গল্প-অপ্ৰাপ্তি•জুপিতৰা দাস

Rinku Rajowar
0
আজি চাৰিওফালে ব্যস্ততাৰ কোলাহল , ৰবলৈ যেন কাৰো আহৰি নাই। তাৰ মাজতো সদায়ে ৰোৱাৰ দৰে অংশুমানে বাছষ্টপত আজিও ৰৈ আছে কাৰোবাৰ অপেক্ষাত। প্ৰায় এমাহ আগতে সি তাইক এই বাছ ষ্টপতে লগ পাইছিল। অংশুমানৰ কেতিয়াও আগতে ছোৱালীৰ চকুত চকু থোৱা মনত নপৰে আচলতে সি এইবোৰৰ পৰা আঁতৰিয়ে ফুৰে। কিন্তু সিদিনা তাৰ হঠাতে এজনী ছোৱালীৰ চকুত চকু পৰিল। এখন পাতল নীলা শাৰীৰ সৈতে এজুৰি সজল চকু আৰু  মুখত এটি লাজকুৰীয়া হাঁহিৰে ছোৱালীজনী আহি তাৰ কাষৰ চিটত বহিল। সি তাইৰ ফালে এপলকৰ বাবে যেন চাই ৰ'ল। " আপুনি কলৈকে যাব?" বুলি সোধাতহে তাৰ সম্বিত ঘূৰি আহিল। সি বেছি কথা নকৈ “পানবজাৰত নামিম” বুলি কৈ থলে।  ছোৱালীজনীয়ে তাৰ কথাত যেন উৎসুক হৈ কৈ গ'ল “ভালেই হ'ল দিয়ক ময়ো তাতেই নামিম আচলতে মই ইয়াতে নতুনকৈ আহিছোঁ ঠাইবোৰ ভালকৈ চিনাকি হোৱাই নাই আপুনি তাত নামিলে মোৰো সুবিধা হ'ব”।
 তাইৰ কথাত সি একো উত্তৰ নিদিলে। তাই তাৰ ফালে চাই আকৌ সুধিলে “আপুনি ইয়াৰে নেকি? আপোনাৰ নামটো?”  কেতিয়াও ছোৱালীৰ চকুত  চকু থৈ  কথা নোকোৱা অংশুমানে অলপ অস্বস্তি অনুভৱ কৰিলে তথাপি উত্তৰ নিদিলেও নহয় বুলি সি  “হয়” বুলি কৈ থলে। তাই পিছে নেৰিলে “আপোনাৰ নামটো নক'লে  যে”?
“অ'মোৰ নাম অংশুমান বৰা।” নামটো কৈ সি চিটটোত হাউলি চকু দুটা মুদি দিলে যাতে সি আৰু প্ৰশ্নৰ সন্মুখীন হ’ব লগা নহয়।  তেনেকে কেতিয়ানো আহি পাণবজাৰ পালে সি গমে নাপলে । ছোৱালীজনীৰ পিনে চাই সি ক'লে “আমি ইয়াতে নামিব লাগিব।” বাছৰ পৰা নমাৰ পিছত তাই তাক “ধন্যবাদ দেই আকৌ লগ পাম” বুলি কৈ খোজ ললে । সি মনতে ভাবিলে আজি ভাল বাচিলোঁ ।
এখন ভিতৰুৱা গাঁৱৰ পৰা গুৱাহাটীলৈ ডাক্তৰ পঢ়িব অহা অংশুমান ল'ৰাটো বৰ সহজ সৰল। বন্ধু বুলিবলৈ প্ৰণৱৰ বাহিৰে তেনে কোনো নাই। হোষ্টেলৰ অত্যাচাৰ সহিব নোৱাৰা বাবে প্ৰণৱে তাক ভাড়াঘৰ এটা দেখুৱাই দিছিল। প্ৰণৱ আন বোৰৰ দৰে নহয় সেইবাবে অংশুমানৰ তাক ভাল লাগে। ৰূমলৈ আহি ভাত কেইটা খাই দিনটোৰ ভাগৰত অংশুমান বিচনাখনতে শুই পৰিল। বিচনাখনত পৰিলেই জীৱনৰ নানা চিন্তাই তাক আগুৰি ধৰে। তথাপি সি শুবলৈ চেষ্টা কৰিলে। হঠাতে সি সাৰ পাই সময়টো চালে ১.৪৫ বাজিছে।  