এদিন কৃষ্ণচূড়াই বিনাব-জ্যোতিস্মিতা বৰা

Rinku Rajowar
0
অঞ্জনাই ৰোৱা কৃষ্ণচূ়ড়াৰ পুলিটো লহ - পহকৈ বাঢ়িছে। পদূলিৰ সন্মুখতে পুলিটো লগাইছে। এদিন ফুলিব, ৰঙা বৰণে প্রভাতি সূৰুযৰ খবৰ আনিব। ৰঙাবোৰৰ মাজতে আবেলি নিয়ৰৰ লগত খেলিব। আশাবোৰৰ শেষ নাই.....! নিৰবধি নৈৰ দৰে বাঢ়ি যোৱা এখন আশাৰ মন্দাকিনী বুকুত সাৱটি আগবাঢ়িছে। অবুজ ভাষাৰ গুণ গুণ গানে কাণত তৰংগৰ সৃষ্টি কৰে। আশাবোৰ ঢাকিব পৰাকৈ নিৰাশাবোৰ, হাঁহিবোৰ ঢাকিব পৰাকৈ বিষাদবোৰ সদাই প্ৰস্তুত থাকে।
          অকলশৰীয়া মনটোক দমাব নোৱাৰি অঞ্জনাই সেইদিনা গৈছিল সূৰুযমুখী শিশু আশ্ৰমলৈ। সেইয়া আছিল দেওবৰীয়া এটি কোমল পোৱা, অঞ্জনাই সংগী হিচাবে লৈ আহিছিল নিয়ৰক। সম্পূৰ্ণ দ্বায়িত্ব লৈছিল তাৰ। ড্ৰাইভাৰক গাড়ীখন পোনপ্ৰথমে নিবলৈ কৈছিল মন্দিৰলৈ। নিয়ৰৰ সৈতে সেৱা এটা কৰি তাক কাপোৰ কিনি দিবৰ বাবে গৈছিল বজাৰৰ দিশে। তেতিয়া নিয়ৰ আছিল প্ৰথম শ্ৰেণী । আশ্ৰমত লিখা পঢ়াও কৰোৱাইছিল সিহঁতক। পলম নকৰি তাক জীৱনৰ গতি দিবলৈ নামভৰ্তি কৰি দিলে চহৰৰ এখন বিখ্যাত ইংৰাজী মাধ্যমৰ স্কুলত। নিয়ৰ হৈ পৰিল অঞ্জনাৰ হিয়াৰ আমঠু। 
          অতীতৰ কথাখিনি ভাৱি থাকোতেই কামকৰা ছোৱালীজনীয়ে তেওঁক চাহ কাপ দি থৈ গ'ল। বেলিটো লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে। তেওঁ বেলকনিতেই বহি অতীতৰ স্মৃতিবোৰ এবাৰ লুটিয়াই চাইছে। কৃষ্ণচূ়ড়া জোপাৰ পাতবোৰত এটি ৰ'দৰ কিৰণে আহি খুন্দা মাৰিছে। আজিকালি দেখোন নিৰস সময়বোৰ অতীতৰ কাহিনীৰেই পাৰ কৰিব পাৰিছে। সময়ত খাবলৈ পাইছে, থাকিবলৈ পাইছে তাতকৈনো আৰু তেওঁক কি লাগে। কেইদিনমানৰ পিছত তেওঁৰ ঠিকনা হ'ব অন্য এখন ঠাই। ঘৰৰ মানুহখিনিৰ তেওঁৰ বাবে বহুত অসুবিধা হৈছে। পুত্ৰই তেওঁক বৃদ্ধাশ্ৰমত থৈ আহিম বুলি কৈছে। বৰ অকলশৰীয়া হ'ব অ' কৃষ্ণচূ়ড়াজোপা, তেওঁ যদি গুছি যায়। কোনে পাতিব গছজোপাৰ লগত হৃদয়ৰ বতৰা!