১৮ জানুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
১৮ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা  হ'ল -
১/ আজিৰ দিনটোতে ১৬৭৮ চনত বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। এইখনেই ১৮৫১ চনত যাত্ৰীকৰ যাত্ৰা নামেৰে অৰুণোদইত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয়।
২/ আজিৰ দিনটোতে ১৮৪২  চনত  ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক মহাদেৱ গোবিন্দ ৰানডেৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৭২ চনত  ভাৰতীয় ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৩৬ চনত সাহিত্যৰ নোবেল বঁটা  বিজেতা ইংৰাজ সাহিত্যিক ৰুডয়াৰ্ড কিপলিংৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৪০ চনত অসমীয়া সাহিত্যিক আৰু বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)