সি আকৌ শুবলৈ চেষ্টা কৰিলে হঠাতে তাৰ দিনত লগ পোৱা ছোৱালীজনীৰ কথা মনত পৰিল। সি তেনে চকু কেতিয়াও দেখা নাই। চঞ্চল বতাহ জাকৰ দৰে তাইৰ চকুৰ চাৱনি আৰু হাঁহিটো.... এইবোৰ মই কি ভাবিছোঁ কি হৈছে মোৰ..! অংশুমানৰ আগতেটো কেতিয়াও এনে হোৱা নাই। প্ৰেমৰ সংজ্ঞা সি বহুতৰ মুখত শুনিছে কিন্তু এদিন বাছত লগ পোৱা ছোৱালীজনীৰ লগত কেনেকৈ  তাৰ প্ৰেম হব পাৰে আৰু সি তো তেনে ল'ৰা নহয়। কিন্তু তাইৰ সেই চকু , হাঁহিটিয়ে তাক কিয় আমনি কৰিছে। সি আৰু শুব নোৱাৰিলে। পিছদিনা ৰাতিপুৱা সি তাৰ কামত ওলাই গ'ল। সি উৎকণ্ঠাৰে দিনটো পাৰ কৰি সন্ধিয়া হোৱাৰ আগতেই বাছষ্টপ পালে। বহু সময় ৰোৱাৰ পিছত বাছ খন আহিল কিন্তু সি যাৰ বাবে অতপৰে ৰৈ আছিল তাই নাহিল। প্ৰথম বাৰৰ বাবে সি কোনোবা ছোৱালীৰ বাবে অপেক্ষা কৰিছিল। সি নিৰাশ মনেৰে বাছ খনত উঠিল। ৰূমলৈ আহি সি তেনেকে বিচনাত পৰিল কিন্তু গোটেই ৰাতি তাৰ টোপনি নাহিল। পিছদিনাও সি একেই আগ্ৰহেৰেই তাইৰ অপেক্ষাত ৰৈ থাকিল সেইদিনাও তাই নাহিল। আজি প্ৰায় এমাহ হ'ল সি তাইৰ বাবে  ৰৈ থকা কিন্তু তাই আজিও নাহিল। সি প্ৰথম বাৰৰ বাবে কাৰোবাৰ এজুৰি সজল চকুৰ প্ৰেমত পৰিছিল। এই এমাহে সি ভালকৈ খাব পৰা নাই শুব পৰা নাই আনকি কামতো মন দিব পৰা নাই। বিচনাখনত শুই থাকিব নোৱাৰি সি চোতাললৈ ওলাই আহিল। জোনাক নিশা চোতালত বহি তাৰ নিজৰ ঘৰখনলৈ মনত পৰিল। সৰুতে চোতালত বহি আইতাকৰ লগত সাধু শুনা দিনবোৰ কিমান যে মধুৰ আছিল। বহুদিন পিছত সি আজি জোনটো ভালকৈ চালে। তাইও জোনটোৰ দৰে ধুনীয়া আছিল নেকি? নাই নহয় তাতোকৈ বেছি... তাইৰ সেই হাঁহিটো , ঢৌ খেলা চুলি  আৰু নীলা শাৰী খনৰ সৈতে তাইক দেখাত ঠিক পৰি যেনেই লাগিছিল ! হয় তাই এই পূৰ্ণিমাৰ জোনটিতকৈ ধুনীয়া আছিল। কিন্তু হঠাৎ কেনেকৈ হেৰাই থাকিল? তাইতো তাক আকৌ লগ পাম বুলি কৈছিল। 
সিদিনাও ঠিক একেদৰে তাইৰ ভাৱনাত বিভোৰ হৈ থাকোঁতে হঠাতে তাৰ ফোনটো বাজি উঠিছিল। প্ৰণৱৰ সেই ফোনটোৱে যে তাৰ জীৱনলৈ অমানিশা নমাই আনিব সি ভবাই নাছিল। সি ফোনটো ৰিচিভ কৰিছিল “হেল্লো, কি হ'ল  ইমান ৰাতি ফোন কৰিলি যে?” সেইফালৰ পৰা প্ৰণৱৰ কণ্ঠত ভাঁহি আহিছিল “emergency কেচ এটা আহিছে। তই ৰেডী হৈ থাক মই গৈ আছোঁ তোৰ তালৈকে আমি মেডিকেল যাব লাগিব। তোক মই লৈ যাম।” আগে পিছেও কেতিয়াবা সিহঁত তেনেকৈ যাব লগা হয় সেইবাবেই অংশুমানে বেছি নাভাবিলে। কিছু সময় পিছত প্ৰণৱ আহি আহিল আৰু দুয়ো গৈ মেডিকেল পালে। গৈ দেখে যে পুলিচে কাৰোবাৰ ডেডবডী এটা আনিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। পুলিচৰ মুখেৰে গম পালে যে ছোৱালী জনী প্ৰায় ১ সপ্তাহ আগতে নিৰুদ্দেশ হৈছিল। বহু তদন্তৰ অন্তত আজি বডীটো বিচাৰি পালে। সিহঁত দুয়ো পৰীক্ষা গৃহলৈ গ'ল। কাপোৰখন গুচাই  চাই অংশুমানৰ মূৰটো ঘূৰাই গ'ল। সি নিজৰ চকু দুটাকে বিশ্বাস কৰিব পৰা