আজিকালি তেওঁ অকলশৰে থাকিবলৈ ভয় নকৰে , কাৰণ মৃত্যুৰ কোঠালিত প্ৰৱেশ কৰিবলৈওতো অকলেই যাব লাগিব। অন্তিম দিনকেইটা তেওঁ শান্তিৰে কটাব বিচাৰে। আজি ৬০ বছৰীয়া দেহাটোক শান্ত কৰিবলৈ তেওঁৰ বৰ অসুবিধা হয়, সেইবাবে নিজকে সোঁৱৰণীৰ উকা পৃষ্ঠাৰ মাজতে বিলিন কৰি দিয়ে ।
       ভিতৰত পুত্ৰ আৰু বোৱাৰীৰ তৰ্কৰ শব্দবোৰ তেওঁৰ কাণলৈ শেল হৈ আহিছে । 
     :- এই বুঢ়ীজনীয়ে খাইছে, শুইছে, একো এটা সহায় নাই। অনতিপলমে বুঢ়ীক আশ্ৰমত থৈ আহকগৈ নহ'লে কোনোবা এদিন বিহ খোৱাই মাৰিম।
  :- হ'ব হ'ব, শুনিলে বেয়া পাব। মই কৈছোঁয়েই দেখোন কাইলৈ থৈ আহিম বুলি।
   :- কি কৰে কৰি থাকক বুঢ়ীক আৰু মই এখন্তেকো চাব নুখুজো । এতিয়া আকৌ ভাতগাল খাবলৈ হ'বয়ে নহয়।
       কাজিয়াখন আৰু ডাঙৰ হ'বলৈ দিব নোৱাৰি। অঞ্জনা বহাৰ পৰা উঠি সিহঁতৰ ওচৰলৈ গ'ল।
:- বোৱাৰীয়ে ঠিকে কৈছে, মোক থৈ আহগৈ। মইনো কি কৰিব পাৰিছো তহঁতৰ বাবে। ৰুম এটা মোৰ বাবে এনেই বন্দী হৈ আছে। আৰু তহঁতক মই কেতিয়া বেয়া পাইছোঁনো!নাপাওঁ দে বেয়া, তহঁতৰ অসুবিধা হোৱাৰ বাবেহে মোক তেনেকৈ কৈছ।
:- নহয় মানে....
:- একো নহয় দে বাবা, মোক থৈ আহিবি। কিন্তু মোৰ এটা কথা ৰাখিবিনে?
:- কি কথা সোনকালে ক।
:- মই ৰোৱা কৃষ্ণচূ়ড়া জোপা ফুলিলে মোক কবি দেই। গছজোপা বৰ অকলশৰীয়া হৈ যাব অ'। সিহঁতক মোৰ কথা কবি দেই। নহ'লে সিহঁতি বিনাই উঠিব......
       অঞ্জনাৰ দুগালেৰে চকুপানী বৈ আহিল । ইমান দিনে বান্ধি ৰখা দুখবোৰ আজি পাৰ ভাঙি ওলাইছে। 
       ভিতৰৰ পৰা বোৱাৰীয়েকে চিঞৰি উঠিল...
