অকণমান সময় ৰোৱা•দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
সপোনটো সম্পূৰ্ণ হোৱালৈ
আৰু অকণমান সময় ৰোৱা
ভালকৈ কথা পতা হোৱাই নাই
দুচকুৰে ভালকৈ চাবই পৰা নাই।
সাহস দিবলৈ যেতিয়া কোনো
কাষত নাথাকে তেতিয়া তোমালৈ বৰকৈ মনত পৰে 
উশাহ ল'বলৈ নোৱাৰা হৈ যাওঁ
স্তব্ধ হৈ ৰও তোমাৰ অবিহনে।
অকণমান সময় ৰব নোৱাৰিবানে
মোৰ সপোন পূৰ হোৱালৈ 
কল্পনা কৰি দেখা দিঠকৰ সপোনত
তোমাক প্ৰাণ ভৰি চাই ল'ব দিয়ানা
ইমানকৈ অভিমান নকৰিবানা।
কিমানদিন এনেকৈ উচুপি থাকিম
আৰু কিমানদিন অভিমান কৰিম 
এদিন ময়ো তোমাৰ ওচৰলৈ গুছি যাম
একেলগে কান্দিম আৰু
একেলগে অভিমান কৰিম ।
লৈ যোৱা দেউতা মোক
তোমাৰ পঁজাটিৰ ওচৰলৈ
তোমাৰ লগত থাকিলে হয়তো
মোৰ অভিমানবোৰ কোনেও
কেতিয়াও অসহ্য কৰিবলগীয়া নহ'ব
অকণমান সময় ৰোৱা দেউতা
দিঠকৰ সপোন পূৰ হোৱালৈ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)