নাই কি দেখিছে সি এইবোৰ? ইমান দিনে সি যাৰ বাবে ঘণ্টা জুৰি বাছষ্টপত অপেক্ষা কৰিছে সেই ছোৱালীজনী.... নাই নাই নহয়.. ! সি তাইৰ ওচৰলৈ গৈ এবাৰ ভালকৈ চালে। হয় সিদিনা লগ পোৱা নীলা শাৰীখনৰ সৈতে সি বিচাৰি ফুৰা ছোৱালীজনী। কিন্তু আজি তাইৰ মুখত সেই বুকু বিন্ধি যোৱা হাঁহিটো নাই, চকুৰ গুৰিবোৰ ক'লা পৰিছে মুখ আৰু দেহৰ বিভিন্ন ঠাইত দাগ। আকৌ লগ পাম বুলি কোৱা ছোৱালীজনী যে এনেকুৱা এটা অৱস্থাত লগ পাব সি কল্পনাও কৰিব পৰা নাই। সি প্ৰণৱক ক’লে “তই যি কৰ কৰ মই নোৱাৰিম একো কৰিব । প্ৰণৱে আচৰিত হৈ সুধিলে “কিন্তু কিয় ?”অংশুমানে প্ৰণৱক সকলো বিৱৰি কলে। প্ৰণৱে হুমুনিয়াহ কাঢ়ি তাক বুজনি দিছিল “মই তোৰ মনৰ অৱস্থা বুজিছোঁ কিন্তু কি কৰিবি এতিয়া আমাৰ হাতত কৰিব পৰা একো নাই। তই নিজকে চম্ভালিব লাগিব।”
অংশুমানে নিজকে চম্ভালি লৈ তাইৰ মৰণোত্তৰ পৰীক্ষা কৰি পুলিচক গোটেই দিলে। শেষ বাৰৰ বাবে সি তাইক হেঁপাহ পলুৱাই চাইছিল। ইতিমধ্যে ছোৱালীজনীৰ ঘৰৰ মানুহো আহি পাইছিল। সকলোবোৰ কাম শেষ কৰি প্ৰায় ৩ মান বজাত সিহঁতে ৰূম আহি পাইছিল। অংশুমানৰ এতিয়াও সপোন দেখি থকা যেনেই লাগি আছে। কেনেকে মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰে! ইমান মৰম লগা ছোৱালী এজনী এনেকৈ মাৰি পেলোৱাৰ সময়ত সিহঁতৰ হাত কেইখন এবাৰো কঁপি নুঠিল নে ? প্ৰণৱ সিদিনা তাৰ তাত লগতেই থাকিল। 
তাক অকলে এৰি থৈ যাবলৈ প্ৰণৱৰ ভাল নালাগিল। ৰাতিপুৱা শুই উঠিয়েই অংশুমানৰ পেপাৰ পঢ়াৰ অভ্যাস। আনদিনাৰ দৰে সিদিনাও সি পেপাৰ খন হাতত ল'লে।সিদিনা পেপাৰ খনৰ শিৰোনামত কোনো ৰাজনৈতিক কথা নাছিল ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল “মহানগৰীত ২০ বছৰীয়া ছোৱালী এজনীৰ মৃতদেহ উদ্ধাৰ , নলাত পেলাই গ'ল মৃতদেহ। নিজৰ সপোন পূৰণৰ বাবে আপোন ঘৰখন এৰি চহৰলৈ আহিছিল স্নিগ্ধা। কিন্তু কলেজৰ পৰা আহি থকা অৱস্থাত কোনোবা দুৰ্বৃত্তই ধৰ্ষণ কৰি মাৰি পেলাই থৈ যায় মৃতদেহটো।” অংশুমানৰ আৰু পিছৰ কথাখিনি পঢ়িবলৈ সামৰ্থ নাছিল। স্নিগ্ধা নামটোৰ দৰে তাইও জোনটোৰ দৰেই ধুনীয়া আছিল। আজি জোনটো দেখি সি আকৌ উভতি গৈছিল অমানিশাৰ সেই ৰাতিটোলৈ। আজি প্ৰায় এমাহ হ'ল। অংশুমানে জানে তাই আৰু কেতিয়াও সেই বাছ ষ্টপলৈ নাহে কিন্তু সি তাইৰ সেই চকুজুৰি আজিও বিচাৰি ফুৰে। তাইলৈ বাট চায় সদায় ৰোৱাৰ দৰে আজিও ৰয় কিজানিবা “আকৌ লগ পাম দেই” বুলি কৈ যোৱা ছোৱালীজনী উভতি আহেই ।

✍️জুপিতৰা দাস
 জিলা - বাক্সা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)