক ৰখালো বেয়া নাপাবি। শুন, আজি আমি কেইটামানে মিলি ভোজ খাইছো তোকো ক'ম বুলিয়ে ৰখালোঁ।
    সি প্ৰথমতে অলপ আচৰিত হৈছিল যদিও যেনেতেনে উত্তৰ দিলে ।
:- বেয়া নাপাব, মই  আজি নোৱাৰিম।
:- কিয় নোৱাৰিবি অ' ভাই, তোৰ ঘৰত কাম আছে জানো দে সেইটো কথা। তই কাম - বনবোৰ কৰি আহগৈ যা। আমি ৰৈ থাকিম।
:- হ'ব বাৰু।
      সি আৰু কোনো উত্তৰ নিদি ঘৰলৈ আগবাঢ়িল।
        ঘৰলৈ গৈ সি মাকক কথাখিনি কোৱাত মাকেও কোনো আপত্তি নকৰিলে। মাক - দেউতাকক খাবলৈ দি সি সোনকালে উভতি আহিব বুলি ওলাই গ'ল। সিও বুজি পোৱা নাই আজি বা কিয় মাতিছে সিহঁতে!! তথাপিও মনৰ প্ৰশ্ন মনতে ৰাখি সি আগবাঢ়ি গ'ল। যোৱাৰ আগতে মাকে কৈছিল তালৈ বোলে কিবা চিঠি এখন আহিছে , সি পিছত চাব বুলি ওলাই গ'ল।
         সকলো তাৰ বাবে ৰৈয়ে আছিল। ইতিমধ্যে ৰান্ধি হৈছেই । সিহঁতে একেলগে খাবলৈ বুলি বহিল। তাৰ দাঁতিতে গাঁওবুঢ়াৰ পুতেক, গুণ্ডাটোও বহিছে। মদৰ ৰাগীত সি অমৰক বাৰেপ্ৰতি ধন্যবাদ দিছে তাৰ ভায়েকক পঢ়োঁৱাৰ বাবে। অমৰে নিচা জাতীয় বস্তুবোৰ নাখাই, সেয়ে তাক কোনেও খাবলৈ কোৱা নাই। খাই শেষ হ'বৰে হ'ল, তাৰ মূৰটো অলপ গধুৰ গধুৰ লাগিছে। টোপনি এটাই হেঁচা মাৰি ধৰিছে। সি লৰালৰিকৈ খাই উঠি ঘৰলৈ বুলি যাবলৈ ওলাল। সিহঁতেও জোৰ নকৰি তাক যাবলৈ দিলে। যেনেতেনে গৈ ঘৰৰ পদূলিমুখ পাওতেই সি কিহবাত উজুটি খাই সৰি পৰিল। উঠিব খুজিও সি উঠিব নোৱাৰিলে। হঠাৎ তাৰ এনে অনুভৱ হ'ল যে কোনোবাই তাৰ মুখমণ্ডলত কিবা ঢালি দিছে, বিকত গোন্ধ। কোনোবাই ওচৰত খোজকাঢ়ি ফুৰিছে। আৰু লগে লগে সি শুনিলে কাৰোবাৰ কৰুণ তথা চেপা কণ্ঠ। কোনোবাই যে কাৰোবাক আঘাত কৰিছে । সি অজ্ঞান হৈ পৰি ৰ'ল।
      ইমান পৰে অজ্ঞান হৈ পৰি থকা অমৰে তাৰ গালত কিহবাই প্ৰচণ্ড এটা খুন্দা মৰাত হঠাৎ চেতনা ঘূৰাই পালে। যেন অতদেৰি সপোন দেখি আছিলে। এইয়া কি, তাৰ সন্মুখত দেখোন কেইবাজনো পুলিচ। আৰু...সি দেখোন থানা পালেহি। কি হৈছে এইবোৰ.!!..তাৰ মানে অতপৰে বহুত কিবা কিবা ঘটি গ'ল। 
     কি হৈছে বুজিবলৈ চেষ্টা কৰোঁতেই ওচৰতে থকা গাঁৱলীয়া গুণ্ডা নিলাভৰ এটা প্ৰকাণ্ড চৰ তাৰ গালত পৰিলহি।
:- অসভ্য , মদ খাইছ খা..., কিন্তু বাহিৰে ইমান সত দেখুওৱা ল'ৰাটোৱে যে ভিতৰি এনে চৰিত্ৰৰ অধিকাৰী কোনে জানিছিল? মিঠা মিঠা কথাৰে লোকক জ্ঞান দিবলৈ গ'লে কি হ'ব? হত্যাকাৰী তই এটা, মদৰ ৰাগীত নিজৰ মাৰ - বাপেৰক হত্যা কৰিছ। চাৰ ইয়াৰ মুখ যাতে মানুহে কেতিয়াও দেখিবলৈ নাপায়।
      কি গাইছে এইবোৰ নিলাভে!! তাৰ মাক - দেউতাকক হত্যা কৰিলে....সি। কিন্তু কেতিয়া? সি একো বুজি নাপালে। কোনে বাৰু তাৰ লগত ইমান ডাঙৰ অন্যায় কৰিলে? সি দেখোন মাদক দ্ৰব্য খোৱাই নাছিল। তাৰমানে অথনি সেইয়া তাৰ মুখত কোনোবাই সুৰা ঢালি দিছিল তাক ফচাবলৈ। সি কিবা ক'বলৈ পোৱাৰ আগতেই এজন পুলিচে তাক এক কোব দি চোচৰাই লৈ গ'ল এটা লোহাৰৰ পিঞ্জৰালৈ। মাত্ৰ যোৱাৰ আগতে অথনি তালৈ অহা চিঠিখন কোনোবা এজনে তাক পঢ়িবলৈ বুলি দলিয়াই দিলে গালৈ। যিখন পঢ়ি চোৱাত সি গম পালে যে.....সেইখন এখন এপইণ্টমেন লেটাৰ য'ত লিখা আছিল সি চহৰৰ এখন স্কুলত শিক্ষকৰ চাকৰি পাইছে, যি চাকৰিৰ বাবে সি কেইদিন মানৰ আগতে এপলাই কৰি থৈছিল। আৰু সি আজি সেই চাকৰিত জইন নকৰি গৈছে বন্দীশাললৈ। য'ত সি আনক নপঢ়াই, মাত্ৰ তাকহে পঢ়াব প্ৰতিদিনে লাঠীৰ কোবেৰে জীৱনৰ এটা এটা পাঠ......।
    আজি সি পজাৰ মইনা। মাত্ৰ এটি পক্ষী আৰু বন্দীশাল, তাৰ বাহিৰেনো তাৰ কি অস্তিত্ব আছে..???

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)