বিধবা - দুলুমণি শইকীয়া বৰা

©Admin
0
প্ৰীতিয়ে ঘৰৰ কামবোৰ শেষ কৰি আলমিৰাৰ কাপোৰবোৰ ভালদৰে জাপি থ'বলৈ বুলি আলমিৰাটো খুলি এফালৰ পৰা কাপোৰবোৰ উলিয়াই কাষতে থকা বিচনাখনত সকলোবোৰ দ'ম কৰি গ'ল। 
       কাপোৰবোৰ ভালদৰে জাপি গৈ থাকোতে নীলা ৰঙৰ গুনা ফুলৰ পাতৰ কাপোৰযোৰত হাত পৰিল। কাপোৰযোৰ  হাতত লৈ তাইৰ মনটো ২ বছৰৰ আগৰ সেই বিশেষ দিনটোলৈ ঘূৰি গ'ল.....! 
      আলহী- দোলহীয়ে সৈতে কামৰ ব্যস্ততাত তাই সেইদিনা দৌৰি ফুৰিছিল আৰু কণমানিজনী শুই থাকোতেই কামবোৰ শেষ কৰি ন'ললে তাই উঠিলে যে একো এটা কৰিবই নোৱাৰিব। কেৱল আমনি কৰি থাকিব আৰু কোঁচৰ পৰাই যে নানানিব। সেয়ে তাই দৌৰা- দৌৰিকৈ কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰিছে।তেনে সময়তে ম'বাইলটো বাজি উঠাত তাই তিতা হাতটো চাদৰৰ আগত মচি মচি ফোনটো ধৰাত সিফালৰ পৰা  তাইৰ স্বামীয়ে ক'লে - "প্ৰীতি শুনাচোন - আজি মোৰ বন্ধু এজনৰ ঘৰত ৰাতি ভাত খাবলৈ মাতিছে, তেওঁলোকৰ আজি বিবাহ-বাৰ্ষিকীৰ দিন সেয়ে আমাক নিমন্ত্রণ দিছে। তুমি মাজনীক উলিয়াই লৈ সোনকালে সাজু হৈ থাকিবা। আমি সন্ধিয়াৰ আগে আগে ওলাই যাম। সিহঁতৰ বাবে এটা উপহাৰো ল'ব লাগিব। অ আৰু এটা কথা - তুমি সেই যে মোৰ প্ৰিয় নীলা ৰঙৰ গুনা ফুলৰ পাটৰ কাপোৰযোৰকে পিন্ধিবা। তোমাক বৰ ভাল লাগিব।"
          যথাসময়ত বজাৰ-সমাৰ কৰি সিহঁত বন্ধুৰ ঘৰ পাই ফূৰ্তিৰে সময়বোৰ পাৰ কৰি খাই-বৈ ঘূৰি আহোঁতে ৰাস্তাত পিছৰপৰা অহা গাড়ী এখনে অভাৰটেক্ কৰাত ৰাস্তাৰ কাষেদি চাইকেল চলাই গৈ থকা মানুহ এজনক বচাবলৈ গৈ বিবুদ্ধিত পৰি সিহঁতৰ গাড়ীয়ে নিয়ন্ত্রণ হেৰুৱাই ৰাস্তাৰ কাষৰ গছত খুন্দিয়ালেগৈ। তাৰপিছত যেতিয়ালৈ তাইৰ জ্ঞান ঘুৰি আহিছিল - তেতিয়ালৈ তাইৰ কপালত সেন্দুৰ নাছিল। তাইক এযোৰ বগা কাপোৰ পিন্ধিবলৈ শাহুয়েকে উলিয়াই দিছিল। ঘৰখনত এটা নিজম নিতাল পৰিৱেশে বিৰাজ কৰিছিল। বাহিৰত খবৰ ল'বলৈ অহা মানুহেৰে ঘৰখন ভৰি আছিল। তাইলৈ সকলোৱে তধা লাগি চাই আছিল....! কনমানিজনি  তাইৰ মাকৰ কোলাত টোপনি গৈ আছিল। 
        এনেকৈ তাইৰ কিমান সময় পাৰ হ'ল তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ ন'হল। পাকঘৰৰ পৰা গাখীৰ পোৰা গোন্ধ ওলোৱাতহে তাইৰ ভাৱনাত যতি পৰিল....! তাই যে গাখীৰ চিমত দি থৈ আহিছিল সেই কথা একেবাৰে পাহৰি গ'ল....! এতিয়া তাইৰ পৰিচয় আবেগ, অনুভূতিহীন সপোনবিহীন কেৱল এগৰাকী জীৱন্ত মহিলা। তাইৰ মৃত স্বামীলৈ মনত পৰি পুনৰ তাইৰ হিয়াখনে কান্দি উঠিল। কিমান যে মৰম কৰিছিল তাইক আৰু কিমান যে বুজাবুজি আছিল দুয়োৰে মাজত !তাইৰ বাবে তেওঁ  কিছু স্বাভাৱিক হ'বলৈ যত্ন কৰিলে...।
  
✍️ দুলুমণি শইকীয়া বৰা
      ( লখিমপুৰ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)