নাহিবা চোন ইমান কষ্ট কৰি
অকণমান সময় অপেক্ষা কৰা
তোমাৰ সকলো কথাই শুনিম।
ৰ'দালিয়ে হাঁহিলেহে ভাল লাগে
সেই হাঁহিয়েই চোন তোমাৰ আৰু মোৰ প্ৰেৰণা জীয়াই থকাৰ
ইমান উত্ৰাৱল নহ'বা চোন
ক্ষন্তেকৰ বাবে অপেক্ষা কৰা ।
ৰ'দালিয়ে হাঁহিলে তুমি মোক
কাণে কাণে সকলো কবা
মোৰো কবলগীয়া বহু কথাই আছে
অ' অচিনাকী চৰাইজনী
অপেক্ষা কৰিবলৈ কোৱা বাবে
অভিমানী নহ'বা দেই ক্ষন্তেকতে
তুমি চোন জানাই ময়ো অভিমানী
তোমাৰ কষ্ট চাব নোৱাৰোঁ বাবেইতো
তোমাক ৰ'দালিয়ে হাঁহিলে মোৰ কাষলৈ আহিব কৈছোঁ ।
এতিয়া ঘূৰি যোৱা তুমি
ৰ'দালিয়ে হাঁহি উঠালৈ অপেক্ষা কৰা
মইয়ো আগ্ৰহেৰে অপেক্ষা কৰিম
তুমি গীত জুৰি মোৰ কাষলৈ অহালৈ
ৰ'দালিৰ হাঁহি আৰু অকণমান অভিমান
তোমাৰ আগমনত সেয়া জানো নুবুজা তুমি
অ' মোৰ অভিমানী অচিনাকী চৰাইজনী।
◾দিপশিখা ৰাজকোঁৱৰ!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