লিমাৰিক-ফাৰুক হুছেইন

Rinku Rajowar
0
লিমাৰিক নং ১

১ম শ্ৰেণীৰ বাবুৰ বাবে প্ৰয়োজন এটা টিউটৰ
এই লৈ পতি পত্নীৰ লাগিল মস্ত জগৰ
উপায়ন্তৰ হৈ পতি
পত্নীৰ কথাত দিলে সন্মতি
টিউটৰ পত্নী পলাল দুয়ো চৌদিশে বিয়পিল খবৰ।

লিমাৰিক নং ২

পাকঘৰৰ পৰা সুধিলে মায়ে "কি কৰিছ বোপাই?"
পঢ়া টেবুলৰ পৰা উত্তৰ আহিছে "পঢ়ি আছোঁ আই "
বোপাই পঢ়ি থকা শুনি
লৈ আহি গাখীৰ কণী
দেখে বোপাইয়ে কৰি আছে কাৰোবাৰ sms ৰ ৰিপ্লাই।


লিমাৰিক নং ৩
ছোৱালী জনীৰ আঙুলি কাটিলে কৰে কি উপায়?
কটা ঘাঁত লগাবলৈ মলম বা নাৰ্জীপাতো নাই,
হৈ আছে ৰক্তপাত
ছোৱালী জনীও নিমাত,
ইনষ্টা আৰু এফ.বিত আঙুলিৰ ষ্টেটাচ লগাই।

লিমাৰিক নং ৪
গুৱাহাটীৰ বৰমতা দৰা আৰু হাউলীৰ ডিমান্ডিং কইনা,
আগদিনাখন ভাগিল বিয়া লৈ জোৰোণৰ গইনা,
নিউজ চেনেলত ভাইৰেল,
ক্লিনিকপ্লাছ ও নাইটিৰ খেল,
বিয়াতো নাছিল সেয়া আছিল পাব্লিছিটিৰ পৰিকল্পনা।

লিমাৰিক নং ৫
বৰ্তমানৰ ছোৱালীবোৰ বৰ বুদ্ধিমতি,
নিজেই বিচাৰে নিজৰ হ'ব লগা পতি,
ক'লা হ'লেও হ'ব,
বুঢ়া হ'লেও হ'ব,
থাকিব লাগিব কিন্তু প্ৰচুৰ ধন সম্পত্তি।
    

  ✍️ ফাৰুক হুছেইন
      হাউলী,বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)