মোৰ মৃত্যু দিনা আহিবানে তুমি ?-বিপিন টায়ে

©Admin
0
জীয়াই থকাৰ সপোন বহুত আছে
কিন্তু এতিয়া মনে জীয়াই থাকিব নোখোজে,
আজিকালি চকু মেলিবলৈও ভয় লাগে,
কিজানি আৰু কেইদিনমান 
জীয়াই থাকোৱে নেকি বুলি ।
মৰিবলৈটো বহুত শক্তি আছে
তোমাৰ ভালপোৱাৰ স্মৃতিক সাবতি
হাঁহি হাঁহি গুচি যাব পাৰোঁ ।
তোমাৰ মৰমবোৰকলৈ হেঁপাহ পলুৱাই 
বগা কাপোৰৰ তলত চিৰদিনৰ বাবে
শুই যাব পাৰোঁ ।
পিছে!! তুমি বাৰু আহিবানে মোৰ মৃত্যু দিনা?
চাই যাবানে মোৰ মৃত দেহ ?
অতীতক মনত পেলাই নিৰৱে অকলে
তুমি বাৰু চকুলো টুকিবানে?
মোৰ মৃত দেহক সাবতি
তুমি বাৰু চিঞৰি চিঞৰি কান্দিবানে?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)