খদৌ-মদৌ লাগিল
দেখা পালো হলৌ এটা উঠিল
নিয়ৰৰ সলনি গৰম পানী সৰিল ।
বিয়লি কুলু কুলু বৈ থকা
প্ৰবাহমান নুমলীগড়ৰ
মিঠা পানীৰ জুৰিটি
ডিব্ৰুগড়ত নিথৰ হৈ পৰিল ।
দুখৰ চকুপানী শীতল নিয়ৰ হৈ সৰিল ।
গধূলি মনত পৰিল
ঘৰৰ ঘূণে ধৰা মাৰলিত
চূণ পানীৰ প্ৰয়োজন ।
ঘূণবোৰ এদিন নিশ্চয় মৰিব ।
✍️সৌৰভ কুমাৰ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