স্বাগতম ফাগুন -নবীন চন্দ্ৰ মেধি

©Admin
0
আই সৰস্বতীয়ে দিলেহি
ফাগুনৰ বতৰা , 
তাতে আকৌ প্ৰেমৰ দিন 
মোহিনী ৰূপী নাৰী 
ভোলানাথেও তত নাপায় য'ত 
পুৰুষে কি পাব পাৰ 
নাৰীৰ মহিমা যে অপাৰ 
পলাশ ফুলা দেখা পাই 
গা কৰে ৰাই জাই 
পছোৱা বতাহ বলিছে 
ৰূপহী গাভৰুহঁতক লাজতহে পেলাইছে । 
পলাশ শিমলু কৃষ্ণচূড়াৰ হাঁহি
শ্ৰীকৃষ্ণই বজাবহি মোহন বাঁহী 
উলাহতে নধৰে ৰমণীৰ হিয়া 
হে প্ৰাণনাথ মৰম অকণ দিয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)