BEST FRIEND- শ্রীদানিয়েল ওৰাং

©Admin
0
সিদিনা খন ৰাতিপুৱা শুই উঠি খিৰিকিখন খুলি দিয়াৰ লগে লগে ৰূমটোলৈ এজাক চেঁচা বতাহ সোমাই আহিল আৰু এয়া যে শৰতৰ আগমন।  পৰিৱেশটো তেতিয়া শেৱালিৰ সুগন্ধত আমোল -মোল।  নীৰৱে সুবাস বিলাই যোৱা তলসৰা শেৱালিৰ সৌন্দৰ্য হেনো দুৱৰিৰ দলিচাত শেৱালিক আদৰিবলৈকে যেন কুৱলীয়ে গুঠে মুকুতাৰ মালা। তেতিয়া পুৱা পাঁচটা বাজিছিল।  আশিস দেউতাকৰ  চিঞৰত পঢ়িবলৈ উঠিল।  এইসময়ত আশিস অসম হাইস্কুল শিক্ষান্ত  পৰীক্ষাৰ বাবে সাজু হৈ আছিল।  কিন্তু খিৰিকি খন খুলি তেওঁ তলসৰা শেৱালিবোৰলৈ চাই কৰি গ'ল বহু মধুৰ কল্পনা। অলপ সময় পঢ়ি স্কুললৈ বুলি সাজু হ'ল।  শ্রেণী কোঠাটোলৈ নিজৰ বহা ঠাইত বেগটো থৈ তেওঁ বিচাৰি গ'ল তেওঁ  নিজৰ প্রিয় বন্ধু ৰাহুলক । ক্লাছ আৰম্ভ হ'বলৈ তেতিয়া ১০ মিনিট বাকী আছিল।  
         আশিস আৰু ৰাহুল দুয়োজন অতি নলে-গলে লগা বন্ধু। এজনক এৰি আনজন থাকিব নোৱাৰে। স্কুলৰ প্রতিটো কামেই যেনে - খেলা -ধূলা, পঢ়া-শুনা, নাচ-গান সকলোবোৰ মিলিজুলি কৰে। মুঠৰ ওপৰত এজনক এৰি যেন আনজনৰ কোনো অস্তিত্ব নাই। আজি কেইদিনমান হ'ল ৰাহুলৰ  জানো কি হৈছে মনটো বৰ  মাৰি মাৰি থাকে। কেতিয়াবা কিছুমান কিবা কিবি কথাও কৈ থাকে। তেওঁক এনেদৰে দেখি আশিস ও হৈ পৰিছে চিন্তিত। কিন্তু তেওঁ কৰিব কি? তেওঁ যিবোৰ সমস্যা সেয়া তেওঁ মনে -প্রাণে চেষ্টা কৰিলেও সমাধান কৰিব নোৱাৰে। তথাপিও আশিস নিজৰ সামর্থ্য অনুযায়ী বুজাইছিল ৰাহুকক। ৰাহুল  নিজেই প্রায়বোৰ কথাই বুজি পায়,  কিন্তু এক প্রকাৰ মানসিকভাৱে যে ভাঙি পৰিছে তেওঁ। 
মানসিকভাৱে ভাঙি পৰিলে হেনো দুৰ্বাৰ মনক সুস্থ কৰিবলৈ বিশ্বাস কৰিবলৈ , অশেষ কষ্টৰ প্ৰয়োজন।  ভাবিয়ে শিয়ৰি উঠিল আশিস । তথাপি তেওঁ চেষ্টা কৰিব।  নিজৰ বন্ধুক এনেদৰে ভাঙি পৰিবলৈ নিদিয়ে তেওঁ। আশিসৰ ঘৰত তেওঁৰ মা- দেউতা,  এজন ককাই আৰু এজনী বাই মুঠতে পাঁচজনৰ পৰিয়াল। দেউতাকে ওচৰৰ বাগিছাত  মহৰিৰ কাম কৰে। বায়েকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ বৰ্তমান  ঘৰত আছে। ডাঙৰ ককায়েক স্নাতক ডিগ্ৰী লৈ বৰ্তমান ঘৰতে আছে।  আশিস এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ।  সেয়ে তেওঁ পঢ়িছে খুব মনোযোগেৰে। জীৱনৰ এক গুৰুত্বপূৰ্ণ তথা কঠিন স্তৰ পাৰ কৰিবলৈ ওলাইছে। কিন্তু  এনেকৈ যদি ভাঙি পৰে কেনেকৈ হ'ব। আশিস নিজৰ সকলো দুখ -কষ্ট বাদ দি বুজাবলৈ ধৰিলে আশিস ৰাহুকক অতবোৰ বুজনিক আওকাণ কৰি, নিজৰ হিয়াত একুৰা জুই লৈ,  এক প্ৰকাৰৰ জেদী হৈ উঠিল ৰাহুল । নাজানো সেয়া তেওঁৰ জেদী নে অভিমান, নে অন্য কিবা আছিল।  