:- এইজনী পাগল হ'ল। এতিয়া পাগলৰ লগত থাকি থাকি আমিও পাগল হ'ব লাগিব।
      অঞ্জনাৰ হৃদয় খনে চিঞৰি চিঞৰি প্ৰত্যুত্তৰ দিব বিচাৰিছে, "তহঁতি পাগল নহয়, বৃদ্ধাশ্ৰমতো নহয়, ৰাস্তাৰ ফুটপাথত থাকিব লাগিব"....কিন্তু নাই ক'ব নোৱাৰিলে মুখেৰে....। দুখবোৰ বুকুতে সামৰি কাইলৈ আহিবলগা দিনটোলৈ মাথোঁ অপেক্ষা কৰিলে।
        বনকৰা ছোৱালীজনীয়ে অঞ্জনাৰ কাপোৰ কানিবোৰ বান্ধি দিছে। প্ৰিয় বন্ধুক এৰি যোৱাৰ দুখত তেওঁ কৃষ্ণচূ়ড়া গছজোপাক এবাৰ সাৱটি ধৰিছে। গছজোপায়েও যেন তেওঁক কিবা ক'ব বিচাৰিছে।
:- ঐ বুঢ়ী কি কৰি আছ, সোনকালে ওলা। তোৰ অভিনয় চাবলৈ সময় নাই।
      বোৱাৰীয়েকৰ চিঞৰত তেওঁ ভিতৰলৈ সোমাই গ'ল। আজি শেষৰ দিনা বোৱাৰীয়েকৰ পৰা এটা মৰমৰ মাত তেওঁ বৰ আশা কৰিছে। কিজানি দৌৰি আহি ক'ব--
:- মা মোৰ বৰ ভুল হ'ল অ' পাৰিলে ক্ষমা কৰি দিয়ক।
        নাই কোনো দয়া মমতা নাই। তাৰ মানে যাবয়ে লাগিব। যোৱাৰ আগতে গোসাঁই ঘৰত সেৱা এটা জনাই থৈ গৈছে। 
:- প্ৰভু, দাই দোষ নধৰিবা, আজিৰ পৰা তোমাক পূজিবলৈ মই এই ঘৰত নাথাকিম।
:- যাওঁ দে মাজনী থাক
    বোৱাৰীয়েকক মাতি ওলাই গ'ল....। পিছফালৰ পৰা চিঞৰ এটা ভালকৈয়ে তেওঁৰ কাণত পৰিল গৈ।
:- উহঃ ৰক্ষা, যা যা.......
        আশ্ৰমৰ মালিক গৰাকী বাৰাণ্ডাতে বহি আছিল। অঞ্জনাক দেখি দৌৰি আহিল--
:- অ' বৰমা ভালনে ইমান দিনৰ মূৰত মোলৈ মনত পৰিল। এইয়া নিয়ৰ নহয় জানো।
:- চিন্তা নকৰিবা আই আজিৰ পৰা তোমাৰ লগতে থাকিম।
:- হয় মই নিয়ৰ, মাক ইয়াত থ'বলৈ আহিছোঁ।
      নিয়ৰৰ কথাত তাই হতভম্ব হ'ল। 
:- কি!আপোনাক ইয়াত থ'বলৈ আহিছে। নিয়ৰ তোমাৰ মগজ বোলা বস্তুটো আছেনে, যি গৰাকী মানুহে সৰুৰ পৰা, আশ্ৰমৰ পৰা নি তোমাক নিজৰ লগত ডাঙৰ কৰিলে সেই গৰাকী মানুহক তুমি আশ্ৰমত থ'বলৈ আহিছা। আজি মই গম পালোঁ বুলিহে। সৌটো আশ্ৰম দেখিছা, সেইটো আমাৰেই শিশু আশ্ৰম । মায়ে তোমাক তাৰ পৰাই নিছিল তোমাক। আৰু তুমি আজি ওলোটাই মাক বৃদ্ধাশ্ৰমত থ'বলৈ আহিছা। এইয়া মাৰ লগত ব্যৱহাৰ কৰিছা নে শত্ৰুৰ লগত ?
:- ৰচোন আই ইমান খং নকৰিবি তাক। সিহঁতৰ আমনি হয় কাৰণেহে মোক থ'বলৈ আহিছে। হ'ব তই যাগৈ যা নিয়ৰ। অ' পাহৰিছিলো মোৰ কৃষ্ণচূ়ড়াজোপা ফুলিলে মোক কবিহি দেই। সিহঁতে চাগে মই গুছি অহা দেখি বৰকৈ বিনাইছে অ'.........
        নিয়ৰৰ চকুৰে দুধাৰি চকুলো বৈ আহিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)