স্বচ্ছতাৰ আভাই আলোকিত কৰিব
আমাৰ দশোদিশ
নৈশতাৰ বুকুত সু-স্বপ্নই
ৰাখিব প্ৰাণময় কৰি..!
হীনতা,নীচতা,দীনতাৰ
ভেদাভেদ হ'ব শূন্য
অমানৱৰ কৰ্মই কলুষিত নকৰে সমাজ
গাব পাৰিব সবে
স্বাধীনতাৰ গান..!
গণৰাজ্যত
জনগণৰ আছে পূৰ্ণ অধিকাৰ
বাক স্বাধীনতা স্ব-সম্পত্তি
দোষ কৰিলে মন্ত্ৰী এম.এল.এ.
নেতা-পালিনেতা নাযায় সৰকি..!
থাকিলে মানৱতা
স্বাধীন দেশত অটুট থাকিব স্বাধীনতা
নিৰ্ভীক হৃদয়ে
জীয়াব পাৰিব প্ৰতিজন নাগৰিকে
গাব পাৰিব স্বাধীনতাৰ গান...!
✍️ সঞ্জীৱ চৰকাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