মাঘৰ বিহুৰ মেজিৰ তাৎপৰ্য লগতে মেজিৰ লগত জড়িত বিভিন্ন নীতি-নিয়ম আৰু পৰম্পৰা-জিলমিল বৰঠাকুৰ

©Admin
0
আচলতে সেই অতীতৰ বিহু আৰু আজিৰ বিহুৰ বহু কথাই সালসলনি হ'ল।তথাপি আমাৰ কৰিবলগীয়া খিনি আমি আচঁলতে কৰি আহিছোঁ সৰুৰে পৰা মা-দেউতা, ককা-আইতা আৰু সমাজখনৰ পৰা দেখি শুনি কাহানিও হয়তো সালসলনি কৰিব নোৱাৰা কিছু তাৎপৰ্যপূৰ্ণ কথা অৱগত কৰিব বিচাৰিছোঁ।

     আমাৰ হিন্দু শাস্ত্ৰমতে বাৰটা ৰাশিচক্ৰ আছে আৰু সূৰ্য্যই বাৰটা ৰাশি অতিক্ৰম কৰি আছে। সূৰ্য্য যেতিয়া মকৰৰাশিত প্ৰবেশ কৰে, আমাৰ সকলো জাতি-উপজাতি -ধৰ্ম ,বৰ্ণ - নিৰ্বিশেষে মিলি এই মাঘৰ বিহু অৰ্থাৎ ভোগালী বিহু উদযাপন কৰে। আগদিনা উৰুকা আৰু পিছৰ দিনা বিহু।বিহু বুলিলেই দেহা মন সাতখন - আঠখন কৰা দেখা যায়।
কৃষকে ধান কাটি ঘৰৰ চোতালত থোৱাৰ পিছত পথাৰখন খালী হৈ পৰে। গাঁৱৰ জীয়ৰী - বোৱাৰী,ডেকা,বুঢ়া সকলো মিলি শুকাই যোৱা নৰাবোৰ কাটি মেজিৰ বাবে প্ৰস্তুত কৰা হয়। কেতিয়াবা খেৰ বা নৰাৰ অভাৱত কাঠ,বাঁহ, শুকান পাত,কলগছৰ শুকান পাত সমূহ আনি সুন্দৰ ভাৱে মেজি তৈয়াৰ কৰা হয়। ইফালে ঢেঁকীৰ মাতত জুহালৰ সন্মুখত পিঠা-পনা,লাড়ু আদিৰ কি যে সুন্দৰ ঐতিহ্য বহন কৰি আহিছে সেইয়া বৰ্ননাতীত।
এই মেজি বনাই সকলোৱে আনন্দ -উল্লাসৰ মাজেৰে এসাঁজ নতুন চাউল আৰু বাৰীৰ শাক -পাচলি ঘৰৰ হাঁহ, পাৰ, কুকুৰা, ছাগলী, পুখুৰীত মাছ ধৰা আদি বিভিন্ন পদ্ধতিৰ দ্বাৰা ৰান্ধি - বাঢ়ি ভোজ ভাতৰ যোগাৰ কৰে।ৰাতি কোনো - কোনোৱে আনন্দৰ খোৰাক জোগাবলৈ বাৰীৰ শাক - পাচলি, হাঁহ,পাৰ আদি চুৰ কৰি আনে।
এইয়াও এক পৰম্পৰা। কোনেও বেয়া নেপায়।
অগ্নিদেৱতাক পূজা কৰা নিয়ম সমূহ পূৰ্বৰে পৰা প্ৰচলিত।আমি যি বনাঁও
সেই পিঠা- পনা লাড়ু,চিৰা,দৈ - ক্ৰীম,ভজাবুট,মাহ,সান্দহ, তামোল - পাণ অগ্নিদেৱতাক উচৰ্গা কৰা হয়।মোৱা আলু আৰু কাঠ আলু দিয়া হয়।লোক বিশ্বাস মতে মোৱা আলু নাখালে গাহৰি হয়। খজুৱতি আদি নহয়।
অতি টান বস্তু যেনেঃ বুত, মগু, মাটিমাহ, কোমল চাউল, তিল, বিভিন্ন শইচ, আগদিনা ভাজি অগ্নিসেৱা কৰোঁতে দিব লাগে আৰু সকলোৱে এয়া অলপ হ'লেও মুখত ল'ব লাগে দাতঁ ভালে থাকে।
উৰুকাৰ নিশা ন-খোৱা পৰ্ব শেষ কৰি একেবাৰে পুৱতি নিশা গা- পা ধুই
