নাম দিম কি-সঞ্জয় শৰ্মা

©Admin
0
নাম দিম কি তোমাক 
নাজানো তোমাৰ ঠিকনা
চিল-মিল বনত
জিলিকি ফুৰা
নাম দিম কি ?
চুই দিলে লুকাই ফুৰা
এই বননীৰ মাজে মাজে
নামহীন অকৰা
নাম দিম কি?
তুমি মোক ঠিকনা কৈ দিছিলা
সেই জোনাকৰ মাজত 
তোমাক দেখি ভয় লাগে
তোমাৰ গাটো কাইটেৰে আৱৰা 
চুই দিলে শুই পৰা
বননীৰ মাজে মাজে
নাম দিম কি?
তোমাক সকলোৱে লাজ দি ফুৰে
লাজতে বাগৰি ফুৰা বনে বনে
নকোৱা তোমাৰ ঠিকনা
নালাগে তোমাৰ নাম 
নাম দিম তোমাক 
লাজুকী লতা !!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)