লাইশাকেৰে ৰন্ধা মুৰ্গী মাংসৰ জুতি-ৰঞ্জু গায়ন(বৰুৱা)

©Admin
0
উপকৰণ : 
কুকুৰা মাংস :- ১ কেজি
লাইপাত :- ৪/৫ খন
আলু :- ১টা
বিলাহী :- ২ টা
পিঁয়াজ :- ৪/৫ টা
আদা. নহৰু পেষ্ট :-১ চামুচ
কেঁচা জলকীয়া :- ২/৩ টা, অকণমান জালুক গুড়ি
মিটমচলা , জিৰা গুড়ি, ধনিয়া গুড়ি জোখমতে ধনিয়া পাত : - ১ মুঠি

     প্ৰণালী :- মুৰ্গী মাংসখিনি ভালদৰে ধুই মচলাখিনি সানি ল’ব ৷ কেৰাহী পাতি লাইপাতকেইটা অলপ লেৰেলাই ল’ব ৷ এতিয়া কেৰাহিত তেল দি কটা পিঁয়াজ আৰু আদা,নহৰু পেষ্টখিনি দিব ৷ ৰঙচুৱা হোৱাৰ পিছত মুৰ্গী মাংসখিনি আৰু আলু দিব ৷ অলপ ভাজ খোৱাৰ পিছত লাইপাত আৰু বিলাহীকেইটাৰ লগত জলকীয়া ফালি দি ঢাকি দিব ৷ মাজে মাজে লৰাই থাকিব ৷ হিচাপ অনুসৰি পানী দি মাংসখিনি ঢাকি দি সিজিবলৈ দিব ৷ আধাঘণ্টামানৰ পিছত মুৰ্গী মাংসখিনি সিজি আহিলে ওপৰত অলপমান ধনিয়া পাত কাটি দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)