নিজৰ গোঁসাই ঘৰত শৰাই দি,ডাঙৰ- সৰু সকলো মিলি অগ্নিক সেৱা কৰি মেজিত জুই দিয়া হয় আৰু মেজিৰ জুইৰ তপত তাপে শৰীৰৰ ৰোগ - ব্যাধি সমূহ দূৰ কৰি অসুয়া শক্তি সমুহ দূৰ কৰি শুভশক্তি প্ৰদান কৰে এইয়া এক বিশ্বাস আৰু পৰম্পৰা, এই নিয়মসমূহে সকলোকে ৰক্ষা কৰে।সৰুৱে ডাঙৰৰ ওচৰত আঠু লয় আৰু ডাঙৰেও আশীৰ্বাদ প্ৰদান কৰে।
বিহুৰ দিনা ভাত খাব নেপায় আৰু সেয়ে- ( আখৈ,চিৰা,সান্দহ,কোমল চাউল,মুৰি দৈ,ক্ৰীম,গুড় আদিৰে) জলপান খোৱা হয়। এই জলপান অতি শীতল আৰু সুস্বাদু আহাৰ।যাৰ কোনো অপকাৰীতা নাই আৰু অসমীয়া জাতিৰ অতি প্ৰিয় আহাৰ।
ৰাতি মাছে - মঙহে,লগে - ভাগে আলহী -অতিথি বা আপোনজনক মাতি এসাজ পৰম তৃপ্তিৰে খায়।
পিছদিনা গাঁৱত কুকুৰাৰ যুজ,কণী যুঁজ, ম'হৰ যুজ বুলবুলি চৰাইৰ যুঁজ সকলোৱে মিলি আনন্দ উপভোগ কৰে।
মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা।
এই শব্দটো মূলতঃ বড়ো - কছাৰী,মূলীয় প্ৰাচীন চূতীয়া ভাষাৰ ("মিডি"হ'ল জুই,জি=উৰি যোৱা)ৰ পৰা সৃষ্টি হৈছিল।আকৌ উৰুকা শব্দটো চুতীয়া ভাষাৰ।"উৰুকুবা" ৰ অৰ্থ=শেষ হোৱা।পুহ মাহৰ এই অন্তিম দিনটোত শস্য চপোৱা শেষ হয়।
এই মাঘৰ বিহুৰ পৰম্পৰাই সকলোকে একত্ৰিত কৰি ৰাখিছে।
ইয়াৰ প্ৰতিটো ৰীতি - নীতিৰ মাজত এক সুকীয়া বৈশিষ্ট্য আছে।
২নং প্ৰশ্নটোৰ বিষয় আছিল -বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অধিক প্ৰয়োগ বৰ্তমানৰ বিভিন্ন উৎসৱ গ্ৰাস কৰি পেলাইছে নেকি?
বিষয় :- বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ফলত মানুহৰ জাতীয় জীৱনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে।মানুহৰ কৰ্মসংস্থাপন বৃদ্ধি পাইছে আৰু জীৱন প্ৰণালী উন্নত হৈছে।
প্ৰযুক্তিবিদ্যাৰ ফলত মানুহৰ শাৰিৰীক কষ্ট লাঘৱ হোৱাৰ উপৰিও মূল্যৱান সময়ো ৰাহি কৰিছে। কৃষি উদ্যোগ সমূহৰ উৎপাদন দিনক -দিনে বৃদ্ধি পাইছে।
এইবোৰ ,অৰ্থ সামাজিক দিশটো যথেষ্ট অৰিহণা যোগাইছে বুলি ক'ব পাৰি।
( হাল,কোৰ,নাঙল আদিৰ পৰিবৰ্তে টেক্টৰ -পাৱাৰ টিলাৰ আদি ব্যৱহাৰে কৃষকৰ শাৰিৰীক শ্ৰম লাঘৱ কৰিছে।
বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ফলত গৰু, হাঁহ,মুৰ্গী,মীন পালনৰ ক্ষেত্ৰতো মানুহৰ কৰ্ম সংস্থাপনে এক নতুন বাট মুকলি কৰিছে।
