পুৰ্ণতাপ্ৰাপ্তিৰ মৰিচিকাৰ
পিছত দৌৰি,
সময়ৰ প্ৰত্যাহ্বানকো
আওঁকান কৰি,
ক'ৰবাত যেন নিজকে
হেৰুৱাই দিও।
হাঁহিবোৰ মৰহি নগৈ,
ধৰি ৰখাৰ যেন গভীৰ হেঁপাহ আছিল।
প্ৰতিটো পুৱা ৰংবিৰঙী ফুলখিনিক চাওঁ,
হেপাহ পলুৱাই চাওঁ ।
জকমকাই থকা ফুলখিনিক
কাণে কাণে সোধো ,
সুগন্ধি পখিলাই মৌ চুহি যায়
তথাপি ইমান সুন্দৰতা কিয়?
ৰ'দত জাঁপ খাই মৰহি উঠা পাহি কেইটাও পানীৰ পৰশ পাই তজবজীয়া হৈ যোৱাৰ ৰহস্যটোনো ক'ত?
মৃদু বতাহৰ লগত হালি-জালি মিচিকিয়াই ফুলপাহে যেন মোক কয়
অস্থায়ী জীৱন এপাহি সুখ এপাহি দুখক জিনি,
সুখৰ হাঁহিত মতলীয়া আমি
হয়তো!
তেতিয়া এনে লাগে যেন
মৃত্যুও এতিয়া সহজ,
আৰু সুখবোৰো যেন একেবাৰেই সহজ,
ঠিক পাতৰ মাজত
আমাক বিচাৰি পোৱাৰ দৰেই।
✍🏻স্নিগ্ধা বৰুৱা।
খনিকৰ গাওঁ
জিলা-গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