নিয়ৰ-সীমা ৰবি দাস

Rinku Rajowar
0
কোন সৰগৰ পৰা পৰিছে মুকুতা
দুবৰিৰ হিয়া জীপাল কৰি
কোন আকাশৰ তৰাটি সৰিছে
জোনাকৰ প্ৰেমত পৰি !
কোন দেৱতাই টুকিছে চকুলো
নে বৰষিছে  অমৃতৰ ধাৰা 
যাৰ স্পৰ্শত জীপাল প্ৰকৃতি
আৰু শুভ্ৰ হৃদয়ৰ দুৱাৰ !
ৰুণজুন ৰুণজুন কোনে নাচিছে নিশা
টিনপাতৰ চালিত এয়া কাৰ গুঞ্জন
ধুঁৱলীৰ আৰত এয়া কোনে চটিয়াইছে
দুবৰিত হেঙুলি কিৰণ ?

✍🏻সীমা ৰবি দাস 
বিশ্বনাথ চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)