নতুন ঠাইত নতুন উদ্যোগবোৰ গঢ়ি উঠিছে। বিংশ শতাব্দীৰ মাজভাগত মানুহে পৃথিৱীৰ বায়ুমণ্ডল এৰি প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাবলৈ প্ৰযুক্তিগত জ্ঞান লাভ কৰিলে।
জলসিঞ্চনৰ বহুল ব্যৱহাৰেও কৃষকসকলক লাভাম্বিত কৰা দেখা গৈছে। কিন্তু সকলো প্ৰযুক্তিয়েই শান্তিৰ কামত ব্যৱহৃত হোৱা নাই।
কাৰিকৰী দিশত যন্ত্ৰপাতিৰ জৰিয়তে আগতকৈ উন্নতমানৰ সা- সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে। বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ফলত _____
উৎসৱ সমূহ গ্ৰাস কৰি পেলাইছে বুলি ক'ব পাৰি। 
উৎসৱ সমূহ ক্ষনিক  সময়ৰ বাবেহে আনন্দ দিব পাৰিছে, কাৰণ- ভাৰত বিখ্যাত অম্বুবাচী মেলাৰ আয়োজন সমূহ 
মদ,ভাং,জুৱা আদিৰে গ্ৰাস কৰি পেলাইছে সমাজৰ বহু সংখ্যক জনসাধাৰণ আৰু নৱ প্ৰজন্মৰ ক্ৰিয়া কাণ্ড।
সংস্কৃতিৰ ক্ষেত্ৰতো বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ফলত বিশৃংখল পৰিবেশ সৃষ্টি হৈছে।
৩ নং বিষয় :-প্ৰতিযোগী মনো ভাৱাপন্ন কিছুমান ক্ৰিয়াই বৰ্তমানৰ কিছুমান উৎসৱৰ পৰম্পৰাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱৰ সৃষ্টি কৰিছেনে বাৰু?
প্ৰতিযোগিতা মনোভাৱাপন্ন কিছুমান ক্ৰিয়াই আধুনিকতাৰ কবলত অসমীয়া সংস্কৃতিৰ বহল পথাৰখনত আগুৰি থকা উৎসৱ সমূহত প্ৰতিযোগিতাৰ আখৰা চলোৱা দেখা গৈছে।
বিহু হ'ল গাওঁমুখী কৃষিধৰ্মী উৎসৱ। কিন্তু আজি নগৰ মুখী হৈ পৰিছে।আজি আধুনিকতাৰ স্পৰ্শত বিহুগীতবোৰ হৈ পৰিছে ব্যৱসায়কৃত।
সামাজিক দিশত বিশ্বকৰ্মা পূজা,গনেশ পূজা, দীপান্বিতাৰ কালী পূজা,শাওন মাহত বাবা মহাদেৱৰ নামত কৰা বলবম উৎসৱ আদিয়ে
ডি -জে লগাই এক অসভ্যালীৰ চৰম সীমা চেৰাই গৈছে।ফলত নিচাযুক্ত দ্ৰব্যৰ প্ৰতি অতি বেছি আগ্ৰহী হৈ পৰা দেখা গৈছে।সৰস্বতী পূজা আছিল কেৱল বিদ্যালয় সমূহত। গতিকে সেইবাবে সৰস্বতী পূজাৰ প্ৰতি ল'ৰা - ছোৱালী, অভিভাৱক হতৰ আগ্ৰহ অপৰিসীম আছিল। কিন্তু এতিয়া সৰস্বতী পূজাৰ আনন্দ বেলেগ হৈ পৰিল।সেই আনন্দ নাই।
থলুৱা সংস্কৃতি বজাই ৰাখিবলৈ একশ্ৰেণীৰ লোকে এই অনুষ্ঠানবোৰ উদযাপন কৰিলেও ইয়াৰ নেতিবাচক দিশটোহে চকুত পৰিছে। আধুনিক ভ্ৰাম্যমান দলসমূহ আজি হৈ পৰিছে বজাৰমুখী।
আজি শিল্পীসকলৰ সফলতাৰ মাপকাঠি জুখিবলগীয়া হয় নেতিবাচক দিশটোৰে।