কিন্তু সেই ভুলৰ যে শাস্তিও পাব লাগিব তেওঁক । আশিসৰ অন্তৰত আঘাত দি তেওঁ বহু কষ্টত দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। টেষ্ট পৰীক্ষা নিদি কি হেৰুৱাইছে উপলব্ধি কৰিলে। ফাট মেলি ধৰিলে সিহঁতৰ মাজত থকা  (BEST FRIEND)ৰ এনাজৰীটো। (BEST FRIEND)ৰ দৰে পৱিত্র সম্পৰ্কক জানো ইমান হঠাতে পাহৰাটো সম্ভৱ।  নিশ্চয় নহয়,  অন্যৰ কাৰণে কি নাজানো কাৰণ সকলোৰে চকুত সম্পৰ্ক বেলেগ যিকোনো সম্পৰ্ক দীর্ঘস্থায়ী হোৱাটো যদি কামনা কৰে। তেন্তে সেই সম্পৰ্কত বিশ্বাস আৰু বুজাবুজিৰ খুবেই প্ৰয়োজন। সেইদৰে এবাৰ কাৰোবাৰ বিশ্বাস ভাঙি গ'লে জোৰা দিয়াটো বৰ কষ্ট বা কঠিন।  আশিস ভাঙি পৰিছিল একেবাৰে। কিয় ৰাহুলৰ এনে আচৰণ, বুজনি দিছিল দেউতাকে তেওঁ এজন সাধাৰণ মানুহ বাগিছাত পাত চিঙা কৰ্মচাৰী। ল'ৰাটোৰ দুখবোৰ দেখি চেষ্টাও কৰিছিল তেওঁ কিবা কৰিব পাৰে নেকি?  তেখেত সুখীও হৈছিল যে খেলি -মেলি হৈ যোৱা সম্পৰ্কক চম্ভালিবলৈ যত্ন কৰা দেখি। ৰাহুলৰ ঘৰত ৰাহুল আৰু তেওঁৰ  সৰু ভনী এজনী আৰু  দেউতা থাকে মাৰাই সৰুতে এই সংসাৰ এৰি গুচি যায়। মাক নোহোৱা ল'ৰা- ছোৱালীক বৰ কষ্টৰে দেউতাকে ডাঙৰ - দীঘল কৰিলে। এতিয়া তেওঁ নিজে বুজা হৈ উঠিছে আনকি আনক বুজাব পৰা হৈছে। আশিসৰ দৰে এজন ভাল বন্ধু পাইছে। আশিস সোনকালে উঠি গা-পা ধুই স্কুললৈ বুলি ওলাই গ'ল।  বহুপৰ অপেক্ষা কৰিও ৰাহুল স্কুলত উপস্থিত নোহোৱা দেখি এক প্রকাৰৰ চিন্তাত পৰিল আশিস। ইতিমধ্যে পাঠদানো আৰম্ভ হৈছে। কিন্তু ৰাহুল নাহিল আশিসৰ মনটো সেমেকি পৰিছে লাহে লাহে। কি হ'ল নো অহা নাই ৰাহুল। ইফালে- সিফালে নলে-গলে লগা বন্ধুজন হঠাত নহাত সকলোৱে তেওঁক এক প্ৰকাৰৰ প্রশ্নবোধক কৰি পেলাইছে। কি কৰে তেওঁ এতিয়া এটা ক্লাছ কৰি স্কুলৰ পৰা ছুটি লৈ একেবাৰে তেওঁ ৰাহুলৰ ঘৰ পালেগৈ। কিন্তু..... এয়া কি? দুৱাৰত দেখোন এটা প্ৰকাণ্ড তলা।  হঠাতে নিশাহঁত গ'ল ক'লৈ?  মনত বহুতো প্রশ্ন লৈ তথা এটা বেদনাসিক্ত মন লৈ উভতি আহিল আশিস।  
            বন্ধুত্বৰ এনাজৰী ডাল কেতিয়াও খালী নাথাকে
                জীৱনৰ প্রতিটো ক্ষণত ......
            মই তোমাৰ লগত থাকিম বন্ধু ।
                এই সুন্দৰ ধৰাত বহুতো কল্পনাৰ ছবি দেখিছিলো আমি 
            তুমিনো ক'ত আছা বন্ধু ?
                  সৰুৰে পৰা অলেখ ৰঙীন সপোন দেখি আহিছোঁ। 
             আজি তোমালৈ বহুত মনত পৰিছে।
                জানানে মই অনাই - বনাই হৈ ফুৰি আছো 
             য'তে -ত'তে তোমাৰ কথাবোৰ ভাবি ভাবি। 
            সোনকালে ঘূৰি  আহা বন্ধু 
        বাট চাই আছো তোমালৈ নঙলাৰ সিপাৰৰ পৰা। 
   
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)