আধুনিকতাৰ বা লাগি প্ৰতিযোগিতাৰ নামত আমাৰ সংস্কৃতিৰ ওপৰত এটা বিশেষ হেঁচা প্ৰয়োগ কৰা দেখা গৈছে।আজি শিল্পীসকলৰ গীতৰ সুৰত বাজি উঠে পাশ্চাত্যৰ সুৰ। আধুনিকতাৰ কৰাল গ্ৰাসত পৰি নিজৰ জাতিটোৰ অস্তিত্ব হেৰাই যোৱাৰ উপক্ৰমত।
অসমীয়া সংস্কৃতিলৈ শংকৰদেৱ আৰু মাধৱদেৱ গুৰুদুজনাৰ বিৰচিত বৰগীত সমূহ পাশ্চাত্যৰ ফালেহে ধাৱমান হোৱা দেখা গৈছে। প্ৰকৃত বিচাৰকৰ অভাৱত এই প্ৰতিযোগিতা সমূহে সুৰৰ জগতখনত বিকৃত ৰূপৰহে সৃষ্টি কৰা দেখা গৈছে।
আধুনিকতাই স্পৰ্শ কৰা অসমীয়া সাংস্কৃতিক দিশতো একেবাৰে ঢিলা হৈ পৰিছে।
মানৱ সভ্যতাৰ দিশত আগুৱাবলৈ কেৱল পৰম্পৰাক যে ধৰি ৰাখিব লাগিব তেনে কথা নহয়। পৰিবৰ্তন আমিও বিচাৰোঁ। আজি আধুনিকতাৰ কৰালগ্ৰাসে সংস্কৃতিৰ পৰিবৰ্তন কৰিবলৈ গৈ প্ৰতিযোগিতাৰ মাধ্যমেৰে নেতিবাচক দিশটোৰ সৃষ্টিত ইতিহাস সমৃদ্ধ ভাষাটোক অৱহেলা কৰা দেখা গৈছে।এয়াই ধ্বংসমুখী স্বৰূপটো সমাজত প্ৰতিফলিত হৈ পৰিছে।
আধুনিকতাৰ প্ৰেক্ষাপটত অসমীয়া সংস্কৃতিত আৰু সাজপাৰত ক্ৰমান্বয়ে নৃত্য -গীতৰ যি পৰিবৰ্তন আহিছে সেয়াই জাতিটোৰ দূৰ্বলতাৰ পৰিচয়হে মাঁথোন।
জ্যোতিপ্ৰসাদ, ভূপেন হাজৰিকা, পাৰ্বতী প্ৰসাদ বৰুৱা , বিষ্ণু প্ৰসাদ ৰাভা লোকনাথ গোস্বামী,পুলক বেনাৰ্জী, জয়ন্ত হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত,অনিমা চৌধুৰী, দীপালী বৰঠাকুৰ,আদি বহু আছে এই জনপ্ৰিয় গীত সমুহ আৰু এই পুৰণি শিল্পী সকলৰ সুৰৰ মূৰ্ছনাৰে ধৰি ৰখা প্ৰতিজন অসমীয়াৰ স্বভিমান ৰক্ষা কৰি যোৱা একোজন শিল্পী মাটিৰ মানুহ যিবোৰ গীতত আমি কেঁচা মাটিৰ গোন্ধ পাওঁ।
আজি বিলুপ্তিৰ পথত।
এতিয়া প্ৰতিযোগিতাৰ বজাৰখন ব্যৱসায়িক শিল্প কেন্দ্ৰ হৈ পৰিছে। প্ৰতিযোগিতাৰ নামত উৎসৱ সমুহৰ নেতিবাচক ভাৱৰ সৃষ্টি কৰিছে যেন বোধগম্য হয়। ১৪০ খন চলোৱা অধ্যয়নৰ -
প্ৰতিবেদন মতে,বিশ্বৰ ধনী দেশৰপৰা দৰিদ্ৰ দেশলৈকে আৰ্থিক হাৰত নেতিবাচক প্ৰভাৱ পৰিছে। (এইখিনিতে এটা কথা উল্লেখযোগ্য যে,
প্ৰকৃতি সুৰক্ষা যদি লোৱা নহয়,উপকূল খহনীয়া, প্ৰজাতিৰ বিনাশ, বনাঞ্চলৰ পৰা মৎস্য জগতলৈ প্ৰাকৃতিক সম্পদ বোৰৰ দিশতো নেতিবাচক প্ৰভাৱৰ ফলত পৰিবেশতন্ত্ৰৰ ওপৰত আঘাত পৰা দেখা গৈছে।
প্ৰকৃতি সুৰক্ষা থাকিলেহে মানৱ সুৰক্ষিত থাকিব।
সেয়ে গছপুলি ৰোৱাটো আমাৰ এটা সৎকৰ্মৰ ভিতৰত পৰে।)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)